প্ৰস্তাৱনা
২০৪০ চনলৈ অসমৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হ’ব বুলি আশংকা কৰা হৈছে, যাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতি, পৰিৱেশ তন্ত্ৰ আৰু জনস্বাস্থ্যৰ প্ৰতি যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব। এই শংকা প্ৰকাশ কৰিছে বেংগালুৰুৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষমতা বিদ্যালয়ে । পূৰ্বাভাস অনুসৰি ভাগ-বতৰা কৰা আৰ্থ-সামাজিক পথ (shared socio-economic pathway) ২-৪.৫ পৰিস্থিতিৰ যি মধ্যমীয়া নিৰ্গমন, তাৰ বৰ্তমান পৰিস্থিতিৰ বাবে ২০৪০ চনৰ ভিতৰত অসমৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হ’ব পাৰে। এই ভাগ-বতৰা কৰা আৰ্থ-সামাজিক পথ অথবা এছএছপি ২-৪.৫ য়ে উষ্ণতা বৃদ্ধিৰ প্ৰভাৱৰ পৰিমাপ থকা জলবায়ু পৰিৱৰ্তনৰ আৰ্হিৰ পৰিস্থিতিটোক বুজায়।
বিশেষজ্ঞই কি কৈছে
আজিম প্ৰেমজী বিশ্ববিদ্যালয়খনৰ অধ্যাপক শান্তনু গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে এইদৰেঃ “ভাৰতত প্ৰথমবাৰৰ বাবে আমি জলবায়ুৰ তথ্যৰ প্ৰক্ষেপণ যথেষ্ট মুকলিকৈ প্ৰকাশ কৰিলোঁ, যাৰ ফলত ইয়াক জনসাধাৰণৰ বাবে মুক্তভাৱে উপলব্ধ কৰা হ’ল। ভাৰতৰ যিকোনো জিলাৰ বাবে যিকোনো ব্যক্তিয়ে পোনপটীয়াকৈ তথ্য ডাউনলোড কৰিব পাৰিব। উত্তৰ-পূবৰ পৰিস্থিতিৰ প্ৰতি আমি আগ্ৰহী। সেইবাবেই আমি ইয়ালৈ আহি তথ্যৰ সৈতে সকলোকে পৰিচয় কৰাই দিয়াৰ সিদ্ধান্ত লৈছো।”
অসমৰ কেইবাখনো জিলাত আগন্তুক ১৫ৰ পৰা ২০ বছৰৰ ভিতৰত বৰষুণৰ পৰিমান কম হোৱাৰ আশংকা কৰা হৈছে। মাজুলী, যোৰহাটকে ধৰি অসমৰ কেইবাখনো জিলাত এইধৰণৰ অধিক মাত্ৰাৰ উষ্ণতা বৃদ্ধি যথেষ্ট শংকাজনক। এই জিলাসমূহত ৱেট বাল্বৰ টেম্পাৰেছাৰ( তাপ আৰু আদ্ৰতাৰ পৰিমাপক) অতি উচ্চ পৰ্যায়ত বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। এই বৃদ্ধিয়ে কৃষি খণ্ডৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।
“জলবায়ু পৰিৱৰ্তনৰ বিষয়টো আমাৰ দৈনন্দিন কথা-বতৰাৰ অংশ হ’ব লাগিব। আমি তথ্যসমূহ একত্ৰিত কৰিছো আৰু আশা কৰিছো যে আমাৰ তথ্যসমূহ দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে ৰাজ্যিক বিভাগসমূহৰ বাবে উপযোগী হ’ব। এই সন্দৰ্ভত আলোচনাৰ বাবে আমি আগ্ৰহী হৈ আছোঁ।’-শান্তনু গোস্বামীয়ে লগতে কয়।
কিমান বাঢ়িব পাৰে ৱেট বাল্বৰ টেম্পাৰেছাৰ
কেইবাখনো জিলাত ৱেট বাল্বৰ টেম্পাৰেছাৰ (তাপ আৰু আৰ্দ্ৰতাৰ পৰিমাপ) উচ্চ পৰিমানৰ হ’ব বুলি আশংকা কৰা হৈছে। যোৰহাট আৰু মাজুলীত সৰ্বোচ্চ মাত্ৰা অনুভৱ কৰাৰ সম্ভাৱনা আছে। ই ৩১ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হব পাৰে। এই অৱস্থাসমূহে বিশেষকৈ গৰমৰ সময়ত স্বাস্থ্যৰ বাবে যথেষ্ট বিপদৰ সৃষ্টি কৰিব পাৰে। নগাঁৱত বাৰ্ষিক ৱেট বাল্বৰ টেম্পাৰেছাৰ ১.৯৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে, যিয়ে তাপ সম্পৰ্কীয় স্বাস্থ্যজনিত প্ৰত্যাহ্বান বৃদ্ধিৰ ইংগিত দিয়ে।
জলবায়ুৰ পৰিৱৰ্তনে কৃষি আৰু জলসম্পদত প্ৰভাৱ পেলাব
দীৰ্ঘদিনীয়া খৰালি আৰু বৰষুণহীনতাৰ তীব্ৰতাই পানীৰ নাটনি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। যাৰ ফলত জলসিঞ্চন আৰু খোৱাপানীৰ উপলব্ধতাত প্ৰভাৱ পৰিব পাৰে। বৰষুণৰ ধৰণৰ পৰিৱৰ্তনে কৃষি চক্ৰৰ সময় আৰু উৎপাদনশীলতাতো প্ৰভাৱ পেলাব পাৰে, যিয়ে অসমৰ কৃষি অৰ্থনীতিৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কি কয়
ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বিগত বৰ্ষৰ জুন আৰু জুলাই মাহত উত্তৰ-পূবৰ অধিকাংশ ৰাজ্যত সাধাৰণতকৈ কম পৰিমানৰ বৰষুণ হৈছে। তেওঁলোকৰ মতে আগষ্ট আৰু ছেপ্টেম্বৰ মাহতো একে ধাৰা অব্যাহত আছিল, যিয়ে পাছলৈ শস্যৰ উৎপাদন আৰু বিদ্যুৎ উৎপাদনত প্ৰভাৱ পেলাইছিল। জুলাই মাহৰ শেষলৈকে অৰুণাচল প্ৰদেশত স্বাভাৱিকতকৈ ১৯% কম বৰষুণ, অসমত ৫% কম, নাগালেণ্ডত ২৬% কম, মণিপুৰত ৪৮% কম হোৱাৰ বিপৰীতে মিজোৰাম আৰু ত্ৰিপুৰাত ক্ৰমে ৩২% আৰু ১১% কম বৰষুণ হয়। বিগত বৰ্ষৰ বাৰিষাৰ প্ৰথম দুমাহত স্বাভাৱিকতকৈ ১% বেছি বৰষুণ হোৱা একমাত্ৰ ৰাজ্য আছিল মেঘালয়।
‘উত্তৰ-পূবত ভাৰতৰ বাকী অংশতকৈ স্বাভাৱিক বৰষুণৰ পৰিসংখ্যা বেছি। গতিকে বৰষুণ কম হ’লে পৰিসংখ্যাই সেই কথা প্ৰতিফলিত কৰে। মে’ মাহত জাৰি কৰা বাৰিষাৰ আমাৰ দীৰ্ঘম্যাদী পূৰ্বাভাসত ইতিমধ্যে উত্তৰ-পূবৰ কিছুমান অঞ্চলত স্বাভাৱিকতকৈ কম বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছিল।’- এই মন্তব্য গুৱাহাটীস্থিত আই এম জিৰ কাৰ্যালয়ৰ বিজ্ঞানী সুনীত দাসৰ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি জুলাই মাহত উত্তৰ-পূবৰ সকলো ৰাজ্যতে বৰষুণৰ তীব্ৰতা স্বাভাৱিকতকৈ হ্ৰাস পাইছিল। জুলাই মাহত মেঘালয়ত ১৯% কম বৰষুণ, মণিপুৰত ৪২%, অৰুণাচল প্ৰদেশত ৩১%, অসমত ২১% কম বৰষুণ হোৱাৰ বিপৰীতে মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত ২৬% কম বৰষুণ হয়।
“সাধাৰণতে উত্তৰ-পূবত বাৰিষাৰ প্ৰভাৱৰ বাবে বেছিভাগ বৰষুণ হয়। এই ঋতুত সেইটো কম হৈছে আৰু ই কম বৰষুণৰ এটা কাৰণ হ’ব পাৰে। লা নীনাৰ প্ৰভাৱৰ বাবে আগষ্ট আৰু ছেপ্টেম্বৰলৈকে এই ধাৰা অব্যাহত আছিল।’-এইদৰে কয় শ্ৰী দাসে।
অন্য প্ৰান্তৰ তথ্য কি আছিল
বিগত বৰ্ষৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত দেশৰ বেছিভাগ ঠাইতে স্বাভাৱিক আৰু স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ তথ্য আছিল যদিও সমগ্ৰ উত্তৰ-পূবত কম পৰিমানৰ বৰষুণৰ ধাৰা অব্যাহত থকা বুলি আইএমডিয়ে জনাইছিল। আইএমডিৰ এক বিবৃতিত কোৱা হৈছিল যে, “পূব ভাৰতৰ উত্তৰ-পূব আৰু ইয়াৰ কাষৰীয়া অঞ্চল যেনে লাডাখ, সৌৰাষ্ট্ৰ এড কুচ আৰু মধ্য আৰু উপদ্বীপীয় ভাৰতৰ কিছুমান বিচ্ছিন্ন অঞ্চলত স্বাভাৱিকতকৈ কম বৰষুণৰ হৈছিল।”
উপসংহাৰ
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়নত স্পষ্ট হৈ পৰিছে যে ক্ৰমাগতভাৱে ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমত বৰষুণৰ পৰিমান হ্ৰাস পোৱাটো উদ্ৰেগজনক হৈ পৰিছে। বিভিন্ন কাৰকৰ বাবে এই পৰিৱৰ্তন দেখা গৈছে। ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। জলবায়ু পৰিৱৰ্তনে আগন্তুক সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এক অশনি সংকেত কঢ়িয়াইছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বৰ্ধিত উষ্ণতা, বৰ্ষাহীনতা আৰু অসমৰ ভৱিষ্যতঃ এক আলোচনা
Fact Check By: Pranjal SharmaResult: Insight
