২৩ আগষ্ট ২০২৩, বুধবাৰে পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে সফল অৱতৰণ কৰাৰ লগে লগে পৃথিৱীৰ বিজ্ঞানীসকলৰ চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা হৈছে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ই সোণালী আখৰেৰে লিখা যোৱা এক সফলতা। সন্ধিয়া থিক ৬বজাৰ লগে লগে লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠক মসৃণভাৱে স্পৰ্শ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষ উচ্ছাসিত হৈ পৰিল। চৌপাশে আনন্দৰ ৰোল উঠিল। কিন্তু ইয়াৰ সমান্তৰালভাৱে চ’ছিয়েল মিডিয়াতো ভূৱা খবৰৰ জোৱাৰ উঠা দেখা গৈছে। বিভিন্নজনে লেণ্ডাৰ বিক্ৰমৰ দৃশ্য বুলি দাবী কৰি বিভিন্ন দৃশ্য শ্বেয়াৰ কৰিছে।

তেনেকুৱা এটা দাবী সম্বলিত ভিডিঅ’ আমি Clutch Queen নামৰ ফেচবুক পেজটোত পালোঁ। পেজটোৱে Chandrayaan 3 Moon Landing Real Footage - 23rd AUG বুলি কেপছন লিখি এটা ভিডিঅ শ্বেয়াৰ কৰিছে আৰু playing Grand Theft Auto V. বুলি গ্ৰেণ্ড থেফ্ট অটো ভি নামৰ পেজটোক টেগ কৰিছে।

Facebook LinkArchived Link

অনুৰূপ ধৰণে আন কিছুমান ভিডিঅ’ও শ্বেয়াৰ কৰা হৈছে চন্দ্ৰযান ৩ৰ অৱতৰণ দৃশ্য বুলি।

Archived Link

কিন্তু সঁচাকৈয়ে এই দৃশ্যসমুহ চন্দ্ৰযান ৩ৰ অৱতৰণৰ লাইভ দৃশ্য হয়নে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

সত্যতা নিৰূপণৰ আৰম্ভনিতে আমি শ্বেয়াৰ কৰা ভিডিঅ’টো ভালকৈ মন কৰিলোঁ। তাত আমি দেখিলোঁ যো চন্দ্ৰযানখনক চাৰিওফালৰ পৰা দেখুওৱা হৈছে। আনকি বিমানসদৃশ এখন বাহনো তাত দেখুওৱা হৈছে। সেই দাবী কৰা Clutch Queen নামৰ পেজটোৱে টেগ কৰা আন এটা ফেচবুক পেজ Grand Theft Auto V. খুলি চাই দেখিলোঁ যে সেইটো এটা জনপ্ৰিয় গেমৰ পেজৰ। তাত বিভিন্ন ধৰণৰ এনিমেটেড ভিডিঅ আপলোড কৰি থোৱা আছে ।

তদুপৰি Clutch Queen নামৰ পেজটোও এগৰাকী গেমাৰৰ পেজ বুলি আমি খুলি চাই গম পালোঁ।

পেজ দুটা পৰীক্ষা কৰি আমাৰ সন্দেহ অধিক বৃ্দ্ধি হ’ল, এয়া কেনেকৈ সম্ভৱ? কাৰণ যিকোনো এটা বস্তুৰে ফটো বা ভিডিঅ’ সংগ্ৰহ কৰিবলগীয়া হ’লে সেই বস্তুটোৰ চৌপাশৰ পৰা অথবা এটা ফালৰ পৰা কোনো বাহ্যিক কেমেৰাই সেই ফটো বা দৃশ্য সংগ্ৰহ কৰিব লাগিব। যিহেতু চন্দ্ৰযান ৩ চন্দ্ৰৰ সেই স্থানলৈ যোৱা একমাত্ৰ মহাকাশ সজুলি আৰু প্ৰপালচন মড্যুলৰ বাহিৰে মহাকাশৰ সেই স্থানত আন কোনোধৰণ সজুলি বা কেমেৰা কঢ়িওৱা কোনো বৈজ্ঞানীক সামগ্ৰী নাই, গতিকে লেণ্ডাৰ বিক্ৰমৰ ফটো সংগ্ৰহ কৰাটো কাৰিকাৰীভাৱেই অসম্ভৱ। যদি কোনো ফটো বা ভিডিঅ” সংগ্ৰহ কৰিবলগীয়া হয়, সেয়া কাৰিকৰিভাৱে কেৱল লেণ্ডাৰ বিক্ৰমত সংলগ্ন কেমেৰাৰে অথবা চন্দ্ৰপৃষ্ঠত পৃথিৱীৰ হিচাপত অনাগত ১৪দিনৰ(চন্দ্ৰৰ এদিন) গৱেষণাৰ দায়িত্বত পঠিওৱা ৰোভাৰ প্ৰজ্ঞানৰ কেমেৰাৰেহে সংগ্ৰহ কৰিব পৰা যাব। তাৰ বাহিৰে কেতিয়াও কোনো দেশৰ কোনো মহাকাশ গৱেষণা সজুলি ইয়াৰ পূৰ্বে উপস্থিত নোহোৱা চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধৰ সেই স্থানৰ দৃশ্য বা ফটো লোৱা সম্ভৱ নহয়।

সেই কথাকে সাৰ কৰি আমি ইউটিউৱত প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰি অনুৰূপ ধৰণৰ এনিমেটেড গেমিং ভিডিঅ’ লাভ কৰিলোঁ। তেনেকুৱা কিছুমান এনিমেটেড গেমিং ভিডিঅ’ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰ পাছত আমি আন কোনো নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থানে লেণ্ডাৰ বিক্ৰমৰ কোনো দৃশ্য সংলগ্ন কৰি কোনো ধৰণৰ বাতৰি বা প্ৰতিবেদন প্ৰস্তুত কৰিছে নেকি সেয়া চালোঁ আৰু একাধিক প্ৰতিবেদন পালোঁ য’ত ইছৰ’ৰ পৰা লাভ কৰা শেহতীয়া ফটোহে দিয়া হৈছে। ইণ্ডিয়া টুডে, টাইমছ অৱ ইণ্ডিয়া,হিন্দুস্তান টাইমছ আদি প্ৰতিস্থিত সংবাদ প্ৰতিস্থানৰ বাতৰিতো দাবী কৰা ধৰণৰ ভিডিঅ’ আমি নেদেখিলোঁ।

এইবাৰ আমি ইছৰ’ৱে এক্স(পূৰ্বৰ টুইটাৰ)ত নিজৰ ভেৰিফাইড একাউণ্টৰ পৰা কোনো দৃশ্য প্ৰচাৰ কৰিছে নেকি বিচাৰি চালোঁ। আমি দেখিলোঁ যে লেণ্ডাৰ বিক্ৰমে ক্ৰমে ক্ৰমে চন্দ্ৰৰ কাষ চাপি যোৱাৰ সময়ত চন্দ্ৰপৃষ্ঠৰ একেবাৰে শেহতীয়া যি ফটো লৈছিল, সেই ফটো ইছৰ’ৱে এক্স(পূৰ্বৰ টুইটাৰ)ত নিজৰ ভেৰিফাইড একাউণ্টত আপলোড কৰি পোষ্ট দিছে

তদুপৰি বিক্ৰমে লেণ্ডিং চাইটত অৱতৰণ কৰাৰ লগে লগেই লেণ্ডিং ইমেজাৰ কেমেৰাৰে লোৱা একেবাৰে শেহতীয়া ফটোখনো ইছৰ’ৱে এক্স(পূৰ্বৰ টুইটাৰ)ত নিজৰ ভেৰিফাইড একাউণ্টৰ পৰা শ্বেয়াৰ কৰি লিখিছে যে লেণ্ডিং চাইটৰ লগতে লেণ্ডাৰ বিক্ৰমৰ এখন ভৰিৰ এটা অংশ আৰু ছাঁ দেখা গৈছে।

ইয়াৰ পৰাই আমি সম্যকভাৱে নিশ্চিত হৈছিলোঁ যে ভাৰতীয় চন্দ্ৰযান ৩য়ে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিয়েই ভাৰতলৈ প্ৰেৰণ কৰা একেবাৰে শেহতীয়া ফটো সেইকেইখন। আমি দৃশ্য সম্পৰ্কত নিশ্চত হ’বলৈ ইছৰ’ৰ অফিচিয়েল ইউটিউৱ চেনেলত ২৩ আগষ্ট ২০২৩ অৰ্থাত অৱতৰণৰ দিনটোত দেখুওৱা পোনপটীয়া সম্প্ৰচাৰৰ ভিডিঅ’টো বিচাৰি চালোঁ। তাত আমি দেখিলোঁ যে মহাকাশ গৱেষণাৰ ভাৰতীয় সংস্থাটোৱে তাত দেখুওৱা নিশ্চিত ভিডিঅ’ত লেণ্ডাৰ বিক্ৰমৰ যান্ত্ৰিক ৰূপহে দেখুওৱা হৈছে। যিহেতু ইতিমধ্যেই উল্লেখ কৰিছোঁ যে লেণ্ডাৰ বিক্ৰমৰ দৃশ্য সংগ্ৰহ কৰিব পৰাকৈ তাত আন কোনো বাহ্যিক কেমেৰাৰ উপস্থিতিয়েই নাই, গতিকে বিজ্ঞানীসকলে বুজি পোৱাকৈ সৃষ্টি কৰি লোৱা যান্ত্ৰিক ব্যৱস্থাৰেই সেই অভিযানৰ ৰেহৰূপ পৰ্যবেক্ষণ কৰা হৈছিল। তাৰে কেইখনমান ফটো তলত সংলগ্ন কৰি দিয়া হৈছে

লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিবলৈ মাত্ৰ ২১.০৪ কিলোমিটাৰ বাকী থকা সময়ৰ দৃশ্য এয়া তলত চাব পাৰিব।

তলত এয়া লেণ্ডাৰ বিক্ৰমক সূচাবলৈ ব্যৱহাৰ কৰা যান্ত্ৰিক দৃশ্যত বিক্ৰমে চন্দ্ৰপৃষ্ঠলৈ ধাৱমান হোৱা দেখা গৈছে।

এইবাৰ এয়া তলত লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠ পাবলৈ মাত্ৰ মিটাৰ বাকী থকা সময়ৰ দৃশ্য

আৰু সদৌ শেষত এয়া লেণ্ডাৰ বিক্ৰমে সফলভাৱে অৱতৰণ কৰাৰ লগে লগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনোৱা সময়ৰ দৃশ্য

এই সমগ্ৰ দৃশ্য আপোনালোকে ইছৰ’ৰ ইউটিউৱ চেনেলত কৰা পোনপটীয়া সম্প্ৰচাৰত এনেদৰে চাব পাৰিব।

সমগ্ৰ অনুসন্ধান প্ৰক্ৰিয়াত আমি ক’তো কিন্তু সেই ফেচবুক পেজটোৱে দাবী কৰা ধৰণৰ দৃশ্য নেদেখিলোঁ। যিটো সংস্থাই সমগ্ৰ বিশ্বকে চমকিত কৰি এই অসম্ভৱপ্ৰায় মহাকাশ অভিযান সফলতাৰে সম্পন্ন কৰিলে সেই ইছৰ’ৰ ফালৰ পৰা তেনেকুৱা কোনো আনুষ্ঠানিক দৃশ্য সম্প্ৰচাৰ বা প্ৰচাৰ কৰা নেদেখিলোঁ। গতিকে ইয়াৰ পৰাই নিশ্চিত হ’ব পাৰি যে ক্লাটছ কুইন নামৰ পেজটোৱে দাবী কৰা ধৰণে সেয়া চন্দ্ৰযান ৩ অভিযানৰ লাইভ ফুটেজ নহয়। সেয়া গ্ৰেণ্ড থেফ্ট অটো ভি নামৰ গেমিং পেজ এটাৰ এনিমেটেড ভিজুৱেল হে। এনেকুৱা এনিমেটেড দৃশ্য তেওঁলোকে প্ৰস্তুত কৰি অনলাইন গেম খেলা লোকসকলক আকৰ্ষিত কৰে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে ক্লাটছ কুইন নামৰ পেজটোৱে দাবী কৰা ধৰণে সেয়া চন্দ্ৰযান ৩ অভিযানৰ লাইভ ফুটেজ নহয়। সেয়া গ্ৰেণ্ড থেফ্ট অটো ভি নামৰ গেমিং পেজ এটাৰ এনিমেটেড ভিজুৱেল হে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:চন্দ্ৰযান-৩ৰ চন্দ্ৰত অৱতৰণৰ দৃশ্য বুলি এনিমেটেড দৃশ্য প্ৰচাৰ কৰিছে নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: False