শেহতীয়াকৈ ২০২৩ চনৰ ১৯ জুলাইত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰচাৰ হৈছিল য’ত দেখা গৈছিল যে দুগৰাকী কুকি মহিলাক উলংগ কৰি হিংসাত্মকভাৱে ভিৰৰ মাজেৰে লৈ যোৱা হৈছিল আৰু তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল। সেই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত ভাৰতৰ আইন-শৃংখলা আৰু মহিলাসকলৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল ক্ষুব্ধ হৈ পৰিছিল। মণিপুৰত চলি থকা হিংসাত্মক ঘটনাৰ খবৰৰ মাজতে ছ’চিয়েল মিডিয়াত নিৰ্যাতনৰ সেই ভয়ানক ভিডিঅ’ প্ৰচাৰিত হৈছে। ইয়াৰ মাজতে পুৰুষৰ হাতত কুঠাৰ লৈ এগৰাকী মহিলাক ডিঙি কাটি হত্যা কৰা ভিডিঅ’ এটা মণিপুৰৰ ঘটনা বুলি ইণ্টাৰনেটত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই ভিডিঅ’টোত মণিপুৰৰ এগৰাকী খ্ৰীষ্টান মহিলাৰ হত্যাকাণ্ড দেখা গৈছে যিগৰাকী মহিলাকক আৰ এছ এছৰ গোটৰ দ্বাৰা নিৰ্মমভাৱে হত্যা কৰা হৈছে।

ভাইৰেল ভিডিঅ’টোৰ কেপচনত লিখা হৈছে, “মণিপুৰ খ্ৰীষ্টানৰ বাবে প্ৰাৰ্থনা কৰক: মণিপুৰত খ্ৰীষ্টান মহিলাক হত্যা কৰা হৈছে: আৰ এছ এছৰ গোটৰ দ্বাৰা খ্ৰীষ্টান মহিলাক নিৰ্মমভাৱে হত্যা কৰা ভিডিঅ’।”

Facebook LinkArchived Link

কিন্তু সঁচাকৈয়ে এই হত্যাকাণ্ড মণিপুৰৰ হয়নে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু গুগলতো প্ৰাসংগিক কী-ৱৰ্ড লৈ চাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ। তাৰ ফলত আমি টুইটাৰ ব্যৱহাৰকাৰী এজনে প্ৰকাশ কৰা একেটা ভিডিঅ’ পালোঁ, য’ত এই ভিডিঅ’টো ব্ৰাজিলৰ বুলি উল্লেখ কৰা হৈছে। ব্ৰাজিলৰ থালিয়া টৰেছ ডি ছৌজা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলাক অপহৰণ কৰি নিৰ্মমভাৱে হত্যা কৰা হৈছিল বুলি উল্লেখ কৰা হৈছে।

https://twitter.com/1864Fallen/status/1306573719968583680

Archived link

এই কথাকে মনত ৰাখি আমি গুগলত পৰ্তুগীজ ভাষাত আন এটা কী-ৱৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২০ চনৰ ৩০ আগষ্টত কাউকাইয়া নিউজপেপাৰে প্ৰকাশ কৰা এটা ফেচবুক পোষ্ট পালোঁ। বিস্তাৰিত তথ্য অনুসৰি গ্ৰেঞ্জা পৰ্তুগাল চুবুৰীৰ ফৰ্টালেজাত এগৰাকী যুৱতীক নিষ্ঠুৰতাৰে হত্যা কৰা হয় । প্ৰাথমিক তথ্য অনুসৰি, থালিয়া টৰেছ ডি ছৌজা (২৩) নামৰ মহিলাগৰাকীক সম্ভৱতঃ কুঠাৰৰ কোবৰ ফলত মূৰত আঘাত পোৱা অৱস্থাত মাৰাংগুয়াপিনহ’ নদীৰ ওচৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।

আমি লক্ষ্য কৰিলোঁ যে ভুক্তভোগী মহিলাগৰাকীয়ে পিন্ধি থকা এটা টি-চাৰ্টটোত ব্ৰাজিলৰ এটা ফুটবল ক্লাব ফৰ্টালেজা এস্প’ৰ্ট ক্লাবৰ ল’গ’ অংকন কৰা আছে। তলত আপোনালোকে দুয়োটা ল'গ'বোৰৰ মাজত সাদৃশ্য চাব পাৰিব।

তদুপৰি আমি ব্ৰাজিলৰ এটা ৱেবছাইট Cn7 ত ২০২০ চনৰ ছেপ্টেম্বৰ মাহত প্ৰকাশিত এক প্ৰতিবেদন পাইছিলোঁ।ইয়াত কোৱা হৈছে যে এই অপৰাধৰ ভুক্তভোগী আছিল এগৰাকী ২৩ বছৰীয়া যুৱতী, যাক থালিয়া টৰেছ ডি ছৌজা বুলি চিনাক্ত কৰা হৈছে। তেওঁক বম জাৰ্ডিমৰ এটা অপৰাধী দলৰ সদস্যই অপহৰণ কৰি গ্ৰেঞ্জা পৰ্তুগাললৈ লৈ যায়। নীলা জিন্স আৰু প্ৰিয় দল ফৰ্টালেজা এছপ’ৰ্ট ক্লাবৰ চাৰ্ট পিন্ধিছিল যুৱতীগৰাকীয়ে। এই প্ৰতিবেদন প্ৰকাশ কৰাৰ সময়ত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত এইদৰেই নিশ্চিত হৈ পৰিল যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা । ভাইৰেল ভিডিঅ’টোত সেয়া মণিপুৰৰ এগৰাকী খ্ৰীষ্টান মহিলাক আৰ এছ এছৰ লোকে কুঠাৰাঘাত কৰি হত্যা কৰা দেখা পোৱা নাই । বৰঞ্চ ভিডিঅ’টোত ২০২০ চনৰ ব্ৰাজিলৰ এটা হত্যাকাণ্ডহে দেখা গৈছে য’ত এগৰাকী মহিলাক অপহৰণকাৰীয়ে এইদৰে হত্যা কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মণিপুৰত এগৰাকী কুকী মহিলাক আৰএছএছৰ মানুহে এইদৰে হত্যা কৰিছেনে? সত্যটো কি?

Written By: Pranjal Sharma

Result: False