দেশৰ কোষাগাৰৰপৰা ১.২৮ লাখ কোটি টকাৰ সোণ অন্তৰ্ধান হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Economy Misleading

শেহতীয়াকৈ প‌‌ঞ্জাৱ কেশৰীত প্ৰকাশিত এটা লেখাৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। প্ৰবন্ধটোত উল্লেখ কৰা অনুসৰি দেশৰ কোষাগাৰৰপৰা ১.২৮ লাখ কোটি টকা মূল্যৰ সোণ অন্তৰ্ধান হৈছে।স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “মোডী হ্যে তু মুমকিন হ্যে……ভক্ত থালি থালি

ভাৰতত মোডীৰ অমৃৎ কাল চলি থকাৰ সময়ত ভাৰতৰ ৰাজকোষৰ পৰা ১.২৮ লাখ কোটি টকাৰ সোন নোহোৱা হৈছে | | নৰেন্দ্ৰ মোডী চৰকাৰে গোপনে ৰখা এই  খবৰ দেশৰ শীৰ্ষ স্থানীয় হিন্দী দৈনিক পাঞ্জাৱ কেশৰীত প্ৰকাশ পোৱাৰ লগে লগে দেশ বাসীৰ মাজত গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে | ভক্ত সকল -মোডী হ্যে তু মুমকিন হ্যে …. ভক্ত সকল তালি বজাওক…..থালি বজাওক….”

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া পি আই বি ফেক্ট চেকৰ অফিচিয়েল এক্স হেণ্ডেলত ২০২৬ চনৰ ১৬ ফেব্ৰুৱাৰীৰ এটা টুইট পালোঁ য’ত ভাইৰেল বাতৰিটো খণ্ডন কৰা হৈছিল। টুইটটোৰ অসমীয়া অনুবাদ এনেধৰণৰ, “কিছুমান ছ’চিয়েল মিডিয়া পোষ্ট আৰু বাতৰিৰ লেখাত দাবী কৰা হৈছে যে দেশৰ কোষাগাৰৰ পৰা ১.২৮ লাখ কোটি টকাৰ সোণ হেৰাই গৈছে।

#PIBFactCheck:

❌ এই দাবী #ভুৱা।

✅ আৰ বি আইৰ তথ্য অনুসৰি ৬ ফেব্ৰুৱাৰীত সমাপ্ত হোৱা সপ্তাহটোত সোণৰ মজুতকৰণৰ (Gold Reserve) মূল্য হ্ৰাস পাইছে যদিও সোণৰ মজুতকৰণৰ পৰা কোনো সোণ হেৰাই যোৱা নাই।

▶️ সঠিক বিত্তীয় তথ্যৰ বাবে আৰ বি আইৰ চৰকাৰী ৱেবছাইট: http://rbi.org.in চাওক

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অফিচিয়েল ৱেবছাইটত আমি ক্ৰমে ৬ ফেব্ৰুৱাৰী ২০২৬ আৰু ১৩ ফেব্ৰুৱাৰী ২০২৬ তাৰিখৰ দুখন প্ৰেছ বিজ্ঞপ্তি পালোঁ। প্ৰদান কৰা তথ্য অনুসৰি বৰ্তমান সোণৰ মজুতকৰণ (Gold Reserve) ১২৩.৪৭৬ বিলিয়ন ডলাৰ; পূৰ্বৰ সপ্তাহৰ তুলনাত ১৪.২০৭ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত পঢ়ক।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি সোণ মজুতকৰণৰ (Gold Reserve) মূল্য হ্ৰাস পাইছে যদিও সোণৰ মজুতকৰণৰ পৰা কোনো সোণ হেৰাই যোৱা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:দেশৰ কোষাগাৰৰপৰা ১.২৮ লাখ কোটি টকাৰ সোণ অন্তৰ্ধান হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Fact Crescendo Team 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *