কাশ্মীৰত এইদৰে শাৰী পাতি বিলাহী কিনিবলগীয়া পৰিস্থিতি হৈছে নেকি? সত্যটো কি?

False Social

শেহতীয়াকৈ কেইবাটিও বহুমহলীয়া অট্টালিকা থকা এটি হাউছিং ছ’চাইটিত এখন গাড়ীৰ সন্মুখত দীঘলীয়া শাৰীত থিয় হৈ থকা একাংশ মহিলাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেচবুকত শ্বেয়াৰ কৰা হৈছে আৰু দাবী কৰা হৈছে যে  কাশ্মীৰী মহিলাসকলে বিলাহী কিনিবলৈ দীঘলীয়া শাৰী পাতি থিয় হৈ আছে। ভিডিঅ’টোত শ্বেয়াৰ লিখা হৈছে, “৩৭০ অনুচ্ছেদ বাতিলৰ হোৱাৰ পাছত লোকে কাশ্মীৰত মাটি কিনিম বুলি ভাবিছিল,কিন্তু  লাইন পাতি বিলাহী কিনাৰ পৰিস্থিতি চাওক‼️।”

Facebook link Archived Link

কিন্তু সঁচাকৈয়ে কাশ্মীৰত এনেকুৱা পৰিস্থিতি হৈছেনে? এয়া সত্যনে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  

সত্যতা নিৰূপণ পদ্ধতি

পোষ্টটোৰ দাবীৰ সত্যতা নিৰূপণ কৰিবলৈ আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি অনুসন্ধান আৰম্ভ কৰোঁ। ফলত ভাইৰেল ভিডিঅ’টো সংলগ্ন বিভিন্ন বাতৰি লাভ কৰোঁ। ‘দৈনিক সবেৰা’ৰ ভিডিঅ’ প্ৰেজেণ্টেচন অনুসৰি এই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ মহাগুনপুৰম ছ’চাইটিৰ। বজাৰৰ মূল্যতকৈ কম দামত বিলাহী ক্ৰয় কৰিবলৈ ছ’চাইটিৰ মহিলাসকলে এই দীঘলীয়া শাৰী পাতিছিল। বিলাহীৰ বজাৰ মূল্য আছিল ২০০ টকা/কিলোগ্ৰাম। কিন্তু ইয়াত ১৩০ টকা/কিলোগ্ৰামত বিক্ৰী হৈছিল। উচিত মূল্যত বিলাহী বিক্ৰী কৰাৰ এই ব্যৱস্থা পৌৰসভাই কৰিছিল।

https://www.facebook.com/reel/295252346350795

ফ্ৰী প্ৰেছ জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গাজিয়াবাদৰ মহাগুন পুৰমত মণ্ডী পৰিষদ, জিলা প্ৰশাসন আৰু পৌৰ নিগমে উচিত মূল্যত বিলাহী বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল।

আন আন কিছুমান বাতৰিতো (বিজনেছ টুডে, স্ক্ৰল, টিভি৯ কানাড়া) একেই তথ্য প্ৰকাশ পাইছে। ভিডিঅ’টো উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বুলি প্ৰকাশ কৰিছে সেই বাতৰিসমুহত।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে পোষ্টটোৰ সৈতে কৰা দাবীটো মিছা আৰু বিভ্ৰান্তিকৰ। ভিডিঅ’টো কাশ্মীৰৰ নহয় উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ মহাগুনপুৰম ছ’চাইটিৰহে। তাত পৌৰসভাই বজাৰ মূল্যতকৈ কম মূল্যত বিলাহী ক্ৰয় কৰাৰ ব্যৱস্থা কৰি দিছিল। উত্তৰ প্ৰদেশৰ মহিলাসকলে কম মূল্যত বিলাহী ক্ৰয় কৰিবলৈ দীঘলীয়া শাৰী পাতি থিয় হোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে দাবীদাৰ ব্যৱহাৰকাৰীসকলে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কাশ্মীৰত এইদৰে শাৰী পাতি বিলাহী কিনিবলগীয়া পৰিস্থিতি হৈছে নেকি? সত্যটো কি?

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *