মধ্য প্ৰদেশৰ ২০২২ চনৰ দৃশ্যকে নগাঁৱৰ ননৈত ওলোৱা বাঘৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

False Social

অসমৰ নগাঁও জিলাৰ ননৈ নামৰ ঠাইখনত দুদিন পূৰ্বে বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছিল। প্ৰতিটো সংবাদ মাধ্যমে সেই বাতৰি কৰিছিল। সেই প্ৰেক্ষাপটতে সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে সেই ভিডিঅ’টো ননৈৰ। ভিডিঅ’টোত দেখা গৈছে যে নিশাৰ ভাগত এটা বাঘে হাবিৰ পৰা ৰাজপথলৈ উঠি আহিছে আৰু পথটোৰ এটা মুৰৰ পৰা আনটো মুৰলৈ পাৰ হৈ গৈছে। 

এজন ফেচবুৰ ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো আপলোড কৰি লিখিছে-নগাঁও ননৈ ভেলাই গাওঁ বাঘৰ বিচৰন। অৰ্থাত দাবী কৰা হৈছে যে সেইটো নগাঁৱৰ দৃশ্য।

Facebook LinkArchived Link 

আন এটা ফেচবুক পেজে ভিডিঅ’টো আপলোড কৰি সেয়া নগাঁৱৰ ননৈত বাঘৰ মুক্ত বিচৰণ বুলি দাবী কৰিছিল। লিখিছিল- নগাঁৱৰ ননৈত ৰাজপথত বাঘৰ মুক্ত বিচৰণ বন্দী সাংবাদিকৰ কেমেৰাত ৷

Facebook LinkArchived Link

তদুপৰি আন এজন ব্যৱহাৰকাৰীয়ে ফেচবুকত ভিডিঅ’টো আপলোড কৰি একেই দাবীৰে লিখিছে-নগাঁৱৰ ননৈত বাঘৰ মুক্ত বিচৰণৰ 

Facebook LinkArchived Link

অন্য এগৰাকী ব্যৱহাৰকাৰীয়েও ফেচবুকত একেই দাবী কৰি ভিডিঅ’টো আপলোড কৰিছিল।

Facebook Link  Archived Link 

একেই দাবীৰে ইউট্যুৱতো বহুজনে সেই ভিডিঅ’টো আপলোড কৰা আমাৰ চকুত পৰিল। ইউট্যুৱত নগাঁৱৰ ননৈত বাঘ ওলোৱা বুলি দাবী কৰি আপলোড কৰা তেনেকুৱা ভিডিঅ’ আপোনালোকে ইয়াত, ইয়াত,ইয়াত আৰু ইয়াত চাব পাৰিব। 

কিন্তু এই দাবী সত্য হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে সেই বিশেষ ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি কেইবাটাও লিংক লাভ কৰিলোঁ। 

আমি ইউট্যুৱত একাধিক ভিডিঅ’ দেখিলোঁ। তাৰে এবছৰ পুৰণি এটা ভিডিঅ’ত দাবী কৰা হৈছে যে সেই ভিডিঅ’’টো অনুস্কুৰা ঘাটৰ। 

আন এটা ভিডিঅ”ত দাবী কৰিছে যে সেইটো পাউৰী গৰৱালৰ নইনিনানন্দৰ দৃশ্য। এইটো ভিডিঅ’ও এবাছৰ পূৰ্বেই আপলোড কৰা হৈছিল।

২০২৩ৰ ডিচেম্বৰৰ ২২ তাৰিখে ইউট্যুৱত আপলোড কৰা ভিডিঅ’ এটাত কোনো স্থানৰ কথা উল্লেখ কৰা হোৱা নাছিল যদিও একেটা দৃশ্য আৰু শব্দয়ে তাতো আছিল। 

২০২৩ৰে ২১ ডিচেম্বৰত আপলোড কৰা একেটা ভিডিঅ’ত সেয়া কোন স্থানৰ সেই কথা উল্লেখ নাছিল।

কোলহাপুৰৰ ৰাধানগৰীৰ ৰাজপথৰ দৃশ্য বুলি দাবী কৰি একেটা ভিডিঅ’কে আন এটা ইউট্যুৱ শ্বৰ্টছত দেখা গ’ল।

আৰু অধিক তথ্য আহৰণ কৰোতে আমি উদয়বাণী নামৰ প্ৰতিস্থানটোৱে প্ৰকাশ কৰা এটা বাতৰি লাভ কৰিলোঁ। ২০২২ চনৰ এপ্ৰিলৰ ২ তাৰিখে প্ৰকাশ হোৱা সেই বাতৰিত উল্লেখ কৰা হৈছিল যে ইণ্টাৰনেটত ভাইৰেল হোৱা সেই ভিডিঅ’টো কৰ্ণাটকৰ দক্ষিণ কন্নড় জিলাৰ মেংগলোৰৰ সমীপৰ চুৰটকলৰ ছবিৰুৰ দলঙৰ কাষত ওলোৱা বাঘৰ ভিডিঅ’ বুলি দাবী কৰা হৈছিল যদিও, সেয়া সত্য নহয়। সেই স্থানৰ বাসিন্দা সকলে সেই বাতৰিক উৰা-বাতৰি আখ্যা দিছিল।

অৰ্থাত এতিয়ালৈ স্পষ্ট হৈ পৰিল যে সেই ভিডিঅ’টো পুৰণি আৰু ইতিমধ্যে অন্য একাধিক স্থানত ওলোৱা বাঘৰ দৃশ্য বুলি ইণ্টাৰনেটত ভাইৰেল কৰা হৈছিল। 

আমি ইমানতে ক্ষান্ত নাথাকি আৰু অধিক সঠিত তথ্যৰ সন্ধান কৰিলোঁ। আৰু অৱশেষত আমি সেই দৃশ্যটোৰ প্ৰকৃত স্থানটো নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ’লোঁ। আমি ফেচবুকত মধ্য় প্ৰদেশৰ খ্যাতিমন্ত ব্যাঘ্ৰ উদ্যান পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ আনুষ্ঠানিক ফেচবুক পেজটোত আপলোড কৰা এটা ভিডিঅ’ পালোঁ।

সেই ভিডিঅ’টোত বাঘটোৱে নিশাৰ ভাগত পাৰ হৈ যোৱা প্ৰকৃত স্থানটো দেখুৱাই দিয়া দেখা পালোঁ। সেই স্থানৰ গেড়ামজী নামৰ গাইডজনে নিশ্চিত কৰে যে ভিডিঅ’টো অন্য প্ৰান্তৰ নহয়, বৰং পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ হে।

আপোনালোকে সেই সম্পূৰ্ণ ভিডিঅ’টো তলত চাবলৈ সক্ষম হ’ব।

এই সকলো তথ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি আমি নিশ্চিত হ’লোঁ যে অসমৰ ফেচবুকত তথা ইউট্যুৱতো নগাঁৱৰ ননৈত শেহতীয়াকৈ দুই দিন বা তিনিদিন পূৰ্বে ওলোৱা বাঘৰ দৃশ্য বুলি ভাইৰেল হোৱা ভিডিঅ’টো আচলতে পুৰণি। প্ৰায় এটা বছৰ পূৰ্বেও ভাৰতৰ আন আন ভিন্ন প্ৰান্তৰ দৃশ্য বুলি দাবী কৰি সেই ভিডিঅ’টো ভাইৰেল কৰা হৈছিল। কিন্তু সেই দৃশ্যটো প্ৰকৃততে মধ্য প্ৰদেশৰ ব্যাঘ্ৰ উদ্যান পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ হে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টো পুৰণি। মধ্য প্ৰদেশৰ পেঞ্চ টাইগাৰ ৰিজাৰ্ভত ২০২২ চনত সেই দৃশ্যটো দেখা গৈছিল। সেয়া নগাঁৱৰ দৃশ্য নহয় ।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মধ্য প্ৰদেশৰ ২০২২ চনৰ দৃশ্যকে নগাঁৱৰ ননৈত ওলোৱা বাঘৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *