অসমত বৰ্তমান খৰাং সদৃশ পৰিস্থিতি — এটা পৰ্যালোচনা  

Insight Social
https://lh7-rt.googleusercontent.com/docsz/AD_4nXeCfrj3XiIj3aF5rEhw31k66EpgoIl5Nkjfgmn8G1AYm4f_LnJb3ZNBYdjswR9ZfsqoBhXAORAb98jueMkid_CDBpjhRPGTIeb6wx2S7vAPDhZz-zT8vl2Nxx_OCX35evJo9yseEA?key=7TJnjKHuLSz_uStwRvvjNw

পাতনি

অসমত বৰ্তমান সময়ত বৃষ্টিপাত কমি অহাৰ ফলত এক খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিয়ে দৈনন্দিন জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰচণ্ড তাপমাত্ৰা, বৰষুণৰ অভাৱ আৰু নদী-নলা,খাল-বিল, পুখুৰী আদি শুকাই অহা এই অৱস্থাই ৰাজ্যখনৰ জনজীৱন, কৃষি আৰু পৰিবেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰাথমিক মূল্যায়নত প্ৰকাশ পাইছে যে অসমৰ ১৪খন জিলা “উচ্চ বৃষ্টিঘাটি” শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈছে। আনহাতে আন ১৩খন জিলা “বৃষ্টিঘাটি” পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে প্ৰচলিত খৰাং সদৃশ পৰিস্থিতি মোকাবিলা কৰিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। মুঠতে ২৭খন জিলাক বৃষ্টিঘাটি অঞ্চল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।  

ইয়াৰ অন্যতম কাৰণ- বৃষ্টিপাতৰ অভাৱ

বৰ্ষা কালত অৰ্থাত জুন-জুলাই মাহত অসমত সাধাৰণতে ব্যাপক বৃষ্টিপাত হয়। কিন্তু ২০২৫ বৰ্ষত এই সময়ছোৱাত স্বাভাৱিকতকৈ ৩০-৪০% বৃষ্টিপাত হ্ৰাস পাইছে। কিছু পৰিমানে মুসলধাৰ বৰষুণ হ’লেও বৃষ্টিৰ ঘাটি স্পষ্ট হৈ পৰিছে।এইবাৰ মৌচুমী বতাহৰ আগমনত বিলম্ব হৈছে, যাৰ ফলত অসমত স্বাভাৱিকতকৈ কম বৰষুণ হৈছে। কেইবাদিনো ধৰি আকাশ মেঘহীন হৈ থকাৰ বাবে মাটিও শুকান হৈ পৰিছে।

এই খৰাঙৰ প্ৰভাৱঃ

১. খেতি-বাটিত বিপৰ্যয়-

ধানৰ চৰা লগাবৰ উপযুক্ত সময় পাৰ হৈ গৈছে, বহু কৃষকে এতিয়ালৈকে খেতি আৰম্ভই কৰিব পৰা নাই। জলসিঞ্চন ব্যৱস্থা উন্নত নোহোৱাত নলা-নদী শুকাই গৈছে। ধান, শাক-পাচলি আদিৰ খেতি বৰষুণৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে খৰাঙৰ বাবে শস্য নষ্ট হৈছে। খেতিয়কসকলৰ আৰ্থিক অৱস্থা সংকটাপন্ন হৈ পৰিছে।

২. পানীৰ সংকট-

গাঁও অঞ্চলত খোৱা-পানীৰ উৎস (নলসদৃশ কুঁৱা, পুখুৰী) শুকাই আহিছে। নগৰ অঞ্চলতো পানীৰ যোগান সীমিত হৈছে। কিছু কিছু ঠাইত পানী টেংকীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। পৰিষ্কৃত পানীৰ অভাৱত জনসাধাৰণ স্বাস্থ্যজনিত সমস্যাৰো সন্মুখীন। নদী-নলা আৰু জলাশয়ৰ শুকান অৱস্থাৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ, বৰাক আদি নদীৰ পানীৰ স্তৰ যথেষ্ট হ্ৰাস পাইছে। গাঁৱৰ পুখুৰী, ডবাহী আদি শুকাই পৰিছে, যাৰ ফলত মাছৰ চাহিদা অনুপাতে পানীৰ অভাৱ হৈছে।  

৩. জীৱ-জন্তুৰ ওপৰত প্ৰভাৱ-

খৰাঙৰ ফলত গাঁও অঞ্চলত গৰু-ম’হ আদিৰ বাবে খাদ্যতৃণ শুকাই গৈছে। বন্যজন্তুসমূহে পানীৰ সন্ধানত জনবসতিৰ ওচৰলৈ আহি বিপদ সৃষ্টি কৰিছে। মৎস্য আৰু জলজ জীৱ-জন্তুৰ উৎপাদনতো বিপৰ্যয় দেখা গৈছে। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানতো পানীৰ অভাৱ হোৱাৰ বাবে বন্যপ্ৰাণীসমূহ মানুহৰ বসতিলৈ আহিবলৈ বাধ্য হৈছে। কেঁচু, সাপ আদিৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে পৰিবেশততন্ত্ৰ অসমতা দেখা দিছে।

৪. জনজীৱনত প্ৰভাৱ আৰু আৰ্থ-সামাজিক পৰিস্থিতি-   

গ্ৰাম্য অঞ্চলত পানীৰ অভাৱত মানুহে বহু দূৰৈৰ পৰা পানী সংগ্ৰহ কৰিবলৈ বাধ্য হৈছে।  তাপমাত্ৰা বেছি হোৱাৰ বাবে স্বাস্থ্য সমস্যা, বিশেষকৈ ডিহাইড্ৰেচন আৰু জ্বৰৰ ঘটনা বৃদ্ধি পাইছে। কৃষিজীৱি পৰিয়ালসমূহৰ আয় বন্ধ হৈ পৰাৰ উপক্রম হৈছে। কৰ্মসংস্থাপন সংকুচিত হৈছে । স্থানীয় বজাৰত শস্যৰ ঘাটিৰ বাবেই খাদ্যবস্তুৰ দাম বৃদ্ধি পাইছে।

চৰকাৰী ব্যৱস্থা আৰু প্ৰতিক্ৰিয়াঃ 

যোৱা ১৯ জুলাই শনিবাৰে অসমৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত আৰু জিলা আয়ুক্ত (ডিচি) আৰু জ্যেষ্ঠ সচিবসকলে অংশগ্ৰহণ কৰা এখন মাহেকীয়া পৰ্যালোচনা বৈঠকত চৰকাৰে জিলা উপায়ুক্তসকলক নিৰ্ধাৰিত তিনিটা সূচক ব্যৱহাৰ কৰি প্ৰভাৱিত অঞ্চলসমূহ চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰিবলৈ আৰু সেই অনুসৰি খৰাং ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য সচিব ড০ ৰবি কোটাই কয়- “এই প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ কৃষি বিভাগক গাঁও পঞ্চায়ত ভিত্তিক তথ্যৰ ভাগ-বতৰা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৎক্ষণিক সকাহ প্ৰদানৰ বাবে জলসিঞ্চন বিভাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু কৃষি বিভাগৰ সমন্বয়ত ক্ষতিগ্ৰস্ত অঞ্চলত পাম্পৰ ব্যৱস্থা কৰিব। ইতিমধ্যে উপলব্ধ সকলো পাম্পৰ জিলাভিত্তিক মেপিং সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ উপৰিও জলসিঞ্চনৰ চাহিদা পূৰণৰ বাবে প্ৰয়োজন হোৱা ঠাইত অকাৰ্যকৰী হৈ থকা নলীৰ কূপসমূহ পুনৰুজ্জীৱিত কৰা হ’ব।”

মুখ্য সচিবগৰাকীয়ে ইয়াকো কয় যে কৃষকসকলৰ মাজত ফলপ্ৰসূ প্ৰচাৰৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক আই এম ডিৰ পূৰ্বাভাস(IMD Forecast) প্ৰচাৰ কৰা আৰু চি অ’, বি ডি অ’ আৰু পঞ্চায়ত পৰ্যায়ৰ বিষয়াৰ জৰিয়তে বীজ সিঁচাৰ পৰামৰ্শৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ ফলত এই জটিল সময়ছোৱাত কৃষকসকলে সঠিক সিদ্ধান্ত ল’ব পাৰিব।

ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত ক্ষতিপূৰণৰ ব্যৱস্থাসমূহো কৰ্তৃপক্ষই পৰ্যালোচনা কৰি ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবে সময়মতে সহায় নিশ্চিত কৰিবলৈ শস্যৰ ক্ষতিৰ সঠিক অনুমান কৰিবলৈ আয়ুক্তসকলক নিৰ্দেশ দিছে। অহা ১২ আগষ্টত নতুনকৈ সৃষ্টি হোৱা দহটা সহ-জিলা কেন্দ্ৰ (চিডিচি) আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ১৫ আগষ্টৰ পৰা কাৰ্যক্ষম কৰা হ’ব ।  কামৰূপ জিলাৰ বকো-ছয়গাঁও আৰু পলাশবাৰী, শোণিতপুৰ জিলাৰ বৰছলা আৰু ৰঙাপাৰা, তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ, যোৰহাটৰ টীয়ক আৰু মৰিয়নী, কাছাৰৰ ঢলাই আৰু গোৱালপাৰা জিলাৰ দুধনৈত এই চিডিচিসমূহ স্থাপন কৰা হৈছে।

সম্ভাৱ্য সমাধান আৰু আগন্তুক ব্যৱস্থাঃ

বৃহৎ পৰিসৰত পানী সংৰক্ষণ (Water Harvesting) ব্যৱস্থা গঢ়ি তুলিব লাগিব। জলসিঞ্চনৰ আধুনিকীকৰণ আৰু কৃত্ৰিম বৃষ্টিপাতৰ পৰিকল্পনাও বিবেচনাযোগ্য। স্থানীয় স্তৰত জনসচেতনতা, বন সংৰক্ষণ আৰু খেতি পদ্ধতিত পৰিৱর্তন আনি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব। বৃষ্টিজল সঞ্চয় ব্যৱস্থা (ৰেইনৱাটাৰ হাৰ্ভেষ্টিং) বৃদ্ধি কৰিব লাগিব। নদী আৰু জলাশয়সমূহ সংৰক্ষণ কৰি পানীৰ অপচয় ৰোধ কৰিব লাগিব। খৰাং সহনশীল শস্যৰ খেতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব।

উপসংহাৰঃ

অসমৰ বৰ্তমানৰ খৰাং সদৃশ পৰিস্থিতি মাথোঁ কৃষি বা পৰিৱেশৰ সমস্যা নহয়; ই এক সামগ্ৰিক সামাজিক সংকট। সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ কৰা নহ’লে এই সমস্যা আগন্তুক সময়ত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। অসমৰ বৰ্তমানৰ খৰাং অৱস্থাই ৰাজ্যখনক এক গভীৰ সংকটৰ মুখামুখি কৰিছে। ইয়াৰ প্ৰতিকাৰৰ বাবে চৰকাৰ, সমাজ আৰু প্ৰত্যেক ব্যক্তিয়ে সচেতনভাৱে আগবাঢ়ি আহিব লাগিব। পানীৰ সঠিক ব্যৱস্থাপনা আৰু পৰিবেশ সংৰক্ষণৰ জৰিয়তেহে এই সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অসমত বৰ্তমান খৰাং সদৃশ পৰিস্থিতি — এটা পৰ্যালোচনা

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *