
দুদিন পূৰ্বে অসমৰ নগাঁও জিলাৰ ননৈ নামৰ ঠাইখনত বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যুৰ খবৰে ৰাজ্যখনক জোকাৰি গৈছিল। প্ৰতিটো সংবাদ মাধ্যমে সেই বাতৰি কৰিছিল। কিন্তু তাৰে মাজতে সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে ননৈৰ সেই বাঘৰ আক্ৰমণৰ ঘটনাৰ ভিডিঅ’ সেইটো। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী নীলা চোলা পৰিহিত লোক চাৰিটা বাঘৰ মাজত আছে। সেই লোকজনক বাঘে আক্ৰমণ কৰিছে। এটা বাঘে মানুহজনক ডিঙিতে কামুৰি মাৰি পেলোৱা দেখা গৈছে। গাৰ নোম শিয়ৰি যোৱা সেই ভিডিঅ’টো শ্বেয়াৰ কৰি একাধিক ফেচবুক পোষ্টে সেই দৃশ্য ননৈৰ বুলি দাবী কৰিছে।
কিন্তু আমাৰ অনুসন্ধানত গম পোৱা গৈছে যে সেই ভিডিঅ’টো নগাঁৱৰ ননৈৰ শেহতীয়া বাঘৰ আক্ৰমণৰ ভিডিঅ’ নহয়।

আন এটা ফেচবুক পেজে আপলোড কৰা ভিডিঅ’ৰ কেপছনত লিখিছে- ###নগাঁও জিলাৰ ননৈত বাঘৰ আক্ৰমণ|###
আজি তিনি দিন ধৰি ননৈ অঞ্চলত বনৰীয়া হাতীৰ লগত অহা দুটা বাঘে তাণ্ডৱ চলাই এজন লোকৰ মৃত্যু হোৱা লগতে আন এজন লোক আঘাতপ্ৰাপ্ত হৈ নগাঁও হস্পিতালত আছে ৷ বাঘ কেইটা খেদিব চেষ্টা কৰি আছে যদিও সফল হব পৰা নাই ৷সকলো ৰাইজে যাঠিজোং লৈ খেদিবলৈ চেষ্টা কৰি আছে যদিওঁ সকলোৱে ভয়ৰ আতংকৰ সৃষ্টি হৈছে
সেই ভিডিঅ’টোৰ ১১চেকেণ্ডৰ পৰা উল্লিখিত একেটা ভিডিঅ’ সংলগ্ন কৰা হৈছে।

আন এটা ফেচবুক পেজে নগাঁৱৰ ননৈৰ বাঘৰ আতংক বুলি আপলোড কৰা ভিডিঅ’ এটাত ১ মিনিটৰ পৰা সেই ভিডিঅ’টো সংলগ্ন কৰা দেখা গৈছে। দৃশ্যাংশখিনি সম্পাদনা কৰি ব্লাৰ কৰি দিয়া হৈছে যদিও ভালকৈ মন কৰিলে ধৰিব পাৰি যে সেই একেটা দৃশ্যয়ে ইয়াতো ব্যৱহাৰ কৰা হৈছে।

কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে সেই বিশেষ ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি কেইবাটাও লিংক লাভ কৰিলোঁ।
Documenting Reality নামৰ ৱেবছাইটটোত এক প্ৰতিবেদন লাভ কৰিলোঁ য’ত সেই নিৰ্দিষ্ট ভিডিঅ’টো সংলগ্ন কৰা হৈছিল আৰু উল্লেখ কৰা হৈছিল যে চীন দেশৰ নিংবোস্থিত Youngor Wildlife Park নামৰ এখন বন্যপ্ৰাণী উদ্যানত এগৰাকী ৫০ বছৰ বয়সৰ ব্যক্তি বাঘৰ আক্ৰমণত প্ৰান হেৰুৱাইছিল। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহৰ ২ তাৰিখে সেই প্ৰতিবদন তেওঁলোকে প্ৰকাশ কৰিছিল।

২০১৭ চনৰ ৩০ জানুৱাৰীত Yahoo News এ প্ৰকাশ কৰা এক প্ৰতিবেদনতো উল্লেখ কৰা হৈছিল যে চীন দেশৰ ঝেজিয়াং প্ৰদেশৰ নিংবোৰ সেই চিৰিয়াখনাখনত সেই ব্যক্তিগৰাকীক চিৰিয়াখানাৰ ফেঞ্চিং পাৰ হৈ ভিতৰত প্ৰবেশ কৰাৰ পাছত বাঘে আক্ৰমণ কৰিছিল। এই প্ৰতিবেদনত লগতে ব্যক্তিজনৰ উপাধি ঝেং বুলি উল্লেক কৰা হৈছিল।

ইয়াৰ পাছত আমি চীন দেশৰ সংবাদ প্ৰতিস্থানৰ বাতৰি বিচাৰিবলৈ ল’লোঁ। তেতিয়া আমাৰ হাতলৈ আৰু এটা লিংক আহিল। South China Morning Post নামৰ ৱেবছাইটটোত ২০১৭ চনৰ ২৯ জানুৱাৰীত প্ৰকাশ কৰা প্ৰতিবেদনত সেই ঘটনাটো উল্লেখ কৰা আমি দেখা পালোঁ। সেই প্ৰতিবেদনত আক্ৰমণৰ বলি হোৱা ব্যক্তিগৰাকীৰ পৰৱৰ্তী সময়ত হাস্পতালত মৃত্যু হোৱা বুলি জানিব পাৰিলোঁ।

এইবাৰ আমি ইংলণ্ডৰ পৰা প্ৰকাশিত প্ৰতিস্থিত সংবাদ প্ৰতিস্থান Mirrorৰ ৱেবছাইটত ২০১৭ চনৰ ৩০ জানুৱাৰীৰ প্ৰতিবেদনত জানিব পাৰিলোঁ যে চীন দেশৰ ঝেজিয়াং প্ৰদেশত থকা নিংবো বন্যপ্ৰাণী উদ্যানৰ ১৫ পাউণ্ড মূল্য অৰ্থাত চীন দেশৰ ১৩০ য়ুৱান( ভাৰতীয় মূল্য প্ৰায় ১৫৭৫টকা)ৰ টিকটটো ক্ৰয় নকৰালৈ ফেঞ্চিং পাৰ হৈ উদ্যানখনত প্ৰবেশ কৰা ঝেং নামৰ লোকজনে এইদৰে বাঘৰ সমুখত পৰে আৰু তেওঁৰ দুৰ্ভগীয়া পত্নী,সন্তানৰ সমুখতে বাঘে তেওঁক নেফানেফ কৰে।

একেটা ঘটনা সন্দৰ্ভত ২০১৭ চনৰ ৩০ জানুৱাৰীত প্ৰকাশিত আন কিছুমান বাতৰি আপোনালোকে ইয়াত আৰু ইয়াত পঢ়িবলৈ পাব। একেটা ঘটনাৰ খবৰকেই সেই বছৰ ১ ফেব্ৰুৱাৰীতো আন এক প্ৰতিস্থানে প্ৰকাশ কৰিছিল ইয়াত।
কেৱল ইমানেই নহয়, TheHodgetwins নামৰ ইউট্যুৱ চেনেলটোত সেই ঘটনাটোৰ এক সমালোচনাত্মক ভিডিঅ’ আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হ’ল।

এই সমষ্ট তথ্য প্ৰমানৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ নগাঁও জিলাৰ ননৈত দুদিন পূৰ্বে হোৱা বাঘৰ আক্ৰমণৰ ঘটনাটোৰ সৈতেই এই ভিডিঅ’টোৰ কোনো সম্পৰ্কয়ে নাই। এইটো ২০১৭ চনৰ জানুৱাৰীত চীন দেশৰ ঝেজিয়াং প্ৰদেশৰ নাংবোস্থিত বন্যপ্ৰাণী উদ্যানত টিকটৰ পইচা বচাবলৈ গৈ ফেঞ্চিং পাৰ হৈ বাঘৰ মুখত পৰা ঝেং নামৰ লোকজনক বাঘে কৰা ভয়ংকৰ আক্ৰমণৰ হে দৃশ্য়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এইটো ২০১৭ চনৰ জানুৱাৰীত চীনৰ ঝেজিয়াং প্ৰদেশৰ নাংবোস্থিত বন্যপ্ৰাণী উদ্যানত বাঘৰ মুখত পৰা ঝেং নামৰ লোকজনক বাঘে কৰা হে দৃশ্য়। নগাঁৱৰ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০১৭চনৰ চীনৰ দৃশ্য নগাঁৱৰ ননৈৰ বাঘৰ আক্ৰমণ বুলি মিছাকৈ ভাইৰেল কৰা হৈছে?
Written By: Pranjal SharmaResult: False
