২০১১ চনৰে ভিডিঅ’ জাপানৰ শেহতীয়া চুনামীৰ বুলি শ্বেয়াৰ কৰা হৈছে।

False Social

সমগ্ৰ বিশ্বই নৱবৰ্ষৰ উদযাপনত আনন্দিত হৈ থকাৰ সময়তে জাপান দুখ আৰু চকুলোৰ মাজত ডুব গৈছিল। ২০২৪ চনৰ প্ৰথম দিনাই জাপানক ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। ইয়াৰ পাছত জাপানৰ প্ৰশাসনে উত্তৰ-পশ্চিম উপকূলীয় অঞ্চলত চুনামীৰ সতৰ্কবাণী জাৰি কৰে। জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি ইছিকাৱা আৰু ইয়াৰ আশে-পাশে থকা প্ৰিফেকচাৰত সংঘটিত হৈছে এই ভূমিকম্প। সেইবাবেই নিগাটা আৰু টয়মা প্ৰদেশৰ পশ্চিম উপকূলীয় অঞ্চলত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। এনে পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। য’ত দেখা গৈছে যে সাগৰত প্ৰচণ্ড ঢৌৰ সৃষ্টি হৈ নাওবোৰক ধুই পেলাইছে। তাৰ পাছত তাৰ পৰা পানী বৈ গৈ পাৰত অৱস্থিত এখন চহৰত বানপানীৰ ৰূপত প্ৰৱেশ কৰে, যাৰ ফলত বাট-পথ বানপানীত বুৰ গৈছে আৰু বহু গাড়ী মটৰ জাহ গৈছে। 

ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰা কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এই ভিডিঅ’টো শেহতীয়াকৈ জাপানত হোৱা ছুনামীৰ।ভিডিঅ’টোৰ সৈতে কেপচনত লিখা আছে- জাপানৰ চুনামীৰ ভয়ংকৰ ৰূপ চাওক। আল্লাই ক্ৰিপা কৰক।

Facebook Link Archived Link

কিন্তু এই দাবী সত্য হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ ফলত আমি এছ’চিয়েটেড প্ৰেছৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা একেটা ভিডিঅ’ পালোঁ, য’ত ভাইৰেল ভিডিঅ’টোৰ দৃশ্যবোৰ দেখা গৈছিল। তথ্য অনুসৰি ২০১১ চনত জাপানৰ মিয়াকো চহৰত ছুনামী সংঘটিত হোৱাৰ সময়ৰ সেই ভিডিঅ’টো। সেই সময়ত এইদৰে সাগৰৰ ঢৌৱে দেৱালত খুন্দা মাৰি গাড়ী-নাও আদিকে ধৰি সকলো উটুৱাই লৈ গৈছিল।

অধিক অনুসন্ধানত আমি কিছুমান পুৰণি বাতৰি পাইছিলোঁ য’ত আমি আল জাজিৰাৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনো পালোঁ যিটো ২০১১ চনৰ আছিল। তাতে উত্তৰ-পূব জাপানত সেই সময়ত হোৱা ছুনামীৰ সময়ৰ ভিডিঅ’ ফুটেজৰ লগতে ভাইৰেল ভিডিঅ’টোৰ সৈতে জড়িত ফটোও শ্বেয়াৰ কৰা হৈছে।

আন এটা ৱেবছাইটে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই ভাইৰেল ভিডিঅ’টো ২০১১ চনত জাপানৰ মিয়াকোত হোৱা ছুনামীৰ ভিডিঅ’ ফুটেজ বুলি নিশ্চিত কৰা হৈছে।

লগতে বহু সংবাদ মাধ্যমে ভাইৰেল ভিডিঅ’টো ২০১১ চনৰ বুলি তথ্য দি এক অফিচিয়েল ইউটিউব চেনেলৰ উদ্ধৃতি দি শ্বেয়াৰ কৰা দেখিবলৈ পালোঁ।

এইদৰেই স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো শেহতীয়াকৈ জাপানত হোৱা ভূমিকম্পৰ পাছত হোৱা ছুনামীৰ নহয় বৰঞ্চ ২০১১ চনত সংঘটিত হোৱা ছুনামীৰহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এইটো আচলতে ২০১১ চনত জাপানৰ মিয়াকোত সংঘটিত হোৱা চুনামীৰ ভিডিঅ’হে। শেহতীয়া ঘটনাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: ২০১১ চনৰে ভিডিঅ’ জাপানৰ শেহতীয়া চুনামীৰ বুলি শ্বেয়াৰ কৰা হৈছে।

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *