সুনীতা উইলিয়ামছৰ ভাৰত ভ্ৰমণৰ সময়ৰ পুৰণি ভিডিঅ’ আমেৰিকাৰ সংবাদমেলৰ বুলি ভাইৰেল।

Misleading Social

শেহতীয়াকৈ সুনীতা উইলিয়ামছৰ এক সংবাদ মেলৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত সুনীতা উইলিয়ামছে ভাগৱত গীতা আৰু উপনিষদৰ বিষয়ে কোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া সুনীতা উইলিয়ামছৰ আমেৰিকাৰ এক সংবাদ মেলৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বিজ্ঞানৰ দুই এটা সূত্ৰ মুখস্থ কৰি নিজকে বৈজ্ঞানিক বুলি ভাবি লৈ ধৰ্মক উপলুঙা কৰা ভগৱানক লৈ ঠাট্টা কৰা সকলোলৈ মোৰ এই পোষ্টটো ( ভিডিঅ’ ) উৎসৰ্গা কৰিছোঁ । 

ভিডিঅ’ টোত সূনীতা উইলিয়ামচে আমেৰিকাৰ এখন সাংবাদিক মেলত কৈছে – মই মহাকাশত গনেশৰ মূৰ্তি আৰু ভাগৱত গীতাখন লৈ গৈছিলো । যি দুটা বস্তুই মোক মহাকাশত সংগ দিছিল আৰু মানসিক চাপৰ ( mental stress ) পৰা মুক্তি দিছিল । 

অকল নাস্তিক সকলৰ পৰা মন্তব্য বিচাৰিছো ।

🙏🙏🙏”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো আপলোড কৰা হৈছিল। টুইটটো আছিল এনেধৰণৰ, “FLASHBACK: Sunita Williams’ 🇮🇳-Inspired Space Odyssey 

NASA astronaut Sunita Williams has previously spoken fondly of her Indian heritage – from her love of samosas to uncovering her spiritual side, revealing she took Ganesha and the Bhagavad Gita into orbit, emphasizing its importance for personal reflection and spiritual connection during her mission.

What would you take into space” (ফ্লেছবেক: সুনীতা উইলিয়ামছৰ অনুপ্ৰাণিত মহাকাশ অডিচি

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে ইয়াৰ পূৰ্বেও নিজৰ ভাৰতীয় ঐতিহ্যৰ বিষয়ে মৰমেৰে কৈছে – চমোছাৰ প্ৰতি থকা প্ৰেমৰ পৰা আৰম্ভ কৰি নিজৰ আধ্যাত্মিক দিশটো উন্মোচন কৰালৈকে, গণেশ আৰু ভাগৱত গীতাক কক্ষপথলৈ লৈ যোৱাৰ কথা প্ৰকাশ কৰি তেওঁৰ অভিযানৰ সময়ত ব্যক্তিগত প্ৰতিফলন আৰু আধ্যাত্মিক সংযোগৰ বাবে ইয়াৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

মহাকাশলৈ কি লৈ যাব)

ভিডিঅ’টোত থকা টেক্সট অ’ভাৰলে’ত (text overlay) লিখা আছিল, “Sunita Williams in Delhi”।

ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এন ডি টিভিৰ অফিচিয়েল ইউটিউবত ২০১৩ চনৰ ২ এপ্ৰিলত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ। এই ভিডিঅ’টোৰ ০:৪০ টাইমষ্টেম্পৰপৰা ভাইৰেল দৃশ্যাংশ দেখিবলৈ পোৱা যায়। ভিডিঅ’টোৰ বৰ্ণনা অনুসৰি সুনীতা উইলিয়ামছে ভাৰত ভ্ৰমণ কৰি ২০১৩ চনৰ ১ এপ্ৰিলত দিল্লীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত ভাষণ দিছিল।

আমি ডিডি নিউজৰ আন এটা ভিডিঅ’ ৰিপৰ্ট পাইছিলোঁ ১ এপ্ৰিল ২০১৩ তাৰিখৰ। ভাইৰেল দৃশ্যাংশ টাইমষ্টেম্প ১:২০ৰ পৰা চাব পাৰি। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছিল, “ভাৰত ভ্ৰমণত ভাৰতীয়-আমেৰিকান নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে সমগ্ৰ নতুন দিল্লীৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত মত বিনিময় কৰিছিল।”

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু সুনীতা উইলিয়ামছৰ ভাৰত ভ্ৰমণৰ সময়ৰ।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো আমেৰিকাৰ সংবাদমেলৰ নহয় বৰং সুনীতা উইলিয়ামছে ২০১৩ চনত কৰা ভাৰত ভ্ৰমণৰ সময়ৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সুনীতা উইলিয়ামছৰ ভাৰত ভ্ৰমণৰ সময়ৰ পুৰণি ভিডিঅ’ আমেৰিকাৰ সংবাদমেলৰ বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *