পাতনি
বৰ্ষাকালত অসমত বানপানী হৈয়েই থাকে, কিন্তু ২০২৫ চনৰ বানপানীয়ে আকৌ এবাৰ অসমবাসীক কঠোৰ পৰীক্ষাৰ সন্মুখীন কৰোৱাছে। এই বানপানীয়ে হাজাৰ হাজাৰ লোকক গৃহহীন কৰিছে, জীৱ-জন্তু, খেতি-বাতি আৰু সা-সম্পত্তিৰ অপৰিমেয় ক্ষতি সাধন কৰিছে। এই লেখাত আমি এই বানপানীৰ কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সংক্ষিপ্তকৈ আলোচনা কৰিম।
অসমৰ বানপানীৰ মূল কাৰণ:
১. বৰষুণৰ বৃদ্ধি: এইবাৰৰ বৰ্ষাত স্বাভাৱিকতকৈ অধিক বৰষুণ দিছে, বিশেষকৈ অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ভূটানৰ পৰা অহা পানীৰ ফলত অসমৰ নদীসমূহৰ পানীৰ পৰিমাণ বাঢ়িছে।
২. নদীৰ গতিপথত বাধা: ব্ৰহ্মপুত্ৰ, বৰাক, আৰু ইয়াৰ উপনদীসমূহত বালি, শিল আদিৰ প্ৰৱাহ বাঢ়ি নদীৰ গভীৰতা কমিছে, ফলত পানী ওলাই পথাৰ-গাঁৱত প্ৰৱেশ কৰিছে।
৩. বনাঞ্চল ধ্বংস: পাহাৰীয়া অঞ্চলত অবৈধ খনন, খেতিৰ বাবে জংঘল ধ্বংস কৰাৰ ফলতো মাটিৰ ক্ষয় হৈ পানীৰ প্ৰৱাহ বাঢ়িছে।
৪. বান নিয়ন্ত্ৰণ ব্যৱস্থাৰ অভাৱ: বহু ঠাইত বান নিয়ন্ত্ৰণ ব্যৱস্থা দুৰ্বল বা নাই আৰু নদীৰ ড্ৰেজিং (পানীৰ তলৰ মাটি কঢ়িয়াই অনা) যথেষ্ট পৰিমাণে হোৱা নাই।
গুৱাহাটী মহানগৰীৰ বানৰ কাৰণঃ
১. পৰিকল্পনাহীন নিৰ্মাণ- দেখা গৈছে যে বিগত দুটা দশকত গুৱাহাটী মহানগৰীত ব্যাপক হাৰত আন্তঃগাঠনিমূলত উন্নয়নৰ নামত চৌপাশে যধেমধে নিৰ্মাণকাৰ্য হৈছে। বহু স্থানত আনকি পূৰ্বৰ জলাশয়ো ধ্বংস কৰি অট্টালিকা নিৰ্মাণ কৰা হৈছে। ফলত পানী ওলাই যোৱা বাট ৰূদ্ধ হৈছে।
২. নলা-নৰ্দমাৰ অব্যৱস্থা- গুৱাহাটী মহানগৰীৰ নল-নৰ্দমাসমূহৰ অব্যৱস্থাৰ বাবে বৰষুণৰ পানী ওলাই যোৱাৰ সুগম পথৰ বন্ধ হৈ পৰিছে। মহানগৰবাসীয়ে বিভিন্ন পেলনীয়া সমগ্ৰী নলাত পেলোৱাৰ ফলত সেই নলাসমূহ বন্ধ হৈ যায় আৰু এজাক বৰষুণতেই পানী জমা হয়।
৩. নলী-নাদ পৰিস্কৰণৰ ক্ষেত্ৰত অব্যৱস্থা- গুৱাহাটী পৌৰ নিগমে মাজে সময়ে নলাসমূহ পৰিস্কাৰ কৰাৰ নামত জাবৰ-জোথৰসমূহ তোলে যদিও সেইসমূহ উপযুক্ত ধৰণে নিৰ্দিষ্ট স্থানত নি নষ্ট কৰি পেলোৱা বেলিকা উচিত পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত পুনৰ সেই জাবৰসমূহ নলাত পৰে আৰু পূৰ্বৰ পৰিস্থিতি বাহাল থাকে।
৪. উপনৈৰ মৃত্যু- একালত গুৱাহাটীত বহুকেইখন উপনৈ আছিল, যিয়ে গুৱাহাটীৰ পানী ব্ৰহ্মপুত্ৰলৈ বোৱাই নিছিল। কালক্ৰমত সেইসমূহৰ মৃত্যু ঘটাৰ লগতে বাহিনী আৰু ভৰলুৰ কদৰ্য অৱস্থাৰ বাবেও এতিয়া পানী ওলাই যোৱাৰ বাট বন্ধ হৈ পৰিছে। তাৰ বাবেই এতিয়া গুৱাহাটীত ভয়ংকৰ বান পৰিস্থিতি সৃষ্টি হয়।
বানপানীৰ পৰিণাম:
১.মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ: হাজাৰ হাজাৰ লোকৰ ঘৰ-বাৰী উটি গৈছে, ৰাস্তা-ঘাটৰ যোগাযোগ বিচ্ছিন্ন হৈছে। বহু লোক বানপানীৰ আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে।
২.কৃষিৰ ক্ষতি: ধান, শাক-পাচলি, মাছ পালন আদিৰ ব্যাপক ক্ষতি হৈছে, যিটো অৰ্থনৈতিকভাৱে অসমৰ বাবে এক ডাঙৰ বাধা।
৩.জীৱ-জন্তুৰ ক্ষতি: কাজিৰঙা, ডিব্ৰু-চৈখোৱা আদি সংৰক্ষিত অঞ্চলত বানপানীয়ে বহু বনৰীয়া জীৱ-জন্তুৰ মৃত্যুৰ কাৰণ হৈছে।
৪.স্বাস্থ্যৰ ক্ষতি: বানপানীৰ ফলত পানী প্ৰদূষণ, মেলেৰিয়া, ডেংগু আদি ৰোগৰ সম্ভাৱনা বাঢ়িছে।
চৰকাৰৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া:
১.আপদকালীন সাহায্য: অসম চৰকাৰে আপদকালীন ভিত্তিত বন্যাৰ্তৰ বাবে খাদ্য, খোৱাপানী, ঔষধ আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰিছে। NDRF (ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী) আৰু SDRF (ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী)ক সক্ৰিয়ভাৱে নিয়োজিত কৰা হৈছে।
২.আৰ্থিক সহায়: অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।
৩.দীৰ্ঘম্যাদী পৰিকল্পনা: শেহতীয়া তথ্য মতে অসম চৰকাৰে নদীৰ ড্ৰেজিং, বান নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালীকৰণ আৰু জলস্ফীতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা চলাইছে।
এই বিষয়ক কিছু তথ্য ইয়াত চাব পাৰিব।
উপসংহাৰ:
অসমৰ বানপানী এটা পুনৰাবৃত্তিমূলক সমস্যা, যিটোৰ বাবে দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজন। চৰকাৰে যিমানেই প্ৰতিকাৰমূলক ব্যৱস্থা লওক; সাধাৰণ লোকেও সচেতন হৈ পৰিৱেশ ৰক্ষা, বনাঞ্চল নষ্ট নকৰা আদিৰ দিশত আগবাঢ়িব লাগিব। এইক্ষেত্ৰত চৰকাৰখনৰ নিৰ্দিষ্ট বিভাগটোৱে অতি উন্নতমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি সমগ্ৰ অসমৰে বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা উচিত। তদুপৰি গুৱাহাটী মহানগৰীকে ধৰি অন্য চহৰ নগৰসমূহৰ লোকসকলে সচেতনতাৰে নিজৰ নলা-নৰ্দমাসমূহ পৰিস্কাৰ কৰি ৰখা উচিত। চৰকাৰ তথা প্ৰতিগৰাকী ৰাইজৰ অকুণ্ঠ সহযোগিতাৰ দ্বাৰা হে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা যাব।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অসমৰ বানপানী: কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া
Fact Check By: Pranjal SharmaResult: Insight
