পুৰণি অপ্ৰাসংগিক ফটো থাইলেণ্ড-কম্বোডিয়াৰ মাজৰ শেহতীয়া সংঘৰ্ষৰ বুলি ভাইৰেল।

International Partly-False

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যোৱা ২৪ জুলাইত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত দীৰ্ঘদিনীয়া সীমা বিবাদ তীব্ৰতৰ হৈ পৰে। খবৰ অনুসৰি থাইলেণ্ডত কমেও ১৯ জন লোক (১৪ জন সাধাৰণ নাগৰিক আৰু ৬ জন সৈনিক) নিহত হয়, আৰু কম্বোডিয়াত ১৩ জন লোকৰ(৮ জন সাধাৰণ নাগৰিক আৰু ৫ জন সৈনিক) মৃত্যু হয়। বিবাদিত সীমান্তৰ ১২টা স্থানত সংঘৰ্ষ সংঘটিত হৈছে। শেহতীয়া খবৰ অনুসৰি দুয়োখন দেশৰ নেতৃত্ব‌ই সীমা বিবাদ সমাধানৰ লক্ষ্যৰে মালয়েছিয়াত বৈঠকত মিলিত হোৱাৰ বাবে সন্মতি প্ৰদান কৰিছে।

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত হোৱা সংঘৰ্ষ সম্পৰ্কে ছ’চিয়েল মিডিয়াত বহু পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে থাইলেণ্ড আৰু কম্বোডিয়াৰ শেহতীয়া সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰি পাঁচখন ফটো আপলোড কৰিছে। পোষ্টটোৰ কেপশ্বনত লিখা আছিল এইদৰে,”এটা মন্দিৰৰ লৈ দুইও খন দেশে যুদ্ধ কৰিছে।

     শিৱ মন্দিৰ বুলি দাবী কৰি গুলীচালনা আৰম্ভ কৰে থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত ইয়াত এক বৃহৎ কাজিয়া সংঘটিত হয়।

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত সীমা বিবাদৰ ফলত দুয়োখন দেশৰ সৈন্যই ইজনে সিজনৰ ওপৰত গুলীচালনা কৰিছে বুলি টুডেৰ বাতৰি প্ৰকাশ পাইছে। কম্বোডিয়াই কয় যে থাইলেণ্ডৰ সৈন্যই প্ৰথমে গুলীচালনা কৰিছিল, আনহাতে থাইলেণ্ডে কয় যে কম্বোডিয়াৰ সৈন্যই প্ৰথমে আক্ৰমণ কৰিছিল।

দুইওখন দেশে বহু লোকৰ মৃত্যু হৈছে।”

Facebook Link | Archived Link 

কিন্তু এই ফটোকেইখন থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ লগত সম্পৰ্কিত হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ফটোকেইখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

প্ৰথম ফটো 

প্ৰথম ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে সেয়া কম্বোডিয়াৰ “প্ৰেয়া বিহাৰ” (Preah Vihar) মন্দিৰৰ ফটো। এই ফটোখন আমি ইউনেস্কোৰ ৱেবছাইটত পালোঁ।

উল্লেখযোগ্য যে কম্বোডিয়াৰ ডাংৰেক পৰ্বতৰ ৫২৫ মিটাৰ উচ্চতাৰ শিলৰ ওপৰত অৱস্থিত ৯০০ বছৰীয়া প্ৰেয়া বিহাৰ মন্দিৰ, ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এটি হিন্দু মন্দিৰ। খ্মেৰ সাম্ৰাজ্যৰ অধীনত নিৰ্মিত এই স্থান কেৱল কম্বোডিয়ানসকলৰ বাবেই নহয়, তেওঁলোকৰ চুবুৰীয়া থাইসকলৰ বাবেও এক ধৰ্মীয় স্থান। পশ্চিমে প্ৰায় ৯৫ কিলোমিটাৰ দূৰত আছে দ্বাদশ শতিকাৰ শিৱ মন্দিৰ “টা মুয়েন থম মন্দিৰ”।

যদিও এংকৰ ৱাটৰ জনপ্ৰিয়তা বেছি, তথাপি এই মন্দিৰসমূহ ডেৰ শতিকাৰো অধিক সময় ধৰি দুয়োখন দেশৰ মাজত সংঘাতৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

দ্বিতীয় ফটো 

দ্বিতীয় ফটোখনত কোনো এক‌ অঞ্চলত প্ৰচণ্ড জুই আৰু ধোঁৱাৰ শিখাই আগুৰি থকা দেখা গৈছে। এই ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি এন ডি টিভিত ২০২৪ চনৰ ৬ ফেব্ৰুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ফটোখন সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ৬ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশৰ হাৰদাৰ এক আতছবাজীৰ কাৰখানাত হোৱা বিস্ফোৰণৰ দৃশ্য সেয়া।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

একেখন ফটো সংলগ্ন আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

গতিকে এই ফটোখনৰ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই।

তৃতীয় ফটো 

তৃতীয় ফটোখনত কোনো এক স্থানত ক’লা ধোঁৱাই চানি ধৰা দেখা গৈছে। এই ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি Sky Newsত ২০২৪ চনৰ ৫ এপ্ৰিলত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত এটা ভিডিঅ’ সংলগ্ন কৰা হৈছিল। ভিডিঅ’টোৰ থাম্বনেইলত (Thumbnail) আমি ভাইৰেল ফটোখন দেখিলোঁ আৰু ভিডিঅ’টোত ভাইৰেল ফটোখনৰ সৈতে মিল থকা দৃশ্য আমি দেখা পালোঁ। প্ৰতিবেদন অনুসৰি থাইলেণ্ডৰ উপকূলত ১০০ৰো অধিক লোক কঢ়িয়াই অনা এখন ফেৰীত হোৱা অগ্নিকাণ্ডৰ দৃশ্য সেয়া।

পুনৰ অনুসন্ধান কৰি আমি ২০২৪ চনৰ এপ্ৰিল মাহত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত একেখন ফটো সংলগ্ন কৰা হৈছিল। ফটোখনৰ কেপশ্বনত লিখা আছিল এইদৰে, “থাইলেণ্ডৰ চুৰাট থানি প্ৰদেশত বৃহস্পতিবাৰে, ৪ এপ্ৰিল, ২০২৪ তাৰিখে এখন ফেৰীৰ পৰা ধোঁৱা ওলাইছে।বৃহস্পতিবাৰে পুৱা থাইলেণ্ডৰ দক্ষিণ উপকূলত এশৰো অধিক লোক কঢ়িয়াই নিয়াৰ সময়তে ফেৰীখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত আতংকিত যাত্ৰীসকলে তীব্ৰ অগ্নিকাণ্ডৰ পৰা হাত সাৰিবলৈ সাগৰত জপিয়াই পৰে।”

গতিকে আমি নিশ্চিত হ’লোঁ যে ভাইৰেল ফটোখন পুৰণি আৰু থাইলেণ্ড-কম্বোডিয়াৰ মাজৰ শেহতীয়া সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

চতুৰ্থ আৰু পঞ্চম ফটো 

চতুৰ্থ আৰু পঞ্চম ফটোকেইখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে সেয়া থাইলেণ্ডৰ‌ এক পেট্ৰ’ল পাম্প, 7 Eleven, য’ত কম্বোডিয়াই শেহতীয়াকৈ ৰ’কেট আক্ৰমণ কৰিছিল।

অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত পঢ়ক।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। পোষ্টটোত থকা পাঁচখন ফটোৰ দ্বিতীয় ফটোখন মধ্যপ্ৰদেশৰ হাৰদাৰ এক আতছবাজীৰ কাৰখানাত যোৱা ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত হোৱা এক বিস্ফোৰণৰ সময়ৰ আৰু তৃতীয় ফটোখন ২০২৪ চনৰ এপ্ৰিল মাহত থাইলেণ্ডৰ উপকূলত এখন ফেৰীত হোৱা অগ্নিকাণ্ডৰ সময়ৰ। গতিকে এই দুয়োখন ফটো পুৰণি আৰু থাইলেণ্ড-কম্বোডিয়াৰ মাজৰ শেহতীয়া সংঘৰ্ষৰ সৈতে অসম্পৰ্কিত।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুৰণি অপ্ৰাসংগিক ফটো থাইলেণ্ড-কম্বোডিয়াৰ মাজৰ শেহতীয়া সংঘৰ্ষৰ বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Assamese 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *