মহাৰাষ্ট্ৰৰ পুৰণি ভিডিঅ’ ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ সময়ৰ বুলি ভাইৰেল।

False Social

শেহতীয়াকৈ এক বিশাল জন সমাগমৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া বিহাৰত ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ সময়ত সমবেত হোৱা জনতাৰ দৃশ্য।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ২২ জুনত এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। কেপশ্বন অনুসৰি ভিডিঅ’টো মহাৰাষ্ট্ৰৰ হিন্দকেশৰী পেড়গাঁৱ মৈদানৰ।

কিন্তু বিহাৰত ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰা আৰম্ভ হৈছিল যোৱা ১৭ আগষ্টত। গতিকে ভিডিঅ’টো ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ আগৰেই বুলি আমি নিশ্চিত হ’লোঁ।

একেটা ভিডিঅ’ আমি এটা ইউটিউব চেনেলত আপলোড হোৱা দেখিলোঁ যোৱা ৯ জুলাইত। 

একেধৰণৰ ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব য’ত উল্লেখ কৰা হৈছে যে সেয়া মহাৰাষ্ট্ৰৰ পেড়গাঁৱ হিন্দকেশৰী মৈদানত অনুষ্ঠিত এক গৰুগাড়ী দৌৰ প্ৰতিযোগিতাৰ দৃশ্য।

https://www.instagram.com/reel/DLbfxjITROb

আমি গুগল মেপত ঠাইখন জিঅ’লোকেট কৰিলোঁ আৰু দৃশ্যসমূহ চাই নিশ্চিত হ’লোঁ যে ভাইৰেল ভিডিঅ’টোত দেখুওৱা ঠাইখন হিন্দকেশৰী পেড়গাঁৱ মৈদান।

হিন্দকেশৰী পেড়গাঁৱ মৈদানত অনুষ্ঠিত গৰুগাড়ী দৌৰ প্ৰতিযোগিতা সম্পৰ্কে ইয়াত আৰু ইয়াত চাব পাৰিব।

অধিক তথ্যৰ বাবে আমি গৰুগাড়ী দৌৰ প্ৰতিযোগিতাৰ আয়োজকৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁলোকৰ পৰা সঁহাৰি পালেই আমি ইয়াত আপডেট কৰিম।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টো ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ সময়ত বিহাৰত সমবেত জনতাৰ নহয়। এই ভিডিঅ’টো মহাৰাষ্ট্ৰৰ হিন্দকেশৰী পেড়গাঁৱ মৈদানত অনুষ্ঠিত গৰুগাড়ী দৌৰ প্ৰতিযোগিতাৰহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মহাৰাষ্ট্ৰৰ পুৰণি ভিডিঅ’ ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ সময়ৰ বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Assamese 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *