পাতনি
সাম্প্ৰতিক সময়ত বাংলাদেশৰ চিকেনছ্ নেক বিতৰ্কই বিশ্বৰ দৃষ্টি আকৰ্শন কৰিছে। এই বিতৰ্কত আমাৰ ৰাজ্য অসম তথা উত্তৰ পূৰ্বাঞ্চলো সাঙোৰ খাইছে। এই বিতৰ্কৰ গভীৰলৈ সোমাই যাবৰ বাবে প্ৰথমে আমি চিকেনছ্ নেক বুলিলে প্ৰকৃততে কোনখিনি ভূখণ্ডক বুজোৱা হয় সেই কথা জানি ল’ব লাগিব। আমাৰ এই আলোচনাত পৰ্যাপ্ত সংক্ষিপ্ততাৰে এই বিষয়টো সামৰি ল’বলৈ যতন কৰা হৈছে।
চিকেনছ্ নেক্?
বাংলাদেশৰ চিকেনছ্ নেক্ (Chicken Neck) বা “শিলিগুৰি কৰিডৰ” হৈছে এটা অতি গুৰুত্বপূৰ্ণ ভৌগোলিক অঞ্চল। এই ঠাইডোখৰ ভাৰত, বাংলাদেশ, নেপাল, ভূটান আৰু চীনৰ মাজত অৱস্থিত। ইয়াক এইকাৰণেই “চিকেনছ্ নেক্” বুলি কোৱা হয় কাৰণ ইয়াৰ আকৃতি এটা কুকৰাৰ ডিঙিটোৰ দৰে সৰু আৰু ঠেক।
ইয়াৰ গুৰুত্ব:
১. ভৌগোলিক সংযোগ: এই ঠাইডোখৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক (যেনে অসম, মেঘালয়, ত্ৰিপুৰা) বাকী ভাৰতৰ লগত সংযুক্ত কৰি ৰাখিছে।
২. ৰাষ্ট্ৰীয় নিৰাপত্তা: ইয়াৰ ওচৰতে চীন (তিব্বত) আৰু বাংলাদেশ আছে, গতিকে ই ভাৰতৰ বাবে সৈনিক আৰু বাণিজ্যিক দিশৰ পৰা গুৰুত্বপূৰ্ণ।
৩. বাণিজ্যিক পথ: এই কৰিডৰেৰে ভাৰতৰ উত্তৰ-পূৰ্বৰ ৰাজ্যবোৰলৈ সামগ্ৰী আমদানি-ৰপ্তানি কৰা হয়।
সমস্যা:
– বাংলাদেশৰ সৈতে সীমান্ত বিবাদৰ বাবে এই অঞ্চলটোৰ প্ৰৱেশাধিকাৰ কেতিয়াবা বাধাগ্ৰস্ত হয়।
– যদি বাংলাদেশে এই অঞ্চলটো বন্ধ কৰি দিয়ে, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগত সংযোগ বিচ্ছিন্ন হ’ব পাৰে।
শেহতীয়া বিতৰ্ক
বাংলাদেশৰ অন্তৰ্বৰ্তীকালিন মুৰব্বী মুহাম্মদ ইউনুছে এই বিতৰ্কৰ সূচনা কৰিছিল। যেতিয়া তেওঁ কৈছিল যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল বাংলাদেশৰ দ্বাৰা আবেষ্টিত আৰু ঢাকাই এই অঞ্চলৰ “সাগৰৰ ৰখীয়া” হিচাপে ভূমিকা পালন কৰে । মাৰ্চ মাহৰ শেষৰ ফালে ইউনুছে চীন ভ্ৰমণৰ সময়ত এই মন্তব্য কৰাত ই অধিক বিতৰ্কিত হৈ পৰে।
এই মন্তব্যই শিলিগুড়ি কৰিডৰটোৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ সবাতোকৈ ঠেক অংশটো মাত্ৰ ২০ কিলোমিটাৰ বহল। ইয়াৰ ভৌগোলিক আকৃতিক লৈ সেইবাবেই ইয়াক সঘনাই “চিকেনছ্ নেক” (কুকুৰাৰ ডিঙি) বুলি কোৱা হয়। এই কৰিডৰটোৰ উত্তৰে নেপাল, ভূটান আৰু চিক্কিম, আৰু দক্ষিণে বাংলাদেশ অৱস্থিত।
অসমৰ মুখ্যমন্ত্ৰীৰ মন্তব্য
ইউনুচৰ এই বিতৰ্কিত মন্তব্যৰ পাছত যোৱা মে’ মাহৰ ২৫ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইউনুছৰ কথালৈ ইংগিত কৰি কয় যে বাংলাদেশৰ নিজৰো দুটা “চিকেনছ্ নেক” আছে, যিয়ে দেশখনক অধিক দুৰ্বল কৰি ৰাখিছে। নিজৰ এক্স হেণ্ডেলত এই মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই ইউনুচক একপ্ৰকাৰ প্ৰত্যুত্তৰ দিয়ে।
এতিয়া জানো আহক বাংলাদেশৰ সেই দুই চিকেনছ্ নেক সম্পৰ্কত
১. উত্তৰ বাংলাদেশ কৰিডৰ
উত্তৰ বাংলাদেশ কৰিডৰ হৈছে পশ্চিমবংগ আৰু মেঘালয়ৰ মাজত অৱস্থিত ৮০ কিলোমিটাৰ দীঘল এক সৰু ভূ-খণ্ড। এই ঠেক ভূ-খণ্ডটোৱে পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰ জিলাক মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ সৈতে সংযোগ কৰিছে। ইয়াৰ উত্তৰত বাংলাদেশৰ ৰংপুৰ অৱস্থিত। উত্তৰ বাংলাদেশ কৰিডৰটোৱে ৰংপুৰক দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰিব পৰাকৈ এক চোকা অথচ দুৰ্বল বিন্দু হিচাপে ৰাখিছে।
পশ্চিমবংগ, অসম আৰু মেঘালয়ৰ সৈতে সীমা ভাগ বতৰা কৰা ৰংপুৰৰ মাটিকালি ১৬,০০০ বৰ্গ কিলোমিটাৰতকৈ অধিক, আৰু ইয়াৰ জনসংখ্যা প্ৰায় ১.৭৬ কোটি। ইয়াৰ ৮৬.৫% জনসংখ্যা মুছলমান, ১৩% হিন্দু আৰু বাকীবোৰ খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী। এই অংশটো বিঘ্নিত হোৱা মানে বাংলাদেশৰ এক প্ৰভূত ভূ-খণ্ড আক্ৰন্ত হোৱা।
২. চিটাগং কৰিডৰ
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা দ্বিতীয়টো “চিকেনছ্ নেক” হৈছে চিটাগং কৰিডৰ। ই দক্ষিণ ত্ৰিপুৰাক বংগোপ সাগৰৰ সৈতে সংযোগ কৰা ২৮ কিলোমিটাৰ দীঘল এক সৰু ভূ-খণ্ড।
এই কৰিডৰটোৱে বাংলাদেশৰ চিটাগং অঞ্চলক দুটা ভাগত ভাগ কৰিছে। উত্তৰ-পশ্চিম অংশত ব্ৰাহ্মণবাৰীয়া, কুমিল্লা, চাঁদপুৰ, লক্ষ্মীপুৰ, নোয়াখালী আৰু ফেনীৰ দৰে জিলা অন্তৰ্ভুক্ত। দক্ষিণ-পশ্চিম অংশত চিটাগং, খাগ্ৰাছৰি, ৰাঙামাটি, বান্দৰবান আৰু কক্সবাজাৰ দৰে জিলা আছে। এই অঞ্চলটো অধিক স্পৰ্শকাতৰ কাৰণ এই কৰিডৰটোৰ দ্বাৰা এই বৃহত্তৰ অঞ্চল পৃথক হৈ আছে আৰু কেৱল সাগৰীয় পথেৰেহে ইয়ালৈ প্ৰৱেশ কৰিব পাৰি। হিমন্ত বিশ্ব শৰ্মাই কয় যে শিলিগুড়ি কৰিডৰৰ দৰে বাংলাদেশৰো দুটা ঠেক কৰিডৰ আছে। তেওঁ কয়, “মই কেৱল ভৌগোলিক সত্যবোৰ উল্লেখ কৰিছোঁ যিবোৰ কেতিয়াবা মানুহে পাহৰি যায়।”
তদুপৰি যোৱা এপ্ৰিলৰ ১ তাৰিখে হিমন্ত বিশ্ব শৰ্মাই ইউনুছৰ মন্তব্যৰ সমালোচনা কৰি কৈছিল, “বাংলাদেশৰ তথাকথিত অন্তৰ্বৰ্তী চৰকাৰৰ মহম্মদ ইউনুছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ দ্বাৰা স্থলাবেষ্টিত বুলি কোৱা আৰু বাংলাদেশক ইয়াৰ সাগৰীয় প্ৰৱেশাধিকাৰৰ ৰখীয়া বুলি দাবী কৰাটো অপমানজনক আৰু কঠোৰ নিন্দনীয়।”
উপসংহাৰ:
এই আলোচনাৰ পৰা আমি এটা স্থিতি লাভ কৰিব পাৰোঁ যে ক্ৰমাগতভাৱে বিশ্বৰ সমুখত এক সবল স্থিতিত উপনীত হোৱা ভাৰতবৰ্ষৰ অবিচ্চেদ্য অংশ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ প্ৰতি ভাবুকিমূলক মন্তব্য কৰা বাংলাদেশ চৰকাৰৰ মুৰব্বীৰ মন্তব্যৰ পাছত এই অঞ্চলটো আলোচিত দৃষ্টি আকৰ্ষিত হৈছে। এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ মন্তব্যয়ো গুৰুত্ব লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰত এই বিতৰ্কই এই গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে । কাৰণ এই শিলিগুড়ি কৰিডোৰ বা চিকেনছ্ নেক্ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক জীৱনৰেখা স্বৰূপ। ইয়াক সুৰক্ষিত আৰু মুক্ত কৰি ৰখাটো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বাংলাদেশৰ চিকেনছ্ নেক্ বিতৰ্ক? এক সংক্ষিপ্ত আলোচনা।
Fact Check By: Pranjal SharmaResult: Insight
