শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কোনো এটা ঘৰৰ সমুখভাগত থকা এখন তোৰণ ক্ৰমাগতভাৱে বানপানীৰ কবলত পৰি ডুবি গৈছে। এই টাইমলেপছ ভিডিঅ’টো অসমৰ ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে। আনকি আমাৰ ফেক্টলাইন নম্বৰ 9049053770 লৈয়ো একেধৰণে ভিডিঅ’টো প্ৰেৰণ কৰি সেয়া ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ দৃশ্য নেকি জানিব বিচাৰিছিল এগৰাকী ব্যৱহাৰকাৰীয়ে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdS_oPbyfSJA65shZ6Y0BmG0Kx-PuzhjQ6fd6oG2-x_hl-XF4OzgZMtqY-mbpbQIuOx7Q0gdxJjfLr_cDeXDc0Fy96JvmMHg9ivaekpSp9pednFQVvwgnEUSzea2n6Te5jM7fyMWf-uL6AT5Nq_AmzIhBVA?key=_9a-N_gqlNUrFPwV_ouCJA

Archived Link

ভিডিঅ’টোৰ আৰ্কাইভ লিংক তলত দিয়া হৈছে।

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০২৪ চনৰ ২৬ জুনত ইউটিউবত আপলোড কৰা একেটা ভিডিঅ’ পালোঁ, যাৰ শিৰোনাম আছিল Whoahhh! Timelapse of the flooding in Meizhou, #Guangdong, #China 🇨🇳 on the 16th of June( ১৬ জুনত চীনৰ গুয়াংডং মেইঝৌত হোৱা বানপানীৰ টাইমলেপছ।)

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcjItwwtfLvPAp4pWVdPFXlxAsxmW_Zre0KGmuK7s4vNvpPgSArMu3Gz2xhIoGSMA4rc3Wu8kcrvTV6sv07ECfAHloYq02kVilN8hjbpTGPbP6SUQnEKRICj410FZNBo74Po6BEpANpVu_Mf8nj7IbIwAE?key=_9a-N_gqlNUrFPwV_ouCJA

অধিক অনুসন্ধানত আমি এই সম্পৰ্কে চীনৰ পৰা প্ৰকাশিত এটা বাতৰি পালোঁ। সেই খবৰ অনুসৰি ২০২৪ চনৰ ১৬ জুনত চীনৰ গুৱাংডং প্ৰদেশত অৱস্থিত মেইঝৌত প্ৰচণ্ড বৰষুণৰ বাবে তীব্ৰ বানপানীৰ সৃষ্টি হৈছিল। এটা টাইমলেপছ ভিডিঅ’ই বানপানীৰ দ্ৰুত উত্থানত ৰাস্তা, ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান আদি প্লাৱিত হোৱাৰ দৃশ্য বন্দী কৰিছিল। মেইঝৌ চহৰৰ পিংয়ুয়ান কাউন্টিৰ হুয়াংটিয়ান গাঁৱৰ হুয়াংটিয়ান জলাশয়ৰ পানী হঠাতে এৰি দিয়াৰ ফলত বানপানী দ্ৰুতগতিত ২ মিটাৰ পৰ্যন্ত বৃদ্ধি পায় আৰু ৩৮ জন লোকৰ মৃত্যু হয়। লগতে ২ জন লোক নিৰুদ্দিষ্ট হয়।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcEp_1mth35QOWBlR5rCA1gxRafWeWKwagP4dOzPOEfZoHGa8RxYch6uThfX5kDhViq2eqDwGgdXzQ1EsKhY5NZN8oXvOhKzq52zdPSYuosnvWa1aagRroqfBtZrSdeZMTUwrNUYavcPxKKEv2wBzwUHzBY?key=_9a-N_gqlNUrFPwV_ouCJA

২০২৪ৰ জুন মাহত চীন দেশৰ গুৱাংডঙৰ মেইঝৌ অঞ্চলত ভয়াৱহ বানপানীৰ সৃষ্টি হৈছিল। এই ভিডিঅ'টোত বানপানীৰ পৰিসৰ আৰু স্থানীয় জনবসতিৰ ওপৰত ইয়াৰ প্ৰভাৱ বন্দী কৰা হৈছে।

এইখিনি তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে এই ভিডিঅ’টো অসমৰ ডিব্ৰুগড় আৱৰ্ত ভৱনৰ নহয়। এয়া চীন দেশৰ গুৱাংডঙৰ মেইঝৌত হোৱা প্ৰচণ্ড বানপানীৰ সময়ৰ দৃশ্য।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এই ভিডিঅ’টো অসমৰ ডিব্ৰুগড় আৱৰ্ত ভৱনৰ নহয়। এয়া চীন দেশৰ গুৱাংডঙৰ মেইঝৌত হোৱা প্ৰচণ্ড বানপানীৰ সময়ৰ দৃশ্য।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:চীন দেশৰ গৌৱাংগঙৰ বানপানীৰ দৃশ্য অসমৰ ডিব্ৰুগড়ৰ বুলি ভাইৰেল কৰা হৈছে।

Fact Check By: Pranjal Sharma

Result: False