আমাৰ দেশত সময়ে সময়ে লাভ জেহাদ সম্পৰ্কীয় বহু পোষ্ট আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা যায়। এই পোষ্টবোৰে দাবী কৰে যে কেনেকৈ মুছলমান মানুহে হিন্দু ছোৱালীক প্ৰেমত পৰিবলৈ প্ৰলোভিত কৰে আৰু পাছত সেই ছোৱালীকেইজনীক অত্যাচাৰ কৰে, ধৰ্ষণ কৰে বা হত্যা কৰে।

অতি শেহতীয়াভাৱে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী আহত ভদ্ৰমহিলাৰ ফটো। সেই ফটোখনে মহিলাগৰাকীৰ মুখখনৰ আগৰ আৰু পাছৰ ৰূপ দেখুৱাইছে। দাবী কৰা হৈছে যে এয়া এগৰাকী হিন্দু ভদ্ৰমহিলাৰ ফটো, যাক তেওঁৰ মুছলমান প্ৰেমিকে এচিডেৰে আক্ৰমণ কৰিছিল।

ফটোখনৰ দাবী কি?

ফটোখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এইটো লাভ জেহাদৰ ঘটনা য’ত এজন মুছলমান ল’ৰাই এগৰাকী হিন্দু ছোৱালীৰ মুখত এচিড আক্ৰমণ কৰিছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ইস্কা আব্দুল আলাগ হি থা। Shayad makeup artist raha hoga, kya makeup kiya hai (এওঁৰ আব্দুল বেলেগেই আছিল। তেওঁ নিশ্চয় মেকআপ আৰ্টিষ্ট আছিল। কি মেকআপ কৰিছিল চাওক।)”

Facebook LinkArchived Link

ফটোখনে কৰা দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল হৈ পৰা ফটোখনৰ ওপৰত গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। আমাৰ এই প্ৰাথমিক অনুসন্ধানত আমি দ্য ইনডিপেণ্ডেণ্টৰ ৱেবছাইটটোৰ এটা লেখা পালোঁ য’ত ২০১৭ চনত ভুক্তভোগীৰ একেখন ফটো প্ৰকাশ পাইছিল। লেখাটো অনুসৰি ফটোখনত থকা মহিলাগৰাকী লণ্ডনৰ এগৰাকী মডেল ৰেছম খান। তেওঁৰ ২১ সংখ্যক জন্মদিনত ৰেছম খান আৰু তেওঁৰ ভাতৃক এচিডেৰে আক্ৰমণ কৰে এজন লোকে। এই ঘটনাত ৰেছম খান আৰু তেওঁৰ ভাতৃ দুয়োজনেই গুৰুতৰভাৱে আহত হয়। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জন টমলিন নামৰ অভিযুক্তক।

সেই লেখাটো আপোনালোকে ইয়াত পঢ়িবলৈ পাব।

এই কাণ্ডৰ চিচিটিভি ভিডিঅ’ এটাও দ্য ইণ্ডিপেণ্ডেণ্টৰ ৱেবছাইটত প্ৰচাৰ কৰা হৈছিল। একেটা ভিডিঅ' তলত দিয়া ইউটিউব লিংকতো চাব পাৰিব।

২০১৮ চনৰ ২০ এপ্ৰিলৰ ইভিনিং ষ্টেণ্ডাৰ্ডৰ প্ৰতিবেদন অনুসৰি এচিড আক্ৰমণৰ বলি হোৱা জামিল মুখতাৰে আদালতৰ ৰায়ক গৰিহণা দি কয় যে অভিযুক্তক মৃত্যুদণ্ড দিয়া উচিত আছিল। আদালতে অভিযুক্ত জন টমলিনক ১৬ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

ৰেশম খান গাড়ীত বহি থকাৰ সময়তে মুখতাৰ আৰু টমলিনৰ মাজত কাজিয়া সংঘটিত হয়। চালকজন গাড়ীলৈ উভতি অহাৰ লগে লগে টমলিনে গাড়ীখনৰ খোলা খিৰিকীৰে এচিড নিক্ষেপ কৰি ৰেছাম খান আৰু মুখতাৰক আক্ৰমণ কৰে। ঘটনাৰ পিছতে ৰেছাম আৰু মুখতাৰক চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোকৰ মূৰ, ডিঙি আৰু কাণত আঘাত পাইছিল। এই আক্ৰমণত ৰেছম খানে দৃষ্টিশক্তি পৰ্যন্ত হেৰুৱাই পেলাইছিল।

ওপৰৰ তথ্যৰ পৰা স্পষ্ট যে ভুক্তভোগী হিন্দু নহয় আৰু অভিযুক্ত মুছলমান ব্যক্তি নহয়। ভুক্তভোগীৰ নাম ৰেছম খান আৰু অভিযুক্তৰ নাম জন টমলিন। লগতে এই ঘটনাটো ভাৰতৰেই নহয়, লণ্ডনৰ ঘটনা হে হয়।

বিবিচি নিউজৰ ইউটিউব চেনেলে ৰেছম খানৰ সৈতে এক সাক্ষাৎকাৰ লৈছিল য’ত তেওঁ এই কাণ্ড আৰু তেওঁৰ অভিজ্ঞতাৰ কথা কয়। যেতিয়া ৰেছম খান আৰু তেওঁৰ ভাতৃক এচিডেৰে আক্ৰমণ কৰা হয়, তেতিয়া তেওঁলোকে গাড়ী চলাই যাবলৈ চেষ্টা কৰে যদিও দুৰ্ঘটনাগ্ৰস্ত হয় আৰু আক্ৰমণৰ পিছত অভিযুক্ত পলাই যায়। অভিযুক্তই এচিডেৰে আক্ৰমণ কৰাৰ পাছত দুয়োজনে তীব্ৰ বিষত পানী বিচাৰি চিঞৰিছিল। তলত এই ঘটনাৰ সবিশেষ চাব পাৰিব।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে এই দাবী মিছা। এচিড আক্ৰমণৰ বলি হোৱা মহিলাগাৰীকৰ নাম ৰেছম খান আৰু অভিযুক্তৰ নাম জন টমলিন। এই ঘটনা ভাৰতত নহয় লণ্ডনত সংঘটিত হৈছে। লণ্ডনস্থিত এগৰাকী অহিন্দু মডেলৰ ওপৰত হোৱা এচিড আক্ৰমণৰ এটা পুৰণি কাণ্ড সাম্প্ৰদায়িক দাবীৰে ভাইৰেল কৰা হৈছে ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়া মুছলমান যুৱকে হিন্দু প্ৰেমিকাক কৰা এচিড আক্ৰমণৰ ফটো হয় নেকি ? সত্যটো কি?

Written By: Pranjal Sharma

Result: False