প্ৰস্তাৱনা
অতি শেহতীয়াভাবে অসমৰ ফেচবুকত এখন মানচিত্ৰ আপলোড কৰি দাবী কৰা হৈছিল যে ম্যানমাৰৰ আৰাকান আৰ্মীয়ে বাংলাদেশ আক্ৰমণ কৰি বাংলাদেশৰ দক্ষিণ অঞ্চলৰ টেকনাফ দখল কৰিছে । এই প্ৰসংগটো আলোচিত হৈছে। খেনোৰ মতে আৰাকান আৰ্মীয়ে বাংলাদেশৰ ভূখণ্ডলৈ সোমাই আহিছে আৰু খেনোৰ মতে তেওঁলোকে ম্য়ানমাৰৰ ভিতৰতেই নিজৰ প্ৰভূত্ব অক্ষুন্ন ৰাখিছে, বাংলাদেশলৈ শিপাবলৈ সক্ষম হোৱা নাই। এই আলোচনাত সেই দাবী, তাৰ সত্যতা আৰু বৰ্তমান উপলব্ধ তথ্য় আদি অন্তৰ্ভুক্ত কৰা হৈছে।
আৰাকান আৰ্মীনো কি।
আৰাকান আৰ্মী (কেতিয়াবা আৰাখা আৰ্মী বুলিও কোৱা হয়) হৈছে ৰাখাইন ৰাজ্য (আৰাকান)ত অৱস্থিত এটা নৃগোষ্ঠীয় জাতীয়তাবাদী সশস্ত্ৰ সংগঠন। ২০০৯ চনৰ এপ্ৰিল মাহত প্ৰতিষ্ঠা হোৱা আৰাকান আৰ্মী হৈছে ইউনাইটেড লীগ অৱ আৰাকান (ইউ এল এ)ৰ সামৰিক শাখা। বৰ্তমান ইয়াৰ নেতৃত্বত আছে কমাণ্ডাৰ ইন চিফ মেজৰ জেনেৰেল ট্ৱান ম্ৰাট নাইং আৰু ভাইচ ডেপুটি কমাণ্ডাৰ ইন চিফ ব্ৰিগেডিয়াৰ জেনেৰেল নিয়ো ট্ৱান আং। ই ৰাখাইন ৰাজ্যৰ ৰাখাইন জনগোষ্ঠীয় লোকৰ সামৰিক শাখা য’ত তেওঁলোক সংখ্যাগৰিষ্ঠ। তেওঁলোকে ম্যানমাৰৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক স্বায়ত্তশাসন বিচাৰে আৰু আৰাকান জনসাধাৰণৰ সাৰ্বভৌমত্ব পুনৰ ঘূৰাই আনিব বিচাৰে। ২০২০ চনত ম্যানমাৰে ইয়াক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰে আৰু ২০২৪ চনত পুনৰ ৰাজ্য প্ৰশাসন পৰিষদৰ জন্টাই ইয়াক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰে। ২০১০ চনৰ আৰম্ভণিতে কাচিন সংঘাতত আৰাকান আৰ্মীয়ে কাচিন স্বাধীনতা আৰ্মী (KIA)ৰ সৈতে তৎমাদাও (ম্যানমাৰ সশস্ত্ৰ বাহিনী)ৰ বিৰুদ্ধে যুঁজ দিছিল। ২০১৬ চনত ৰাখাইন ৰাজ্যত সংঘাতৰ প্ৰাদুৰ্ভাৱৰ পিছত আৰাকান আৰ্মী আৰাকান অঞ্চলৰ সৈতে অধিক জড়িত হৈ পৰে। ২০১৯ চনত তেওঁলোকে ৰাজ্যিক নিৰাপত্তা বাহিনীত আক্ৰমণ চলায় আৰু ম্যানমাৰ আৰ্মীয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংঘৰ্ষ আৰু অধিক তীব্ৰতৰ কৰে। উত্তৰ ৰাখাইনত কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণ আঁতৰাই ২০২০ চনৰ শেষৰ ফালে যুদ্ধবিৰতিত উপনীত হয় আৰাকান আৰ্মী। কিন্তু ম্যানমাৰৰ গৃহযুদ্ধৰ সময়ত যুদ্ধবিৰতি ভাঙি যায় আৰু ২০২২ চনৰ জুলাই মাহত আৰাকান আৰ্মীৰ ঘাটিৰ বিৰুদ্ধে টাটমাডাউৰ বিমান আক্ৰমণৰ পাছত সশস্ত্ৰ সংঘৰ্ষ পুনৰ আৰম্ভ হয়। ২০২২ চনৰ নৱেম্বৰ মাহত দুয়োপক্ষই অস্থায়ী যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰে, যিটো মানৱীয় কাৰণত কৰা হৈছিল বুলি কোৱা হয়। এই যুদ্ধবিৰতি ২০২৩ চনৰ নৱেম্বৰ মাহলৈকে চলিছিল।
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ট্ৱান ম্ৰাট নাইঙে দাবী কৰে যে আৰাকান আৰ্মী কমেও ৩৮০০০ সৈন্যলৈ বৃদ্ধি পাইছে। সামৰিক আৰু নিৰাপত্তাৰ বিশেষজ্ঞ এণ্টনি ডেভিছে এই দাবী নাকচ কৰি অনুমান কৰে যে ইয়াৰ চিনলেণ্ড আৰু ৰাখাইন ৰাজ্যত কমেও ১৫,০০০ আৰু কাচিন ৰাজ্য আৰু শ্বান ৰাজ্যত প্ৰায় ১৫০০ সৈন্য আছে।
শেহতীয়া খবৰত কি আছে।
শেহতীয়া খবৰ বুলিলে আৰাকান আৰ্মীয়ে সীমান্ত পাৰ হৈ বাংলাদেশৰ ভূখণ্ড নিজৰ দখললৈ নিয়া সন্দৰ্ভত দুই ধৰণৰ বাতৰি আমি লাভ কৰিছোঁ। এই বিষয়টো সন্দৰ্ভত কোনো কোনো সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰিছে যে আৰাকান আৰ্মীয়ে ম্যানমাৰৰ সীমাৰ ভিতৰৰ প্ৰায় ২৭০ কিলোমিটাৰ অংশ নিজৰ দখললৈ নিছে। কিন্তু আন একাংশ সংবাদ মাধ্যমে আৰাকান আৰ্মী আহি বাংলাদেশৰ সীমাৰ ভিতৰৰ টেকনাফলৈ নিজৰ আধিপত্য বিস্তাৰ কৰা বুলি বাতৰি পৰিবেশন কৰিছে।
আৰাকান আৰ্মীয়ে ম্যানমাৰৰ সীমান্ত অঞ্চল দখল কৰা সম্পৰ্কত বাতৰি।
আমি এই সম্পৰ্কত তথ্য সংগ্ৰহ কৰোতে News24 নামৰ এক সংবাদ প্ৰতিস্থানৰ এক ভিডিঅ’ প্ৰতিবেদন পালোঁ। ১০ ডিচেম্বৰত নিউজ২৪ৰ ইউটিউব চেনেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আৰাকান আৰ্মীয়ে বাংলাদেশৰ সীমান্তৱৰ্তী ম্যানমাৰৰ ২৭০ কিলোমিটাৰ ভূখণ্ডৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিছে। ইয়াৰ ভিতৰত মাউংদাও চহৰখনো অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ উপৰিও আৰাকান আৰ্মীয়ে নাফ নদীৰ আৰাকান জলসীমাত জাহাজৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে যে আৰাকান আৰ্মীয়ে বাংলাদেশৰ কোনো অংশ নহয়, বাংলাদেশ সীমান্তৰ ওচৰৰ ম্যানমাৰৰ ভিতৰৰ অঞ্চলসমূহে নিয়ন্ত্ৰণ কৰিবলৈ লৈছে।
তদুপৰি ৯ ডিচেম্বৰত প্ৰথম আলোত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে, “ম্যানমাৰৰ সশস্ত্ৰ বিদ্ৰোহী গোট আৰাকান আৰ্মীয়ে মাউংডাও চহৰৰ ওপৰত নিয়ন্ত্ৰণ দাবী কৰিছে। ফলত বাংলাদেশ-ম্যানমাৰ সীমান্তৰ সমগ্ৰ ২৭০ কিলোমিটাৰ সীমান্ত অঞ্চল এতিয়া আৰাকান আৰ্মীৰ নিয়ন্ত্ৰণত আছে। ম্যানমাৰৰ জন্টাৰ সৈতে কেইবামাহো যুঁজৰ অন্তত দেওবাৰে পুৱা আৰাকান আৰ্মীয়ে মাউংডাউৰ নিয়ন্ত্ৰণ দখল কৰে।”
একেদৰে বাংলা ট্ৰিবিউনত ১০ ডিচেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে: ‘আৰাকান আৰ্মীয়ে বাংলাদেশৰ গাতে লাগি থকা ম্যানমাৰৰ ২৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকা সম্পূৰ্ণ নিয়ন্ত্ৰিত কৰিছে। দেওবাৰে (৮ ডিচেম্বৰ) সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে বাংলাদেশৰ সীমান্তৰ ওচৰৰ মাউংদাও নামৰ এখন চহৰ জব্দ কৰা বুলি দাবী কৰে। ফলস্বৰূপে সীমান্ত অঞ্চলটোৰ প্ৰায় সমগ্ৰ ২৭০ কিলোমিটাৰ অংশ আৰাকান আৰ্মীৰ নিয়ন্ত্ৰণত আছে। ম্যানমাৰৰ সংবাদ প্ৰতিষ্ঠান ইৰাৱাডীয়ে সোমবাৰে এই কথা প্ৰকাশ কৰিছে।”
একেই তথ্য উল্লেখ কৰা প্ৰতিবেদন আমি বিবিচি বাংলাতো পালোঁ।
দৈনিক ইনকিলাবৰ প্ৰতিবেদনতো আমি আৰাকান আৰ্মীয়ে ম্যানমাৰ সীমান্তৰ অঞ্চল নিজৰ নিয়ন্ত্ৰনলৈ অনাৰ বাতৰি লাভ কৰিলোঁ। কিন্তু তাতো বাংলাদেশৰ সীমাৰ কোনো অঞ্চল দখল কৰাৰ তথ্য নাই।
ইণ্ডিপেণ্ডেণ্ট টেলিভিছন , ঢাকা পোষ্ট আদি অন্যান্য সংবাদ মাধ্যমেও এই কথায়ে উল্লেখ কৰি বাতৰি পৰিবেশন কৰিছে যে আৰাকন আৰ্মীয়ে ম্যানমাৰৰ বাংলাদেশ সীমান্তৱৰ্তী ২৭০ কিলোমিটাৰ অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ আনিছে।
কেৱল ইমানেই নহয়। একাংশ নিৰ্বাসিত সাংবাদিকৰ দ্বাৰা পৰিচালিত ম্যানমাৰৰ এটা সংবাদ প্ৰতিষ্ঠান ইৰাৱাডীয়েও বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত এই বাতৰিৰ সত্যতা নিশ্চিত কৰি ৯ ডিচেম্বৰত এক প্ৰতিবেদন প্ৰকাশ কৰিছ আৰু কৈছে যে আৰাকান আৰ্মীই বাংলাদেশৰ নহয়, ম্যানমাৰৰ ভিতৰৰ অঞ্চলসমূহহে নিয়ন্ত্ৰণ কৰিছে।
আৰাকান আৰ্মীয়ে বাংলাদেশৰ সীমা পাৰ হৈ অহাৰ বাতৰি।
আনহাতে আমাৰ অনুসন্ধানত এনেকুৱা একাধিক বাতৰিও লাভ কৰিছোঁ যে টেকনাফ অঞ্চল দখল কৰা বুলি আৰাকান আৰ্মীয়ে দাবী কৰাক লৈ সেই অঞ্চলটোত এক চেপা উত্তেজনা বিৰাজ কৰিছে। এই খবৰৰ পৰিপ্ৰেক্ষিতত সীমান্তৱৰ্তী অঞ্চলটোৰ নাফ নৈৰে হোৱা জল পৰিবহনত টেকনাফ উপজিলাৰ প্ৰশাসনে কিছু নিষেধাজ্ঞা আৰোপ কৰা বুলিও জানিব পৰা গৈছে।
এছিয়া নিউজ নেটৱৰ্কৰ বাতৰিত এই কথা উল্লেখ কৰা হৈছে যে শেহতীয়াকৈ নাফ নদীৰ পথ বন্ধ হৈ পৰিছে। ম্যানমাৰৰ সৈতে বাণিজ্য বন্ধ হৈ পৰিছে কাৰণ আৰাকান আৰ্মীয়ে সীমান্তত নিয়ন্ত্ৰণ লৈ লোৱাৰ দাবী কৰিছে। আৰাকান আৰ্মীয়ে ৰাখাইন ৰাজ্য দখল কৰি বাংলাদেশৰ সৈতে ২৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ম্যানমাৰ সীমান্ত সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰাৰ খবৰৰ মাজতে কক্স বজাৰৰ স্থানীয় লোক আৰু ৰোহিংগীয়াসকল আতংকিত হৈ পৰিছে। নিৰাপত্তাজনিত কাৰণত টেকনাফ উপাজিলা প্ৰশাসনে টেকনাফ আৰু ম্যানমাৰ ভূখণ্ডৰ মাজত বৈ যোৱা নাফত যাতায়তৰ ক্ষেত্ৰত বাধা আৰোপ কৰে। স্থানীয় সেৱা ট্ৰলাৰ মালিক সংস্থাৰ সভাপতি ৰছিদ আহমেদে জনোৱা মতে, টেকনাফ আৰু ছেইণ্ট মাৰ্টিন দ্বীপৰ মাজত মানুহ আৰু সামগ্ৰী কঢ়িয়াই নিয়া নাও কালি চলি থকা নাছিল।
অনুৰূপ ধৰণৰ বাতৰি নৰ্থ-ইষ্ট লাইভেও পৰিবেশন কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ম্যানমাৰৰ জন্টা আৰু জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন আৰাকান আৰ্মীৰ মাজত তীব্ৰ যুদ্ধ হৈছিল। স্থানীয় লোকে কয় যে যোৱা দেওবাৰৰ পৰা কোনো ধৰণৰ বোমা বিস্ফোৰণ হোৱা নাই যদিও সীমান্তৰ ওপৰেৰে সঘনাই উৰা মাৰিছিল সামৰিক বিমান। ছানৰাং গাঁৱৰ মাছমৰীয়া আব্দুছ শুক্কুৰে দাবী কৰিছে যে কিছুদিন পূৰ্বে আৰাকান আৰ্মীয়ে নাফ মোহনাটোৰ পৰা কেইবাজনো মাছমৰীয়াক আটক কৰি ৰাখিছিল। ‘কেতিয়াবা তেওঁলোকে বাংলাদেশী মাছমৰীয়াসকলৰ ওপৰত গুলীচালনা কৰে। বান্দৰবনৰ নাইখোংছাৰীৰ ঘুমডুম অঞ্চলৰ বাসিন্দা মৌলানা হাৰুণ আমিনীয়ে সীমান্তৰ কাষতে থকা নিজৰ খেতিপথাৰলৈ যাবলৈ ভয় কৰিছে বুলিও কৈছে। “কোনে জানে কেতিয়া সিহঁতে আকৌ যুঁজিবলৈ আৰম্ভ কৰিব আৰু আমাৰ মাজৰ এজন ভুক্তভোগী হ’ব?” তেওঁ কয়।
ইয়াৰ ফলত বিৰূপ প্ৰভাৱ পৰিছে নেকি বাণিজ্যত।
টেকনাফ ইউনাইটেড লেণ্ড প’ৰ্ট লিমিটেডৰ জেনেৰেল মেনেজাৰ জাছিম উদ্দিনে কয়, ‘ম্যানমাৰৰ পৰা সামগ্ৰী লৈ অহা শেষ নাওখন আছিল ৭ ডিচেম্বৰত ইয়াংগনৰ পৰা মাছ ধৰা এখন ট্ৰ’লাৰ।বৰ্তমান ম্যানমাৰৰ চাৰিখন ট্ৰ’লাৰ লেণ্ড প’ৰ্ট জেটিতে আছে। নাৱৰ মানুহবোৰ ঘূৰি আহিবলৈ ইচ্ছুক নহয়।” ইউএনঅ’ এহছানে কয় যে বাংলাদেশত অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ বিজিবি আৰু ক’ষ্ট গাৰ্ড সষ্টম হৈ আছে। ইফালে বহু প্ৰত্যাশিত প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াক লৈ চিন্তিত হৈ পৰিছে কক্স বজাৰৰ ৰোহিংগীয়া নেতাসকল। কক্স বজাৰত বলপূৰ্বকভাৱে স্থানচ্যুত ম্যানমাৰ নেচনেলছ প্ৰতিনিধি সমিতিৰ অধ্যক্ষ কমল হোছেইনে কয় যে আমি আৰাকান আৰ্মীৰ সৈতে বহি আমাৰ গৃহভূমিলৈ উভতি অহাৰ সম্ভাৱনাৰ বিষয়ে কথা পাতিব বিচাৰোঁ। আৰাকান ৰহিংগিয়া ছ’চাইটি ফৰ পিছ এণ্ড হিউমেন ৰাইটছৰ অধ্যক্ষ মহম্মদ জুবাইৰে কয় যে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক মাউংডাও চহৰৰ পৰা সঘনাই ফোন কৰি কয় যে তেওঁলোকে ৰহিংগীয়াসকলৰ ওপৰত দমন চলোৱাৰ আশংকাত ভুগিছে। বহু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি আৰাকান আৰ্মীয়ে কৌশলগত পশ্চিম চহৰ মাউংদাওৰ শেষৰটো আৰ্মী আউটপোষ্ট দখল কৰাৰ দাবী কৰি বাংলাদেশ-ম্যানমেৰ সীমান্তৰ ভূখণ্ডৰ ওপৰত দেওবাৰে সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰে। আৰাকান আৰ্মীবাহিনীৰ উদ্ধৃতিৰে এছচিয়েট প্ৰেছে উল্লেখ কৰিছে যে ৰাখাইনৰ উত্তৰ অংশৰ ওপৰত নিয়ন্ত্ৰণ দাবী কৰাৰ পাছত নাফ পাৰ হৈ যাতায়ত বন্ধ কৰাৰ নিৰ্দেশ দিছিল কাৰণ আৰক্ষী আৰু আৰ্মীবাহিনীৰ সৈতে জড়িত স্থানীয় মুছলমানসকলে নাৱেৰে বাংলাদেশলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। এছোচিয়েট প্ৰেছে প্ৰকাশ কৰা অনুসৰি, “বিদ্ৰোহী গোটটোৰ বিৰুদ্ধে মানৱ অধিকাৰৰ বৃহৎ উলংঘাৰ অভিযোগ উত্থাপন হৈছে, বিশেষকৈ মে’ মাহৰ মাজভাগত বুথীডাউং চহৰখন দখল কৰাৰ অভিযোগত যেতিয়া আনুমানিক ২ লাখ বাসিন্দা, মূলতঃ ৰহিংগীয়াক, এৰি যাবলৈ বাধ্য কৰাইছিল আৰু তাৰ পাছত বেছিভাগ অট্টালিকাতে জুই লগাই দিয়া হৈছিল। ইয়াৰ বিৰুদ্ধে আগষ্ট মাহত মাউংদাওত হোৱা যুদ্ধৰ পৰা পলায়ন কৰা ৰোহিংগীয়া সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।” এইদৰেই বৰ্তমান ৰাষ্ট্ৰ দুখনৰ মাজত চলি থকা বাণিজ্য এক প্ৰকাৰ বন্ধ হৈ পৰিছে।
উপসংহাৰ।
এতিয়ালৈ প্ৰাপ্ত তথ্যৰ ভিত্তিত আমি এই কথা ক’ব পাৰোঁ যে সীমান্তৱৰ্তী টেকনাফ অঞ্চলত আৰাকন আৰ্মীৰ গতিবিধিক কেন্দ্ৰ কৰি এক উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি হৈছে যদিও, টেকনাফ অঞ্চল দখল কৰা বুলি এতিয়ালৈকে নিশ্চিত তথ্য নাই। আৰাকান আৰ্মীয়ে দাবী কৰিলেও সেয়া এতিয়াও আনুষ্ঠানিক ঘোষণা হিচাপে বিবেচিত হোৱা নাই। কিন্তু সীমান্তৱৰ্তী অঞ্চলত যে এক অস্বাভাৱিক পৰিবেশ বিৰাজ কৰি আছে সেয়া ধুৰুপ। আৰাকান আৰ্মীয়ে টেকনাফ সম্পূৰ্ণৰূপে নিজৰ দখললৈ নিছে নে নাই সেই তথ্যৰ চৰকাৰী নিশ্চিতিকৰণো কিন্তু ঢাকাৰ পৰা এতিয়ালৈ প্ৰকাশ হোৱা নাই। বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰে এই সম্পৰ্কত এতিয়াও কোনো তথ্য সদৰি কৰা নাই। গতিকে টেকনাফ এতিয়া যদিও আৰাকান আৰ্মীয়ে নিজৰ দখললৈ লৈ গৈছে বুলি নিশ্চিতভাৱে কৈ দিব পৰা নাযায়, কিন্তু সেই অঞ্চলত যে আৰাকান আৰ্মীৰ প্ৰচ্ছায়া বিৰাজমান সেয়া কিন্তু অনুমান কৰিব পাৰি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:আৰাকান আৰ্মীয়ে বাংলাদেশৰ টেকনাফ দখল কৰা প্ৰসংগত কিছু আলোচনা।
Fact Check By: Pranjal SharmaResult: Insight
