
শেহতীয়াকৈ আতচবাজী প্ৰদৰ্শনৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে সেয়া ছৌদি আৰৱত দেৱালী উদযাপন কৰাৰ দৃশ্য।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২৩ চনৰ ৩ ডিচেম্বৰত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি সেয়া ডুবাইত উদযাপন কৰা ৫২ সংখ্যক নেচনেল ডে’ৰ দৃশ্য। গতিকে এই ভিডিঅ’টো পুৰণি বুলি আমি নিশ্চিত হ’লোঁ।

এই তথ্যকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি ২০২৩ চনৰ ৩ ডিচেম্বৰ আৰু ৫ ডিচেম্বৰত আপলোড কৰা একেধৰণৰ ভিডিঅ’ পালোঁ। তাতো সেয়া ডুবাইৰ ৫২ সংখ্যক নেচনেল ডে’ৰ দৃশ্য বুলি উল্লেখ কৰা হৈছিল।
ভাইৰেল ভিডিঅ’টোত থকা খুঁটাত ইউ এ ইৰ (UAE) ৰাষ্ট্ৰীয় প্ৰতীক (ঈগল) দেখা গৈছে। তাৰ তলত ৫২ সংখ্যাটোও লিখা আছে।

ইউ এ ইয়ে প্ৰতি বছৰে ২ ডিচেম্বৰত ৰাষ্ট্ৰীয় দিৱস পালন কৰে। এই ভিডিঅ’টো ২ আৰু ৩ ডিচেম্বৰতেই ছ’চিয়েল মিডিয়াত আপলোড কৰা হৈছিল। উল্লেখযোগ্য যে ১৯৭১ চনৰ ২ ডিচেম্বৰত ইউ এ ইয়ে (সংযুক্ত আৰৱ আমিৰাত)স্বাধীনতা লাভ কৰিছিল। গতিকে ভিডিঅ’টো ২০২৩ চনৰ ২ ডিচেম্বৰত ইউ এ ইৰ ৫২ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ বুলি স্পষ্ট হৈ পৰিল।
আবু ধাবিত ২০২৩ চনৰ ২ ডিচেম্বৰত উদযাপন কৰা ৫২ সংখ্যক ৰাষ্ট্ৰীয় দিৱস (52nd UAE National Day)ৰ এটা ভিডিঅ’ তলত চাব পাৰিব।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। আতচবাজী প্ৰদৰ্শনৰ এই দৃশ্য আৰৱত দেৱালী উদযাপনৰ নহয়। এই ভিডিঅ’টো ২০২৩ চনৰ ডিচেম্বৰ মাহত সংযুক্ত আৰৱ আমিৰাতত উদযাপন কৰা ৫২ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:আতচবাজী প্ৰদৰ্শনৰ এই দৃশ্য আৰৱত দেৱালী উদযাপনৰ নহয়।
Fact Check By: Fact Crescendo AssameseResult: False


