হিমাচল প্ৰদেশৰ পুৰণি ভিডিঅ’ গুৱাহাটীৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।

False Social

কেইখনমান দোকান বানপানীত উটুৱাই নিয়াৰ ভিডিঅ’ এটা শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত অসমৰ গুৱাহাটীৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য দেখা গৈছে।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৩ চনৰ ১৮ জুলাইত এটা ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদনত ইংগিত পোৱা গ’ল যে ছবিখন হিমাচল প্ৰদেশৰ।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

পুনৰ অনুসন্ধান কৰি আমি ভাইৰেল ভিডিঅ’টো এটা ইউটিউব চেনেলত ২০২৩ চনৰ ১৭ জুলাইত আপলোড হোৱা দেখিলোঁ।

আন এটা ইউটিউব ভিডিঅ’ত দাবী কৰা হৈছে যে এই ভিডিঅ’টো ২০২৩ চনৰ ৯ জুলাইত হিমাচল প্ৰদেশৰ ছাইঞ্জ উপত্যকাৰ বানপানীৰ।

আমি এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত আপলোড কৰা হৈছিল আৰু কেপশ্বন অনুসৰি ভিডিঅ’টো ২০২৩ চনৰ ৯ জুলাইত হিমাচল প্ৰদেশৰ ছাইঞ্জ উপত্যকাৰ বানপানীৰ।

খবৰ অনুসৰি, “প্ৰবল বৰষুণৰ ফলত হোৱা বানপানীয়ে হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ ছাইঞ্জত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।বানপানীৰ বাবে ৪০ খন দোকান আৰু ৩০ টা ঘৰ ধ্বংস হৈছিল।২০২৩ চনৰ ৯ জুলাইৰ বিয়লি নদীখনৰ পৰা বানপানীৰ পানী ছাইঞ্জৰ বজাৰত প্ৰৱেশ কৰাৰ সময়ত সংঘটিত হৈছিল এই ঘটনা।”

একেধৰণৰ ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু অসমৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো গুৱাহাটীৰ শেহতীয়া বানপানীৰ নহয়। এই ভিডিঅ’টো পুৰণি আৰু হিমাচল প্ৰদেশৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হিমাচল প্ৰদেশৰ পুৰণি ভিডিঅ’ গুৱাহাটীৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya  

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *