পাতনি
শেহতীয়াভাৱে অসমৰ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত গুজৰাটৰ এখন প্ৰতিষ্ঠানৰ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। সেয়া হৈছে গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্স ৰিফাইনেৰী কম্প্লেক্সত স্থাপন কৰা বনতাৰা বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অথবা সাধাৰণ ৰাইজে বুজি পোৱাকৈ বনতাৰা চিৰিয়াখানা। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ১০টা হাতী অসমৰ মাজেৰে বনতাৰালৈ লৈ যোৱাৰ পাছত এই বিষয়ে ব্যাপক চৰ্চা দেখা গৈছে। ৮টা মাখুন্দী আৰু ২ টা পোৱালীৰে মুঠ ১০টা হাতীক অলপতে এনিমেল এম্বুলেন্সেৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰুনাচলৰ পৰা অসমৰ মাজেৰে লৈ যোৱা হয়। এই বিষয়ে বিভিন্ন মাধ্যমত ভিন্নজনে ভিন্ন মত ৰাখিছে যদিও আজি আমি আমাৰ এই লেখাত চমু বিস্তৃতিৰে বনতাৰা সন্দৰ্ভত কিছু কথা আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ।
বনতাৰা কি
বনতাৰা হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সৈতে মিলি স্থাপন কৰা এটা বৃহৎ পৰিসৰৰ প্ৰাণী (বন্যপ্ৰাণী) উদ্ধাৰ,সংৰক্ষণ আৰু পুনঃসংস্থাপন কেন্দ্ৰ। ই ভাৰতৰ গুজৰাটৰ জামনগৰত থকা ৰিলায়েন্স ৰিফাইনেৰী কমপ্লেক্সৰ ভিতৰত অৱস্থিত। ৩০০০ একৰ ভূমিত অৱস্থিত এই অভয়াৰণ্যখনে পশু কল্যাণ আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ আৰম্ভণি কৰিছিল আৰ আই এল আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ব’ৰ্ডৰ পৰিচালক অনন্ত আম্বানীয়ে। বনতাৰা আৰম্ভ হৈছিল ২০২৪ চনৰ ২৬ ফেব্ৰুৱাৰীত। ই বন্যপ্ৰাণী উদ্ধাৰ, চিকিৎসা, যত্ন আৰু পুনঃসংস্থাপনৰ বাবে উৎসৰ্গিত বুলি দাবী কৰা এক স্থান। বনতাৰাই জন্মলগ্নৰে পৰা ২০০ টাতকৈও অধিক হাতী,গঁড়,নাহৰফুটুকী আৰু কুম্ভিৰকে ধৰি অন্য কেইবা হাজাৰ জীৱ-জন্তু, সৰীসৃপ আৰু চৰাইক অসুৰক্ষিত পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিছে বুলি জানিব পৰা যায়।
কিদৰে জন্ম হ’ল বনতাৰাৰ
‘বনতাৰা’ অৰ্থাৎ ‘বনৰ তৰা’ বুলি অভিহিত কৰা এই বিশাল পদক্ষেপটো ৰিলায়েন্সৰ জামনগৰ শোধনাগাৰ কমপ্লেক্সৰ ভিতৰত ৩,০০০ একৰ ভূমিত বিস্তৃত। ইয়াক গুজৰাটৰ গ্ৰীণ বেল্ট বুলিও কোৱা হয়। বনতৰা হৈছে মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ মানসপুত্ৰ । ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সহযোগত জন্ম হোৱা বনতাৰাৰ লক্ষ্য হৈছে নিৰ্যাতিত, আহত, আৰু বিপন্ন জীৱ-জন্তুৰ আশ্ৰয়স্থল হিচাপে কাম কৰা। এই প্ৰকল্পটো কেৱল এখন চিৰিয়াখানা নহয় বৰঞ্চ এক বিস্তৃত পুনঃসংস্থাপন কেন্দ্ৰ। বনতাৰাত বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা জীৱ-জন্তুবোৰৰ বাবে অনুকুল বাসস্থানৰ সৃষ্টি কৰি জীৱকুলৰ মূল বাসস্থানৰ সৈতে মিল থকা এক প্ৰাকৃতিক পৰিৱেশ ডিজাইন কৰা হৈছে।
বনতাৰাৰ আঁৰৰ চিন্তা
এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি অনন্ত আম্বানীয়ে কয়, “অতি কম বয়সতে যিটো চিন্তা মোৰ বাবে আবেগ হিচাপে আৰম্ভ হৈছিল, সেয়া এতিয়া বনতাৰা আৰু আমাৰ দক্ষ আৰু দায়বদ্ধ দলটোৰ সৈতে এক অভিযানত পৰিণত হৈছে। আমি ভাৰতৰ থলুৱা তথা সংকটজনকভাৱে বিলুপ্তপ্ৰায় প্ৰজাতিসমূহক সুৰক্ষা প্ৰদানত মনোনিৱেশ কৰিছোঁ।” ভাৰতৰ চিৰিয়াখানা কৰ্তৃপক্ষ আৰু অন্যান্য সংশ্লিষ্ট চৰকাৰী সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব কৰি ভাৰতৰ ১৫০ খনতকৈও অধিক চিৰিয়াখানাৰ সকলোবোৰ উন্নতিৰ ক্ষেত্ৰত আমি আশা কৰোঁ যে বনতাৰা এক বিশ্বব্যাপি আশাৰ ৰেঙণি হৈ পৰিব আৰু নতুন চিন্তাধাৰাৰ এই প্ৰতিষ্ঠানে বিশ্বব্যাপী জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ পদক্ষেপসমূহক কেনেদৰে সহায় কৰিব পাৰে তাক প্ৰদৰ্শন কৰিব পাৰিব। বনতাৰাৰ ক্ষেত্ৰত দূৰদৰ্শী হৈ থকা অনন্ত আম্বানীয়ে এই প্ৰকল্পটোক কেৱল এক কীৰ্তিচিহ্ন সংৰক্ষণ প্ৰচেষ্টা হিচাপেই নহয়, বিশ্বব্যাপী জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ পদক্ষেপত এক আশা হিচাপেও কল্পনা কৰিছে। স্বামী বিবেকানন্দৰ পৰা অনুপ্ৰাণিত হৈ ‘জীৱ সেৱা’ বা জীৱ-জন্তুৰ যত্ন লোৱাৰ দৰ্শন শিপাই থকা এই পদক্ষেপে ভাৰতৰ স্থানীয়ভাৱে সংকটাকীৰ্ণ আৰু বিপন্ন প্ৰজাতিৰ জীৱকুলৰ সুৰক্ষা, বাসস্থান পুনৰুদ্ধাৰ আৰু সংৰক্ষণত যথেষ্ট অৰিহণা যোগোৱাৰ এক অভিযানমূলক কৰ্ম প্ৰতিফলিত কৰিছে। বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি অনন্ত আম্বানীৰ এই নিষ্ঠা বহনক্ষম শক্তি উৎপাদনৰ ওপৰত তেওঁৰ যি মনোযোগ, তাৰ সৈতে মিল আছে। সেয়া জামনগৰৰ ৰিলায়েন্সৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত তেওঁৰ পদক্ষেপমূলক নেতৃত্বত প্ৰতিফলিত হৈছে। ২০৩৫ চনৰ ভিতৰত ৰিলায়েন্সক নেট কাৰ্বন জিৰ’ কোম্পানীলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰি আম্বানীয়ে পৰিৱেশ পৰিচালনাৰ ক্ষেত্ৰত এক ব্যাপক পন্থা গ্ৰহণ কৰিছে।
কি ধৰণে কাম কৰিবলৈ সাজু বনতাৰা
এই বিস্তৃত প্ৰকল্পটো বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি প্ৰকল্পটোৰ নিষ্ঠাৰ এক সাক্ষী। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আই ইউ চি এন) আৰু বিশ্ব বন্যপ্ৰাণী পুঁজি (ডব্লিউ ডব্লিউ এফ)কে ধৰি প্ৰতিষ্ঠিত সংস্থাসমূহৰ সৈতে অংশীদাৰিত্বৰে বন্যপ্ৰাণী সংৰক্ষণত জড়িত হ’বলৈ সাজু হৈছে বনতাৰা। বিস্তৃত সংৰক্ষণ কেন্দ্ৰটোত অত্যাধুনিক স্বাস্থ্যসেৱাৰ সুবিধা, চিকিৎসালয়, গৱেষণা প্ৰতিষ্ঠান, আৰু শৈক্ষিক কেন্দ্ৰ আছে। বনতাৰাৰ এই অভিযান স্থানীয় পৰিসীমাৰ বাহিৰলৈ গৈ জীৱ-জন্তুৰ উদ্ধাৰ আৰু পুনঃসংস্থাপনৰ বাবে বিশ্বব্যাপী এক প্ৰচেষ্টাত সক্ৰিয়ভাৱে জড়িত হৈছে। আৰম্ভণীৰে পৰাই এই পদক্ষেপে ২০০ৰো অধিক হাতী আৰু গঁড়, নাহৰফুটুকী, কুম্ভীৰৰ লগতে বিপন্ন প্ৰজাতিৰ চৰাইকে ধৰি বিভিন্ন ধৰণৰ সৰীসৃপ আৰু অন্য চৰাইক সফলতাৰে উদ্ধাৰ কৰিছে। বিশেষকৈ মেক্সিকো আৰু ভেনিজুৱেলাৰ বিশ্ব পৰ্যায়ৰ উদ্ধাৰ কেন্দ্ৰৰ সৈতে থকা সহযোগিতাই ইয়াৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি কৰিছে।
উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰ
কেন্দ্ৰটোত ১ লাখ বৰ্গফুটৰ এখন চিকিৎসালয় আৰু চিকিৎসা গৱেষণা কেন্দ্ৰ আছে। চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰটোত আই চি ইউ, এম আৰ আই, চি টি স্কেন, এক্স-ৰে, আল্ট্ৰাছাউণ্ড, এণ্ড’স্কপি, ডেণ্টেল স্কেলাৰ, লিথ’ট্ৰিপ্সি, ডায়েলাইছিছ, অ’ আৰ ১ প্ৰযুক্তিৰ সৈতে আটাইতকৈ উন্নত প্ৰযুক্তি আছে যিয়ে অস্ত্ৰোপচাৰৰ বাবে লাইভ ভিডিঅ’ কনফাৰেন্স আৰু তেজৰ প্লাজমা বিভাজকো কৰিব পৰাকৈ সক্ষম।
পশুৰ পাকঘৰ
কেন্দ্ৰটোত ১৪০০০ বৰ্গফুটৰ ওপৰৰ এটা বিশেষ পাকঘৰ আছে যিটো প্ৰতিটো হাতীৰ বাবে মুখৰ স্বাস্থ্যকে ধৰি তেওঁলোকৰ অতি প্ৰয়োজনীয় শাৰীৰিক প্ৰয়োজনীয়তাক মনত ৰাখি কিউৰেটেড খাদ্য প্ৰস্তুত কৰাৰ বাবে উৎসৰ্গিত কৰা হৈছে। গঁড়ৰ যত্নৰ বাবেও কেন্দ্ৰটোৱে আয়ুৰ্বেদিক কৌশল প্ৰয়োগ কৰে। গৰম তেলৰ মালিচৰ পৰা আৰম্ভ কৰি মুলতানি মিট্টিলৈকে ব্যৱস্থা আছে। আয়ুৰ্বেদ অনুশীলনকাৰীসকলেও হাতীবোৰৰ বাবে ২৪ ঘণ্টাই কাম কৰে।
হাতীৰ ক্ষেত্ৰত আৰু কি সুবিধা আছে বনতাৰাত?
উল্লেখযোগ্য যে এই কেন্দ্ৰটোৱে অত্যাধুনিক হাতী উদ্ধাৰ কেন্দ্ৰ হিচাপে কাম কৰে, যিয়ে বিশেষকৈ হাতীৰ দাঁতৰ বাবেই চিকাৰৰ বলি হৈ বিপন্ন হৈ পৰা হাতীৰ দুৰ্দশাৰ সমাধান কৰে। কেন্দ্ৰটোৰ ভিতৰৰ হাতী চিকিৎসালয়খন উন্নত চিকিৎসাৰ সুবিধাৰে সজ্জিত, য’ত আছে পৰ্টেবল এক্স-ৰে আৰু লেজাৰ মেচিন, পেথ’লজী লেব, আৰু হাইপাৰবেৰিক অক্সিজেন চেম্বাৰ। পশু চিকিৎসক, পুষ্টিবিদ, ৰোগ বিশেষজ্ঞৰে গঠিত এই কেন্দ্ৰটোৰ ৫০০ জনীয়া কৰ্মচাৰীৰ দলে ২০০ৰো অধিক হাতীৰ পৰিচৰ্যা নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰে। হাইড্ৰ’থেৰাপি পুল, এটা বৃহৎ হাতী জাকুজীৰ দৰে সুবিধাও আগবঢ়ায়। বনতাৰাৰ বিস্তৃত উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰটোৱে শোষণমূলক পৰিস্থিতি বা মৃত্যুনিকট পৰিস্থিতিৰ পৰা উদ্ধাৰ হোৱা অসংখ্য প্ৰাণীক এখন অভয়াৰণ্য প্ৰদান কৰে। ২১০০ জন নিষ্ঠাবন কৰ্মচাৰীৰে গঠিত এই কেন্দ্ৰটোৱে ৪৩টা বৈচিত্ৰময় প্ৰজাতিক প্ৰতিনিধিত্ব কৰা ২০০০ৰো অধিক প্ৰাণীক সুৰক্ষা আৰু যত্ন প্ৰদান কৰিছে। এই সুবিধাসমূহে অস্ত্ৰোপচাৰৰ সময়ত লাইভ ভিডিঅ’ কনফাৰেন্সৰ বাবে আই চি ইউ, এম আৰ আই, চি টি স্কেন, এক্স-ৰে, আল্ট্ৰাছাউণ্ড, এণ্ড’স্কপি, ডেণ্টেল স্কেলাৰ, লিথ’ট্ৰিপ্সি, ডায়েলাইছিছ, আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰে।
বনতাৰাৰ ভৱিষ্যত লক্ষ্য
বনতাৰাই এনে এক অগ্ৰণী উদ্যোগক প্ৰতিনিধিত্ব কৰে যিয়ে কেৱল উদ্ধাৰ কৰা জীৱ-জন্তুৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ আৰু জীৱ-জন্তুৰ সহাৱস্থানৰ ওপৰতো বহুল অৰিহণা যোগায়। ইয়াৰ ৰূপ লোৱাৰ লগে লগে বনতাৰাই এক পৰিৱৰ্তনকামী শক্তি হ’বলৈ সাজু হৈছে, যিয়ে দেখুৱাব বিচাৰিছে , কেনেকৈ আধুনিক চিন্তাধাৰাৰ প্ৰতিষ্ঠানসমূহে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বিশ্বব্যাপী পদক্ষেপসমূহৰ নেতৃত্ব দিব পাৰে।
কিছু বিতৰ্ক আৰু বিবাদ
সংৰক্ষণৰ ক্ষেত্ৰত অৰ্থাৎ বিপন্ন আৰু নিৰ্যাতিত প্ৰজাতিৰ জীৱকুলৰ সুৰক্ষাৰ ক্ষেত্ৰত এই কাৰ্যসূচীৰে প্ৰচেষ্টা চলোৱাৰ পাছতো জীৱ-জন্তুৰ ক্ষেত্ৰত ভাৰতৰ কিছুমান পশু অধিকাৰ সংগঠনে সন্দেহ প্ৰকাশ কৰিছে। এই প্ৰকল্প জীৱ-জন্তুৰ ব্যক্তিগতকৰণৰ লগতে সংৰক্ষণৰ স্থানৰ ক্ষেত্ৰত দূৰৱৰ্তী, অতি উন্নত কিন্তু প্ৰদূষিত আৰু অনুপযুক্ত প্ৰাকৃতিক পৰিবেশ বুলি ধৰি লৈছে। কিয়নো জামনগৰ গৰম, শুষ্ক জলবায়ুত অৱস্থিত আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ জামনগৰ শোধনাগাৰ মাত্ৰ অলপ দূৰত্বত অৱস্থিত।
উপসংহাৰ
প্ৰাৰম্ভিকভাৱে বনতাৰাৰ লক্ষ্য, উদ্দেশ্য আৰু পদক্ষেপসমুহ বিপন্ন আৰু নিৰ্যাতিত বন্যপ্ৰাণীৰ ক্ষেত্ৰত কিছু আশাৰ বতৰা হিচাপে বহুতেই কব বিচাৰিছে। অনন্ত আম্বানীৰ নেতৃত্বত এই প্ৰকল্পই এক সুদূৰ প্ৰসাৰি ফলপ্ৰসু ব্যৱস্থা হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু জামনগৰৰ জলবায়ু আৰু উদ্যোগৰ বাতাবৰণে জীৱকুলক স্বাভাৱিক প্ৰাকৃতিক পৰিবেশ প্ৰদানত কিমানদূৰ সফলতা লাভ কৰে, সেয়া সময়ত দেখা যাব।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অনন্ত আম্বানীৰ নেতৃত্বৰ বনতাৰাঃ কি, ক’ত, আৰু কেনেকুৱা।
Fact Check By: Pranjal SharmaResult: Insight
