কেৰালাত এইদৰে মুছলিম যুৱকে আইছিছৰ টি-ছাৰ্ট পিন্ধি ফটো উঠিছে নেকি?

Communal False

শেহতীয়াভাৱে সুদীপ্ত সেনৰ চিনেমা ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ মুক্তিৰ পাছতেই ছ’চিয়েল মিডিয়াত কেৰালাৰ বিষয়ে ভুল ধাৰণা বিয়পাই বহু কথা প্ৰচাৰিত হৈছে। বিশেষকৈ টুইটাৰত বিভিন্ন ধৰণৰ ভুল তথ্য তথা বিভ্ৰান্তিকৰ প্ৰচাৰ চলা দেখা গৈছে। সেইধৰণৰ টুইটবোৰে অসমৰ ৰাইজকো প্ৰভাৱিত কৰা দেখা গৈছে। ৭ মে’ ২০২৩ত কৰা তেনেকুৱা এটা টুইট আমাৰো চকুত পৰিছে। টুইটটোত দেখা গৈছে যে ক’লা টি-চাৰ্ট পিন্ধা কেইজনমান যুৱকৰ ফটো এখন কেৰালাৰ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে, যিখন ফটোত কেইজনমান মুছলিম যুৱকে আইছিছিৰ নাম লিখা থকা ক’লা টি-ছাৰ্ট পিন্ধি ফটোৰ বাবে প’জ দিয়া দেখা গৈছে। 

ফটোখনৰ সৈতে টুইটটোৰ কেপচনত লিখা হৈছে, “এইখন কেৰালাৰ ফটো। স্থানীয় মুছলমান যুৱকসকলে আইছিছৰ টি-চাৰ্ট পিন্ধি আইছিছৰ হাতৰ সংকেত দি পোজ দিছে আৰু বুজাইছে যে মাত্ৰ এজন ঈশ্বৰ হে আছে, সেয়া তেওঁলোকৰ ঈশ্বৰ! তথাপিও #LoveJihadক কল্পকাহিনী বুলি কয় মানুহে। #TheKeralaStoryৰ কাহিনী বাস্তৱিক”।

Twitter LinkArchived Link

কিমান সত্য এই দাবী?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যাসত্য নিৰূপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

 সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি টুইটাৰত ভাইৰেল হোৱা ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ।  ফলত আমি ২০১৪ চনৰ ৪ আগষ্ট তাৰিখে দ্য হিন্দু(The Hindu)ত প্ৰকাশ হোৱা এক প্ৰতিবেদন পালোঁ, যাৰ শিৰোনাম আছিল ‘আইছিছৰ টি-চাৰ্ট পিন্ধা মুছলমান যুৱকৰ এখন ফটো উৰা বাতৰিৰ কাৰণ হৈ পৰিছে( ‘Muslim youths sporting ISIS T-shirts cause a flutter.’)।’

টুইটাৰত ভাইৰেল হোৱা ফটোখন সংলগ্ন কৰি প্ৰতিবেদনত ইয়াকো কোৱা হৈছে যে, “২৬ জনীয়া মুছলমান যুৱকৰ এটা দলে ফটোৰ বাবে পোজ দিয়াৰ সময়ত হুলস্থুলৰ সৃষ্টি কৰিছিল। ঈদৰ দিনা ৰামনাথপুৰম জিলাৰ উপকূলীয় চহৰ থোণ্ডিত এটা মছজিদৰ সমুখত আইছিছৰ প্ৰতীক অংকন কৰা ক’লা টি-চাৰ্ট তেওঁলোকে পিন্ধিছিল ।” ৰামনাথপুৰম হৈছে তামিলনাডুৰ এখন জিলা । 

দ্য হিন্দু(The Hindu)ৰ সেই প্ৰতিবেদন ইয়াতে পঢ়িব পাৰিব। 

একেটি ঘটনাক লৈ আমি ডেক্কান হেৰাল্ড(Deccan Herald)ৰ আন এক প্ৰতিবেদনো পালোঁ। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আইছিছৰ প্ৰতীক থকা টি-চাৰ্ট বিতৰণ কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে কোৱা হৈছে যে, “আৰক্ষীয়ে মতে তাৰে ভিতৰত ২৪ জন যুৱকক এই সাজ-পোছাকৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নথকা বাবে এৰি দিয়া হৈছিল। তেওঁলোকে এক “সদ্ভাৱৰ ভিত্তিত হে এই টি-চাৰ্টবোৰ লাভ কৰিছিল”। কিছুমানে টি-চাৰ্টৰ বাবে ২০০ টকাকৈয়ো দিছিল বুলি আৰক্ষীয়ে জনায়।”

ডেক্কান হেৰাল্ড(Deccan Herald)ৰ সেই লেখাটো ইয়াতে পঢ়িব পাৰিব

তাৰ পাছত আমি ৬আগষ্ট, ২০১৪ তাৰিখে দ্য হিন্দু(The Hindu)ৰ আন এটা বাতৰি পালোঁ, য’ত উল্লেখ কৰা হৈছে যে শেহতীয়াকৈ ৰমনাথপুৰম আৰক্ষীয়ে টি-চাৰ্ট ক্ৰয় কৰা আৰু তাত আইছিছৰ সমৰ্থনত শ্লোগান ছপা কৰি মুছলমান যুৱকসকললৈ প্ৰেৰণৰ অভিযোগত তিৰুপুৰৰ এজন ইমামক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছত থণ্ডিত এটা মছজিদৰ সমুখত টি-চাৰ্টবোৰ পিন্ধি গ্ৰুপ ফটোৰ বাবে প’জ দিছিল যুৱকসকলে । 

দ্য হিন্দু(The Hindu)ৰ সেই প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব। 

আন আন কিছুমান সংবাদ প্ৰতিস্থানতো তামিলনাডুৰ ৰামনাথপুৰমত আইছিছৰ টি-ছাৰ্ট পিন্ধা এদল যুৱকৰ ফটোৰ সৈতে প্ৰতিবেদন প্ৰকাশ পাইছিল। এই প্ৰতিবেদনসমূহ ইয়াত আৰু ইয়াত পঢ়ি চাব পাৰিব।

 ফলাফল

ফেক্ট ক্ৰেচেণ্ডোৰ অনুসন্ধানত ভাইৰেল হোৱা ফটোখনৰ সৈতে কৰা দাবীটো মিছা বুলি প্ৰমানিত হয়। ভাইৰেল হোৱা সেই ফটোখন কেৰালাৰ নহয়। সেই ফটোখন ২০১৪ চনত তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ এটা মছজিদৰ সমুখত হে লোৱা হৈছিল। তামিলনাডুত তেনেকৈ আইছিছৰ নাম লিখা টি-ছাৰ্ট পিন্ধা এটা যুৱকৰ দলে মছজিদৰ সমুখত ফটো উঠিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কেৰালাত এইদৰে মুছলিম যুৱকে আইছিছৰ টি-ছাৰ্ট পিন্ধি ফটো উঠিছে নেকি?

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *