শেহতীয়াভাৱে চেন্নাইত মিছং নামৰ প্ৰচণ্ড ঘুৰ্ণীবতাহ আৰু ধুমুহাৰ লগতে অহা মুষলধাৰ বৰষুণৰ প্ৰকোপত ভয়ংকৰ বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। চেন্নাইৰ এই পৰিস্থিতিয়ে বৰ্তমান সমগ্ৰ বিশ্বৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। সমান্তৰালভাৱে কিছু ভুল তথ্য আৰু বিভ্ৰান্তিকৰ তথ্যও সামাজিক মাধ্যমত বিয়পি পৰিছে। অসমৰ ফেচবুকতো তেনেকুৱা কিছুমান ভিডিঅ’ বিয়পি পৰিছে। এটা ফেচবুক পেজে তেনেকুৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে এয়া চেন্নাইৰ শেহতীয়া পৰিস্থিতিৰ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে এটা ৰাজপথত প্ৰচণ্ড ঘুৰ্ণীবতাহ আৰু বৰষুণৰ ফলত এখন দুচকীয়া বাহন বাগৰি পৰিছে।

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা এক্স টুইট পালোঁ। সেই টুইটটোত এই ভিডিঅ’টো আপলোড কৰা আছিল। টুইটটো কৰিছিল Tamil Nadu Weatherman নামৰ হেণ্ডেলটোৰ পৰা। ২০২২ চনৰ ২৫ মেত আপলোড কৰা ভিডিঅ’টোত কেপছন দিয়া হৈছে -Kundrathur nil visibility downpour video courtesy Nandalumar (কুন্দ্ৰথুৰৰ দৃশ্যমানতা শূন্য বৰষুণৰ ভিডিঅ' নন্দলুমাৰৰ সৌজন্যত)।

Archived Link

আমি সেই এক্স হেণ্ডেলটো পৰীক্ষা কৰি জানিব পাৰিলোঁ যে সেইটো বতৰ সম্পৰ্কত তথা পাৰিপাৰ্শ্বিক পৰিস্থিতি সন্দৰ্ভত তথ্য় প্ৰদান কৰা এটা নিৰ্ভৰযোগ্য এক্স হেণ্ডেল। শেহতীয়া মিছং ধুমুহা সন্দৰ্ভতো বিভিন্ন তথ্য সেই হেণ্ডেলটোত উপলব্ধ হৈ থকা আমি দেখিলোঁ।

ইয়াৰ পাছত আমি সেই একে নামৰ কোনো একাউণ্ট ফেচবুকত আছে নে নাই চালোঁ। তেতিয়া আমি Tamil Nadu Weatherman নামৰ ভেৰিফাইড ফেচবুক একাউণ্টটো পালোঁ। সেই একাউণ্টটোৰ পৰা জানিব পাৰিলোঁ যে R.Pradeep John নামৰ ব্লগাৰ গৰাকীকে ‘তামিলনাডু ৱেডাৰমেন’ বুলি জনা যায়। আমি তেওঁৰ ফেচবুক একাউণ্টটো পৰীক্ষা কৰি জানিব পাৰিলোঁ যে বতৰ আৰু পৰিবেশ সন্দৰ্ভত তেওঁ এজন নিৰ্ভৰযোগ্য ব্লগাৰ।

তদুপৰি আমি Tamil Nadu Weatherman ৰ ৱেবচাইটটোও বিচাৰি চালোঁ। তাতো আমি বতৰ আৰু পৰিবেশ সম্পৰ্কীয় বিভিন্ন লেখা লাভ কৰিলোঁ।

ইয়াৰ পৰাই আমি নিশ্চিত হ’ব পাৰিলোঁ যে সেই ভিডিঅ’টো পুৰণি। ভিডিঅ’টো ২০২২ চনৰে পৰা নিৰ্ভৰযোগ্য ব্যক্তিৰ দ্বাৰা ইণ্টাৰনেটত আপলোড কৰা হৈ আছে। মিছং ধুমুহাৰ কৱলত পৰা চেন্নাইৰ শেহতীয়া ভিডিঅ’ নহয়। সেই পুৰণি ভিডিঅ’টোকে বৰ্তমানৰ পৰিস্থিতিৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। সেই ভিডিঅ’টো পুৰণি। ভিডিঅ’টো ২০২২ চনৰে পৰা ইণ্টাৰনেটত আছে। মিছং ধুমুহাৰ কৱলত পৰা চেন্নাইৰ শেহতীয়া ভিডিঅ’ নহয়। সেই পুৰণি ভিডিঅ’টোকে বৰ্তমানৰ পৰিস্থিতিৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুৰণি ভিডিঅ’কে চেন্নাইৰ শেহতীয়া বান পৰিস্থিতিৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে।

Written By: Pranjal Sharma

Result: False