আমাৰ দেশৰ সম্পদস্বৰূপা প্ৰবীন অভিনেত্ৰী, একালৰ দৰ্শকৰ নয়নৰ মনি ৱাহিদা ৰেহমানলৈ শেহতীয়াভাৱে ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফালকে সন্মান ঘোষণা কৰাৰ লগে লগে সমগ্ৰ দেশতেই উলাহৰ ঢৌ দেখা গৈছে। বিভিন্নজনে অভিনেত্ৰীগৰাকীলৈ সন্মান আৰু শুভকামনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত তেখেতৰ মোহময়ী সময়ৰ বিভিন্ন ফটো, অভিনয় কালৰ বিভিন্ন ভিডিঅ’ প্ৰচাৰ হৈছে।

তেনে এক প্ৰেক্ষাপটতেই এটি ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এগৰাকী প্ৰবীন নৃত্য পটিয়সীয়ে “আজ ফিৰ জিনে কী তমন্না হেই” গীতটিত সুন্দৰভাৱে নৃত্য কৰা দেখা গৈছে আৰু দাবী কৰা হৈছে যে সেয়া ৮৫ বছৰীয়া দাদা চাহেব ফালকে সন্মান বিভূষিতা ৱাহিদা ৰেহমান।

ফেচবুকত Raz Rezaul Hussain নামৰ একাউণ্টটোৰ পৰা ভিডিঅ’টো আপলোড কৰি লিখা হৈছে- এই বছৰৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী ৮৫ বছৰীয়া ৱাহিদা ৰহমানলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

Facebook LinkArchived Link

তদুপৰি Ranen Kumar Goswami নামৰ একাউণ্টটোৰ পৰাও এক দীঘলীয়া বৰ্ণনাৰ সৈতে এই নৃত্যৰত মহিলাগৰাকী ৱাহিদা ৰেহমান বুলি দাবী কৰি ভিডিঅ’টো আপলোড কৰা হৈছিল।

Facebook LinkArchived Link

কেৱল ইমানেই নহয়, হোৱাটছএপতো এই ভিডিঅ’টো বহুবাৰ শ্বেয়াৰ কৰি সেয়া ৱাহিদা ৰেহমান বুলি দাবী কৰা হৈছে।

কিন্তু এই দাবীটো সত্য হয়নে? এয়া ৱাহিদা ৰেহমানে নৃত্য কৰি থকা ভিডিঅ’ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত কী-ৱৰ্ড চাৰ্চ আৰু ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিছিলোঁ আৰু তাৰ ফলত ২০২২ চনৰ ২ জানুৱাৰীত ইউটিউবত আপলোড কৰা একেটা ভিডিঅ’ পাইছিলোঁ। ভিডিঅ’টোৰ শিৰোনাম আছিল “মায়ুখা – আজ ফিৰ জীনে কি তামান্মা হায় (ডান্স কভাৰ)”। ভিডিঅ’টো আপলোড কৰা হৈছিল সুনীলা অশোকৰ দ্বাৰা।

এই কথাটোকে মনত ৰাখি আমি সুনিলা অশোকৰ ইনষ্টাগ্ৰাম পেজ ‘mayookha_sunila পৰীক্ষা কৰি দেখিলোঁ যে ২৬ ছেপ্টেম্বৰত তেওঁৰ একাউণ্টত একেটা নৃত্য আপলোড কৰা হৈছে। কেপচনত লিখা আছিল যে এই নৃত্য ভিডিঅ’টোত তেওঁক ৱাহিদা ৰেহমান বুলি ভুলকৈ অভিহিত কৰা হৈছে।

ভিডিঅ’টোৰ কথা উল্লেখ কৰি পিন কৰা এটা পোষ্টত তেওঁ কয়, “আজি পুৱা মোৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ পৰা বাৰ্তাৰ ধুমুহাত সাৰ পাই উঠিলোঁ। ‘আজ ফিৰ জীনে কি তামান্না হেই’ৰ মোৰ ভিডিঅ’টো ৱাহিদা ৰহমানৰ নৃত্য ভিডিঅ’ হিচাপে ভাইৰেল হৈ পৰিছে! তেখেতৰ সৈতে মোক তুলনা কৰাত মই অতিশয় সন্মানিত হৈছো আৰু মোৰ দৰ্শকসকলৰ পৰা যিমানখিনি মৰম আৰু প্ৰশংসা পাইছোঁ তাত মই আপ্লুত হৈছোঁ”।

তদুপৰি আমি সুনিলা অশোকে তেওঁৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা বাজাজ আলিয়ানজ লাইফৰ “ছুপাৰষ্টাৰ আফটাৰ ৰিটায়াৰমেণ্ট” নামৰ এটা ৰিয়েলিটি শ্ব’ৰ বিষয়ে ভিডিঅ’ এটাও পাইছিলোঁ, । ভিডিঅ’টোত সুনিলাই শিক্ষকতাৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত কেনেকৈ পুনৰ নৃত্য আৰম্ভ কৰিছিল সেই বিষয়ে কোৱা দেখা গৈছে।১৯৬০-৭০ৰ দশকত ৰূপালী পৰ্দাত শাসন কৰা প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক শেহতীয়াকৈ ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰাৰ সময়ত বাতৰিৰ শিৰোনাম দখল কৰিছিল। তাৰ পৰিপ্ৰেক্ষিততেই এইদৰে ভুল দাবীৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।

এই সকলোবোৰ প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি আমি স্পষ্টকৈ ক’ব পাৰোঁ যে ভাইৰেল হোৱা ডান্স ভিডিঅ’টোত সেয়া সুনিলা অশোক নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা নৃত্যশিল্পীক হে দেখা গৈছে। সেয়া দেশৰ চিৰ প্ৰশংসিত অভিনেত্ৰী ৱাহিদা ৰেহমান নহয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল হোৱা ডান্স ভিডিঅ’টোত সেয়া সুনিলা অশোক নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা নৃত্যশিল্পীক হে দেখা গৈছে। সেয়া দেশৰ চিৰ প্ৰশংসিত অভিনেত্ৰী ৱাহিদা ৰেহমান নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৱাহিদা ৰেহমান বুলি আন মহিলাৰ নৃত্যৰত ভিডিঅ’ ভাইৰেল? সত্যটো কি জানক।

Written By: Pranjal Sharma

Result: False