শেহতীয়াভাবে দেশৰ ধনাঢ্য ব্যৱসায়ী মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ ৰাজকীয় বিবাহক লৈ সমগ্ৰ দেশতেই চৰ্চা অব্যাহত আছে। যেন সমগ্ৰ বিশ্বৰে সকলো স্তৰৰ তাৰকাৰ মহামিলন ঘটিছে সেই বিয়াখনত। সেই বিয়াত কোন কোন উপস্থিত আছিল,সেই কথা দোহৰা নিস্প্ৰয়োজন। তাৰ মাজতে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ সহধৰ্মিনী মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাৰ এখন ফটো ভাইৰেল হৈছে এই দাবীৰে যে কোহলী দম্পতীও অনন্ত আম্বানীৰ বিয়ালৈ বুলি এইদৰে ওলাইছে।

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ ফটোখন প্ৰেৰণ কৰি এগৰাকী ব্য়ৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সেয়া অনন্ত আম্বানীৰ বিয়ালৈ বুলি ওলোৱা বিৰুস্কাৰ ফটো হয় নে নহয়। জামনগৰ বিমান বন্দৰৰ ফটো হয় নে নহয় জানিব বিচাৰিছিল ব্যৱহাৰকাৰীগৰাকীয়ে। আমালৈ ফটোখন প্ৰেৰণ কৰি লিখিছিল-অনন্ত আম্বানীৰ বিয়ালৈ এইদৰে যাবলৈ ওলাইছিল নেকি বিৰুস্কা? এয়া জামনগৰ এয়াৰপোৰ্ট নে?

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ। ফলত ২০২২ চনৰ জুন মাহত হিন্দুস্তান টাইমছৰ ৱেবছাইটত প্ৰকাশ পোৱা এক প্ৰতিবেদন পোৱা গৈছিল। ভাইৰেল ফটোখন তাত আছে। তাত দিয়া তথ্য অনুসৰি বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ এই ফটো মুম্বাই বিমানবন্দৰৰ।

অধিক সন্ধানত আমি বিৰাট আৰু অনুষ্কাৰ ভাইৰেল ফটোখনৰ মূল ভিডিঅ’টোৰ সৈতে ৮ জুন, ২০২২ তাৰিখে বলীউড ছ’চাইটিৰ ফেচবুক পেজত শ্বেয়াৰ কৰা এটা পোষ্ট পাইছিলোঁ। সেই ভিডিঅ’টোৰ সৈতে দিয়া তথ্য অনুসৰি দুয়োকে সেইদৰে বিমানবন্দৰত দেখা গৈছিল।

খবৰ অনুসৰি টিম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী আৰু বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মা বৰ্তমান লণ্ডনত আছে। ২০২৪ চনৰ ২০ ফেব্ৰুৱাৰীত কোহলী দম্পতীয়ে দ্বিতীয় সন্তান আকাইৰ জন্মৰ কথা ঘোষণা কৰে। বিৰাট কোহলীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই কথা ঘোষণা কৰি এই মুহূৰ্তত তেওঁলোকৰ গোপনীয়তা ৰক্ষাৰ বাবে অনুৰোধো জনায়।

এইদৰে প্ৰমানিত হয় যে জামনগৰত হোৱা অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ অনুষ্ঠানলৈ বিৰাট আৰু অনুষ্কা যোৱা বুলি কৰা দাবীটো বিভ্ৰান্তিকৰ। বিৰাট-অনুষ্কাৰ ভাইৰেল ফটোখন প্ৰায় ডেৰ বছৰ পুৰণি।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। এই ফটোখন ২০২২ চনৰ জুন মাহৰ। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা দুয়োজনেই বৰ্তমান লণ্ডনত আছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২২ চনত মুম্বাই বিমান বন্দৰত তোলা বিৰাট-অনুষ্কাৰ ফটোকে জামনগৰ বিমান বন্দৰৰ শেহতীয়া ফটো বুলি দাবী কৰি প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: Misleading