HMPV কি? ইয়াৰ লক্ষণ কি,চিকিৎসা কি, কিদৰে প্ৰতিৰোধ কৰিব পাৰি আদি সামৰি এক সামগ্ৰিক আলোচনা। 

Insight Social
https://lh7-rt.googleusercontent.com/docsz/AD_4nXfHG8mIQgDrQfwRQCWd8nwCqyLWZnG1Dcwz3wFMxEMlZMr7tTpTp5eyWGseT8mWawHoCViBuZmjaMPrz9OSm5VZ07YmNede9tjJZt1C3dmufsNhuGBucbavttPWyy1_w-VCqUS7Hg?key=NqnPiz7wsa3eS70oijn3JyoA

প্ৰস্তাৱনা

হিউমেন মেটানিউমোভাইৰাছ চমুকৈ HMPV হৈছে বৰ্তমান বিশ্বব্যাপী স্বীকৃত শ্বাস-প্ৰশ্বাসজনিত এক ভাইৰাছ যিয়ে শেহতীয়াকৈ চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ হোৱাৰ বাতৰি বিয়পি পৰাৰ পাছত ব্যাপক চৰ্চা লাভ কৰিছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ নিয়মীয়া পৰ্যবেক্ষণত শেহতীয়াকৈ আমাৰ দেশৰ কৰ্ণাটকত এইচএমপিভিৰ দুটা ৰোগী ধৰা পৰিছে। তদুপৰি অন্য একাধিক ৰাজ্যৰ পৰাও ইয়াৰ প্ৰদুৰ্ভাৱৰ খবৰ আহিছে। আমাৰ এই আলোচনাত এই ভাইৰাছ সন্দৰ্ভত কিছু কথা সন্নিবষ্ট কৰা হৈছে। এই ভাইৰছটো নো কি, লক্ষণ কি, উপচাৰ কৰি ইত্যাদি ইয়াত সাঙুৰি লোৱা হৈছে। 

এইচএমপিভি (HMPV) নো কি?

এইচএমপিভি হৈছে এনে এক ভাইৰাছজনিত ৰোগৰ কাৰক যিয়ে সকলো বয়সৰ লোকৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ সৃষ্টি কৰে। ২০০১ চনত প্ৰথম আৱিষ্কাৰ হোৱা এইবিধ ভাইৰাছ পেৰামাইক্সোভাইৰিডে পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াৰ সৈতে শ্বাস-প্ৰশ্বাসজনিত চিনচাইটিয়াল ভাইৰাছৰ (RSV) ওতঃপ্ৰোত সম্পৰ্ক আছে। কাহ বা হাঁচিৰ পৰা ওলোৱা শ্বাস-প্ৰশ্বাসজনিত পানীৰ টোপালৰ জৰিয়তে এইচএমপিভি বিয়পে লগতে দূষিত পৃষ্ঠ স্পৰ্শ কৰি বা আক্ৰান্ত ব্যক্তিৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলেও ই আন এজনৰ শৰীৰলৈ বিয়পিব পাৰে। এই ভাইৰাছে বিশেষকৈ কেঁচুৱা, বয়সস্থ লোক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল থকা ব্যক্তিৰ দৰে জনসমুহৰ ক্ষেত্ৰত মৃদু শ্বাস-প্ৰশ্বাসজনিত অস্বস্তিৰ পৰা আৰম্ভ কৰি গুৰুতৰ জটিলতালৈকে ৰোগৰ সৃষ্টি কৰে বুলি জনা যায়। ই বিশ্বজুৰি প্ৰচলিত আৰু নাতিশীতোষ্ণ অঞ্চলত শীতকালৰ শেষৰ ফালে আৰু বসন্তৰ আৰম্ভণিতে ইয়াৰ শিখৰত উপনীত হোৱাৰ প্ৰৱণতা থাকে যদিও কিছুমান অঞ্চলত ই বছৰজুৰি চলে।

এইচএমপিভিৰ (HMPV) লক্ষণ

ব্যক্তিৰ বয়স, সাধাৰণ স্বাস্থ্যজনিত অৱস্থা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি এইচএমপি ভিৰ লক্ষণসমূহ ভিন্ন হয়। সাধাৰণতে নাকেৰে পানী ওলোৱা, ডিঙিৰ বিষ, কাহ আৰু জ্বৰৰ সৈতে ই দেখা দিয়ে, যিটো সাধাৰণ চৰ্দিৰ লক্ষণৰ দৰে হয়। মধ্যমীয়া লক্ষণসমূহ হ’ব পাৰে স্থায়ী এক কাহ, হাঁচি অহি থকা আৰু ভাগৰুৱা লাগি থকা। গুৰুতৰ ক্ষেত্ৰত বিশেষকৈ কেঁচুৱা, বয়সস্থ আৰু দীৰ্ঘদিনীয়া ৰোগ থকা লোকৰ ক্ষেত্ৰত এইচএমপিভিৰ ফলত ব্ৰংকাইটিছ, ব্ৰংকিঅ’লাইটিছ বা নিউমোনিয়াৰ দৰে জটিলতা হ’ব পাৰে। তদুপৰি চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হোৱা গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগো হ’ব পাৰে। 

সংক্ৰমণ আৰু প্ৰতিৰোধ 

এইচএমপিভি আন শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ যেনে আৰএছভি, ইনফ্লুৱেঞ্জা আদিৰ দৰেই বিয়পে। সংক্ৰমিত ব্যক্তিৰ পৰা শ্বাস-প্ৰশ্বাসত ওলোৱা টোপালৰ জৰিয়তে বা দূষিত পৃষ্ঠৰ সংস্পৰ্শৰ জৰিয়তে ইয়াৰ  সংক্ৰমণ ঘটে। এইচএমপিভিৰ বিস্তাৰ ৰোধ কৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস কৰাটো অতি প্ৰয়োজনীয়। সঘনাই চাবোন আৰু পানীৰে হাত ধোৱাটোও এইক্ষেত্ৰত প্ৰয়োজনীয়। তদুপৰি হাঁচি বা কাহৰ সময়ত মুখ আৰু নাক ঢাকি লোৱা আৰু মাস্ক পিন্ধা আদিয়ে ইয়াৰ বিস্তাৰ সীমিত কৰিব পাৰে। আক্ৰান্ত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শ এৰাই চলা আৰু সঘনাই স্পৰ্শ কৰা পৃষ্ঠভাগ নিয়মিতভাৱে বীজাণুমুক্ত কৰাটো অতিৰিক্ত প্ৰতিৰোধমূলক ব্যৱস্থা।

এইচএমপিভি(HMPV) কিমান দিনলৈ থাকে?

সামান্য ৰূপত এইচএমপিভি মানুহৰ ক্ষেত্ৰত সাধাৰণতে এদিন দুদিনমানৰ পৰা এসপ্তাহলৈকে থাকে। গুৰুতৰ ক্ষেত্ৰত হয়তো সুস্থ হৈ উঠিবলৈ বেছি সময় লাগিব পাৰে। কিন্তু কাহৰ দৰে দীৰ্ঘদিনীয়া লক্ষণবোৰ নোহোৱা হ’বলৈ বহুত সময়ো লাগিব পাৰে। এইচএমপিভিৰ নিদানৰ ক্ষেত্ৰত কেৱল লক্ষণৰ ওপৰত ভিত্তি কৰিয়ে এইচএমপিভি বুলি নিৰ্ণয় কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে। কিয়নো ই আৰএছভি আৰু ইনফ্লুৱেঞ্জাৰ দৰে অন্যান্য শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণক অনুকৰণ কৰে। ৰিভাৰ্ছ ট্ৰান্সক্ৰিপচন পলিমেৰেজ চেইন ৰিয়েকচন (RT-PCR) হৈছে এইচএমপিভি আৰএনএ ধৰা পেলোৱাৰ বাবে উচিত মানদণ্ডৰ নিদান ব্যৱস্থা। আনহাতে এন্টিজেন ধৰা পেলোৱা পৰীক্ষাই এইক্ষেত্ৰত দ্ৰুত ফলাফল প্ৰদান কৰে।

এইচএমপিভিৰ চিকিৎসা

ভাৰতত আইচিএমআৰ আৰু ইন্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেন্স প্ৰগ্ৰেম (আইডিএছপি)ৰ দৰে পৰ্যবেক্ষণ কৰ্মসূচীয়ে শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপে এইচএমপিভিকে ধৰি শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ পৰীক্ষা নিয়মিতভাৱে কৰে। বৰ্তমান এইচএমপিভিৰ বাবে কোনো নিৰ্দিষ্ট এন্টিভাইৰেল ঔষধ বা ভেকচিন উপলব্ধ নহয়। ইয়াৰ চিকিৎসা সংক্ৰমণৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। সামান্য ক্ষেত্ৰত জ্বৰ আৰু অন্য লক্ষণ নিয়ন্ত্ৰণৰ বাবে জিৰণি, পৰ্যাপ্ত পৰিমাণৰ হাইড্ৰেচন আৰু  চিকিৎসালয়ৰ পৰা পোৱা ঔষধ যথেষ্ট। গুৰুতৰ ক্ষেত্ৰত বিশেষকৈ নিউমোনিয়া বা ব্ৰংকিঅ’লাইটিছৰ সৈতে জড়িত ক্ষেত্ৰত অক্সিজেন থেৰাপী আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হ’ব পাৰে। শ্বাস-প্ৰশ্বাসজনিত যথেষ্ট অসুবিধা অনুভৱ কৰা ৰোগীক যান্ত্ৰিক বায়ু প্ৰৱেশ(ভেণ্টিলেছন)ৰ প্ৰয়োজন হ’ব পাৰে। সুনিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা চিকিৎসা আৰু ভেকচিন প্ৰস্তুত কৰাৰ বাবে গৱেষণা চলি থকাৰ সময়তে প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আগতীয়া চিকিৎসাৰ ব্যৱস্থা এইচএমপিভি সংক্ৰমণ নিয়ন্ত্ৰণৰ মূল চাবিকাঠি হৈয়েই আছে।

এই সন্দৰ্ভত আমাৰ তৰফৰ পৰা সক্ষিপ্তভাৱে প্ৰস্তুত কৰা এটা ভিডিঅ’ তলত সংলগ্ন কৰি দিছোঁ। 

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষণ (গ্ল’বেল এণ্ড নেচনেল মনিটৰিং) 

এইচএমপিভি কোনো নতুন ৰোগকাৰক নহয়। ইয়াৰ ৰোগী বিশ্বজুৰি ধৰা পৰিছে। ভাৰতত আইচিএমআৰ আৰু আইডিএছপিৰ দৰে পৰ্যবেক্ষণ ব্যৱস্থাই ইনফ্লুৱেঞ্জা আৰু আৰএছভিৰ দৰে অন্যান্য ৰোগ সৃষ্টিকাৰী জীৱাণুৰ সমান্তৰালভাৱে এইচএমপিভিকে ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ধাৰা নিৰীক্ষণ কৰি আছে। চৰকাৰে নিজৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু পৰ্যবেক্ষণৰ নেটৱৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ দ্বাৰা যিয়ে নতুন ভাবুকি ধৰা পেলোৱা আৰু ইয়াৰ ক্ষেত্ৰত  চিকিৎসাজনিত সঁহাৰি জনোৱাৰ বাবে সজাগ হৈ আছে।

এইচএমপিভি আৰু ক’ভিড-১৯ৰ মাজত সাদৃশ্য আৰু পাৰ্থক্য 

ছাৰ্ছ চিওভি-২ ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা এইচএমপিভি আৰু ক’ভিড-১৯ দুয়োটা শ্বাস-প্ৰশ্বাসজনিত ৰোগকাৰক যদিও ইয়াৰ ভাইৰ’লজী, সংক্ৰমণৰ গতিশীলতা আৰু জনস্বাস্থ্যৰ প্ৰভাৱৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য আছে। সাদৃশ্যৰ ভিতৰত দুয়োটাৰে সংক্ৰমণৰ ধৰণ প্ৰায় একেই। দুয়োটা শ্বাস-প্ৰশ্বাসৰ টোপাল, প্ৰত্যক্ষ সংস্পৰ্শ আৰু দূষিত পৃষ্ঠৰ জৰিয়তে বিয়পি পৰে। দুয়োটাৰে মৃদুৰ পৰা গুৰুতৰ শ্বাস-প্ৰশ্বাসজনিত লক্ষণ যেনে কাহ, জ্বৰ আৰু উশাহ লোৱাত কষ্টৰ সৃষ্টি হ’ব পাৰে আৰু কেঁচুৱা, বয়সস্থ লোক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোককে ধৰি দুৰ্বল জনসমুহৰ বাবে এইবোৰ বিশেষভাৱে বিপজ্জনক। 

আনহাতে অন্তৰ্নিহিত ভাইৰাছবোৰৰ মাজত পাৰ্থক্যও আছে। ক’ভিড-১৯ৰ লক্ষণসমূহৰ বৈচিত্ৰ আছে, য’ত ৰুচি আৰু গোন্ধ নোহোৱা হোৱা আৰু তেজ জমা হোৱা আৰু বহু অংগ বিকল হোৱাৰ দৰে প্ৰণালীবদ্ধ জটিলতাৰ সম্ভাৱনা অধিক। 

উপসংহাৰ

সামগ্ৰিকভাৱে এই কথাকে ক’ব পৰা যায় যে এইচএমপিভি কোনো নতুন ভাইৰাছ নহয়। ইতিপূৰ্বৰে পৰা ই সমগ্ৰ বিশ্বতেই বিৰাজমান। ইয়াৰ লক্ষণৰ সৈতে ক’ভিড-১৯ৰ মিল আছে যদিও এতিয়ালৈকে ই বিশ্বজুৰি এক মহামাৰীৰ ৰূপ ধাৰণ কৰা নাই। কিন্তু ক’ভিড-১৯ৰ ক্ষেত্ৰত ভেকচিন আৰু এন্টিভাইৰেল চিকিৎসা উপলব্ধ হোৱাৰ বিপৰীতে এইচএমপিভিৰ ক্ষেত্ৰত ই ব্যৱস্থাপনা সহায়ক যত্নতেই সীমাবদ্ধ হৈ আছে আৰু বৰ্তমান কোনো নিৰ্দিষ্ট এন্টিভাইৰেল বা ভেকচিন উপলব্ধ হোৱা নাই। গতিকে সতৰ্কতা, সাৱধানতাই ইয়াক প্ৰতিৰোধ কৰাত সহায় কৰিব বুলিব পাৰি। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:HMPV কি? ইয়াৰ লক্ষণ কি,চিকিৎসা কি, কিদৰে প্ৰতিৰোধ কৰিব পাৰি আদি সামৰি এক সামগ্ৰিক আলোচনা।

Fact Check By:  Pranjal Sharma  

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *