
শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। ভিডিঅ”টোত দেখা গৈছে যে ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলীয়ে কোনো এটা বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈ আছে যে-”এয়া বৰ অশান্তিকৰ, আচৰিত আৰু মই এনেকুৱা এখন সমাজৰ অংশ হিচাপে লজ্জাবোধ কৰিছোঁ। মই ভাবোঁ আমি আমাৰ চিন্তা সলনি কৰিবৰ হৈছে। আমি পুৰুষ আৰু মহিলাক সমদৃষ্টিৰে চাব লাগে। শ্ৰদ্ধাশীল হওক আৰু নাৰীক মমতাৰ দৃষ্টিৰে চাওক। চাওক, এনেকুৱা কিবা এটা ঘটি যাব আৰু মানুহে সেয়া কেৱল চাই থাকিব আৰু একোৱেই নকৰিব, সেয়া কাপুৰুষতা। সেইসকল পুৰুষৰ নিজকে পুৰুষ বুলি কোৱাৰ অধিকাৰ নাই। মই মাত্ৰ এটা প্ৰশ্ন কৰিব খোজোঁ। ঈশ্বৰে নকৰক,যদি তেনেকুৱা কিবা এটা আপোনাৰ নিজৰ পৰিয়ালত ঘটে, আপুনি চাই থাকিব নে আগুৱাই আহিব?”
আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈও ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই একেই দাবী কৰিছিল।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০১৭ চনৰ ৬ জানুৱাৰীত বিৰাট কোহলীয়ে নিজৰ এক্স আৰু ইনষ্টাগ্ৰামত দিয়া দুটা ভিডিঅ’ পোষ্ট পালোঁ। তাত তেওঁ কোনো বাংগালুৰুত সংঘটিত হোৱা এক ঘটনাক সমালোচনা কৰা দেখা গৈছে।
আমি সেই সন্দৰ্ভত বাতৰিৰ সন্ধান কৰোতে NDTV, Hindustan Times,Times of India আদিত বাংগালুৰুত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনক বিৰাট কোহলীয়ে নিন্দা কৰা খবৰ সবিস্তাৰে লাভ কৰিলোঁ।
আমি তদুপৰি সেই ঘটনাটো সন্দৰ্ভতো বাতৰিৰ সন্ধান কৰিলোঁ, যিটো ঘটনাক বিৰাট কোহলীয়ে সমালোচনা কৰিছিল। Times Of Indiaৰ বাতৰি অনুসৰি বাংগালুৰুত নৱবৰ্ষ উদযাপনৰ সময়ত এম.জি. ৰোড আৰু ব্ৰিজ ৰোডত সমবেত হোৱা অসংখ্য মহিলাক দুস্কৃতিকাৰীয়ে শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। সেই ঘটনাটোৰ ক্ষেত্ৰতেই বিৰাট কোহলী সেই সময়ত তেনেকৈ সামাজিক মাধ্যমত সৰৱ হৈ পৰিছিল।
শেষত আমি শেহতীয়া আৰ.জি.কৰ হাস্পতালত হোৱা ধৰ্ষণ-হত্যাকাণ্ডৰ ক্ষেত্ৰত বিৰাট কোহলীয়ে কোনো প্ৰতিক্ৰিয়া দিছে নেকি,তাৰ সন্ধান কৰিলোঁ। কিন্তু এইক্ষেত্ৰত কোনো ধৰণৰ তথ্য লাভ নকৰিলোঁ।
অৰ্থাত ইয়াৰ পৰাই স্পষ্ট হয় যে ২০১৭ চনত বাংগালুৰুত সংঘটিত হোৱা এক নাৰী নিৰ্যাতনৰ ঘটনাক সমালোচনা কৰি বিৰাট কোহলীয়ে সামাজিক মাধ্যমত প্ৰদান কৰা ভিডিঅ’ বাৰ্তাকে শেহতীয়া কলকাতাৰ ধৰ্ষণ-হত্যাৰ ঘটনাটোক সমালোচনা কৰা বুলি ভাইৰেল কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ২০১৭চনত বাংগালুৰুত হোৱা এক নাৰী নিৰ্যাতনৰ ঘটনাক সমালোচনা কৰি বিৰাট কোহলীয়ে দিয়া ভিডিঅ’বাৰ্তাক শেহতীয়া কলকাতাৰ ধৰ্ষণ-হত্যাৰ নিন্দা কৰি দিয়া বাৰ্তা বুলি ভাইৰেল কৰা হৈছে। সেই ভিডিঅ’টো পুৰণি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০১৭চনৰে ভিডিঅ’ ভাইৰেল কৰি বিৰাট কোহলীয়ে কলকাতা ধৰ্ষণ-হত্যাকাণ্ডৰ সমালোচনা কৰা বুলি দাবী।
Fact Check By: Pranjal SharmaResult: False
