ফিজি পৃথিৱীৰ একমাত্ৰ কেন্সাৰবিহীন দেশ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

False Social

শেহতীয়াকৈ ফেচবুকত এটা বিশেষ পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল। পোষ্টটোত দাবী কৰা হৈছে যে ‘ফিজি’ পৃথিৱীৰ একমাত্ৰ কেন্সাৰবিহীন দেশ।

Facebook Link | Archived Link.

কিন্তু এই দাবী সঁচানে? 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া ফিজিৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰালয়ৰ (Ministry of Health and Medical Services) ৱেবছাইটত এই সম্পৰ্কে কিছু তথ্য পালোঁ। ৱেবছাইটটোত উল্লেখ কৰা তথ্য অনুসৰি ফিজিৰ চাৰিটা মূল অসংক্ৰামক ৰোগৰ অন্যতম হৈছে কেন্সাৰ। পৰিসংখ্যা অনুসৰি মহিলাৰ স্তন, জৰায়ু আৰু অন্যান্য প্ৰজনন নলীৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ ফিজিত অধিক বৃদ্ধি পাইছে। পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট, লিভাৰ, মলদ্বাৰ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ দৰে কৰ্কট ৰোগ অতি সাধাৰণ হৈ পৰিছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

ফিজিত কেন্সাৰ ৰোগৰ শেহতীয়া তথ্য বিচাৰি আমি কী-ৱ’ৰ্ড ছাৰ্চ কৰোঁতে আমি আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (International Atomic Energy Agency (IAEA)) এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি “২০২২ চনৰ নৱেম্বৰ মাহত ফিজি ৰিপাব্লিকৰ স্বাস্থ্য মন্ত্ৰীৰ পৰা লাভ কৰা অনুৰোধৰ পিছত আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ)ৰ প্ৰগ্ৰেম অৱ একচন ফৰ কেন্সাৰ থেৰাপি (পিএচিটি), বিশ্ব স্বাস্থ্য সংস্থা (WHO), আৰু আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ গৱেষণা সংস্থা (IARC)ৰ দ্বাৰা ২০২৩ চনৰ ১৯ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ imPACT পৰ্যালোচনা কৰা হয়। কৰ্কট নিয়ন্ত্ৰণ সম্পৰ্কে ডব্লিউ এইচ অ’-আই এ ই এৰ যৌথ কাৰ্যসূচীৰ পৰিসৰৰ ভিতৰত আয়োজন কৰা হৈছিল imPACT পৰ্যালোচনা। আই এ ই এ, ডব্লিউ এইচ অ’ আৰু আই এ আৰ চিয়ে মনোনীত কৰা আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ এটা দলে মূল অংশীদাৰসকলৰ সৈতে কাৰিকৰী আলোচনাত মিলিত হয়, আৰু দেশৰ প্ৰধান কৰ্কট ৰোগৰ সুবিধাসমূহ পৰিদৰ্শন কৰে।

২০৩০ চনত ফিজিত ১৭৯০ জন নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ অনুমান কৰা হৈছে।প্ৰতিবেদনত ২০৩০ চনত ১০৪০ জন লোকৰ কৰ্কট ৰোগত মৃত্যু হ’ব বুলিও অনুমান কৰা হৈছে।”

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। 

২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত গ্ল’বেল কেন্সাৰ অ’বজাৰভেট’ৰীৰদ্বাৰা প্ৰকাশিত তথ্য অনুসৰি ২০২২ চনলৈকে ফিজিত নতুনকৈ ধৰা পৰা কেন্সাৰ ৰোগীৰ সংখ্যা ১৬০১ গৰাকী, মৃত্যু হৈছিল ৮৬৫ গৰাকীৰ আৰু বিগত পাঁচ বছৰ ধৰি কেন্সাৰ ৰোগত ভুগি থকা ৰোগীৰ সংখ্যা ৪৪৮৭ গৰাকী।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। 

২০২৪ চনৰ ১২ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ফিজি কেন্সাৰ ছ’ছাইটিয়ে ২০২৪ চনৰ আৰম্ভণিৰ কেইমাহমানত ১০০ গৰাকী নতুন ৰোগী পঞ্জীয়নভুক্ত কৰিছিল। 

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link.

ফিজিৰ কেন্সাৰ ৰোগত আক্ৰান্তৰ পৰিসংখ্যা সম্পৰ্কে ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

পৃথিৱীৰ কোনো দেশ কেন্সাৰ মুক্ত হয়নে নহয়‌ এই সম্পৰ্কে জানিবলৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া জানিব পাৰিলোঁ যে পৃথিৱীত সম্পূৰ্ণ কেন্সাৰ মুক্ত কোনো দেশ নাই, কিন্তু কিছুমান দেশত আন দেশৰ তুলনাত কেন্সাৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা কম। এই সম্পৰ্কে ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ফিজি কেন্সাৰবিহীন দেশ নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ফিজি কেন্সাৰবিহীন দেশ নহয় বৰং ফিজিৰ চাৰিটা মূল অসংক্ৰামক ৰোগৰ অন্যতম হৈছে কেন্সাৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফিজি পৃথিৱীৰ একমাত্ৰ কেন্সাৰবিহীন দেশ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Written By: Debanjana Baishya  

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *