ইণ্ডিগ’ এয়াৰলাইনছৰ শেহতীয়া বিমান বাতিলৰ ঘটনাৰ পাছত যাত্ৰীসকলে গৰ্বা নৃত্য পৰিৱেশন কৰিছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Misleading Social

ইণ্ডিগ’ এয়াৰলাইনছৰ একাধিক বিমান বাতিলৰ পাছত ছ’চিয়েল মিডিয়া বিভিন্ন ভিডিঅ’ আৰু ফটোৰে উপচি পৰিছে য’ত যাত্ৰীসকলে পৰিস্থিতিক লৈ নিজৰ হতাশা আৰু ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। এই পটভূমিত এটা বিমানবন্দৰত গৰ্বা নৃত্য পৰিবেশন কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰে যে একাধিক বিমান বাতিলৰ পিছত গোৱা বিমানবন্দৰত যাত্ৰীসকলে এইদৰে গৰ্বা নৃত্য পৰিৱেশন কৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি এটা ফেচবুক পেজত লিখা হৈছে এইদৰে, “দেশজুৰি ইণ্ডিগ’ বিমান সেৱাৰ অচলাৱস্থা। বিমান বাতিলৰ পাছতে গোৱা বিমানবন্দৰত গৰ্বা নৃত্য কৰিলে যাত্ৰীয়ে।”

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত এন ডি টিভিত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা ফটো সংলগ্ন কৰা হৈছিল। 

প্ৰতিবেদনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “কৰ্মসূত্ৰে গোৱালৈ গৈছিল ময়ুৰ। কিন্তু তেওঁ সোনকালে কাম সামৰি চুৰাটলৈ উভতি আহি দেৱী দুৰ্গাৰ সন্মানত পালন কৰা ন দিনীয়া উৎসৱ নৱৰাত্ৰি উদযাপন কৰিবলৈ বিচাৰিছিল। তেওঁ ৰেলৰ টিকট বুকিং কৰিছিল যদিও সেৱা পলম হোৱাৰ বাবে ৰেলৰ টিকট বাতিল কৰি তাৰ পৰিৱৰ্তে বিমানৰ টিকট বুকিং কৰিলে। তেওঁক আচৰিত কৰি আনকি বিমানখনো পাঁচ ঘণ্টা পলম হ’ল। কিন্তু সেইটোৱে ময়ুৰ আৰু তেওঁৰ সতীৰ্থ যাত্ৰীসকলৰ মনোবল ম্লান কৰিব নকৰিলে। গোৱা বিমানবন্দৰক মেলালৈ ৰূপান্তৰিত কৰি সকলোৱে একেলগে গৰ্বা পৰিবেশন কৰে।

দেওবাৰে সন্ধিয়া ৫ বজাত গোৱাৰ পৰা চুৰাট অভিমুখী বিমান যাত্ৰাৰ কথা আছিল। যাত্ৰীসকল চুৰাটলৈ গৈ নৱৰাত্ৰিৰ উৎসৱ বিশেষকৈ গৰ্বাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী আছিল। কিন্তু কাৰিকৰী সমস্যাৰ বাবে বিমানখন পলম হয়।

যাত্ৰীসকলৰ ভিতৰত অন্যতম ময়ুৰে চুৰাট পোৱাৰ আগ্ৰহ প্ৰকাশ কৰে এগৰাকী বিমান পৰিচাৰিকাক আৰু সেই কথাই বিমানবন্দৰত উদযাপনৰ দুৱাৰ মুকলি কৰি দিলে।

বিমান পৰিচাৰিকাই গৰ্বাৰ বাবে সকলোকে একত্ৰিত কৰি স্পীকাৰৰ ব্যৱস্থা কৰিলে। বিমান সংস্থাৰ কৰ্মচাৰীকে ধৰি সকলোৱে লোকগীতত নৃত্য কৰা ভিডিঅ’ ভাইৰেল হৈছে।”

একেধৰণৰ ফটো সংলগ্ন এক প্ৰতিবেদন প্ৰকাশ পাইছিল ইণ্ডিয়া টিভিত যোৱা ৩০ ছেপ্টেম্বৰত। প্ৰতিবেদন অনুসৰি চুৰাট অভিমুখী বিমান পলম হোৱাৰ ফলত গোৱা বিমানবন্দৰত এইদৰে যাত্ৰীসকলে গৰ্বা নৃত্য পৰিৱেশন কৰিছিল।

একেধৰণৰ এটা ভিডিঅ’ Business Today ইউটিউব চেনেলত আপলোড কৰা হৈছিল ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত।

আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইণ্ডিগ’ এয়াৰলাইনছৰ বৰ্তমান পৰিস্থিতিৰ সৈতে সম্পৰ্কিত নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। বিমানবন্দৰত যাত্ৰীসকলে গৰ্বা নৃত্য পৰিৱেশন কৰা ভিডিঅ’টোৰ ইণ্ডিগ’ এয়াৰলাইনছৰ বৰ্তমান বিমান বাতিলৰ ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই। ভিডিঅ’টো যোৱা ছেপ্টেম্বৰ মাহৰেই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইণ্ডিগ’ এয়াৰলাইনছৰ শেহতীয়া বিমান বাতিলৰ ঘটনাৰ পাছত যাত্ৰীসকলে গৰ্বা নৃত্য পৰিৱেশন কৰিছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Fact Crescendo Assamese 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *