এয়া আচলতে ডুবাইৰ জেবেল আলী বন্দৰত মিছাইলৰ অৱশেষ পৰি ওলোৱা ধোৱা আৰু জুইৰ দৃশ্যহে। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে অতি শেহতীয়াকৈ আমেৰিকান ডেটা চেণ্টাৰত কৰা আক্ৰমণৰ পাছৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– ইৰাণে কালি আমেৰিকান ডেটা চেন্টাৰ ১৮টা আক্ৰমণ কৰাৰ ভাবুকী দি কালি নিশা কৰিম বুলি কৰি দেখুৱালে। নিশা ১০’৩০ৰ সময় দি সকলো কৰ্মচাৰীকে কিঃমিটাৰ আঁতৰি যাবলৈ নিৰ্দেশ দিছিল-১৮ কোম্পানীৰ তালিকা খনত অৱশ্যে আক্ৰমণ হোৱা আমাজনৰ নাম নাছিল। UAE আৰু বেহৰিনৰ আমেৰিকান ডেটা চেন্টাৰত নিশা আক্ৰমণ কৰে আৰু বেহৰিনৰ ‘আমাজনৰ ডেটা চেন্টাৰ ইৰাণৰ আক্ৰমণত বৃহত ক্ষতিগ্ৰস্ত হয় বুলি জনা গৈছে।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি যোৱা ১ মাৰ্চ ২০২৬ত এই ভিডিঅ’টো ফেচবুকত GMA Public Affairs এ আপলোড কৰা আমি দেখিলোঁ। তাত লিখা মতে ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণৰ পাছত জেবেল আলী বন্দৰত দেখা গৈছে ধোঁৱা। ডুবাইৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ে জনোৱা মতে, ১ মাৰ্চ দেওবাৰে ডুবাইৰ জেবেল আলী বন্দৰৰ পৰা প্ৰচণ্ড ধোঁৱা ওলোৱা দেখা গৈছিল, কাৰণ আটক কৰা প্ৰজেক্টাইলৰ ধ্বংসাৱশেষে বন্দৰটোত জুই লগাইছিল। উপসাগৰীয় ৰাষ্ট্ৰ আৰু বহল মধ্যপ্ৰাচ্যত ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণ বিয়পি পৰাত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু বুৰ্জ আল আৰব হোটেলৰো ক্ষতিসাধন হয়। শনিবাৰে বিমান সংস্থাসমূহে ডুবাই আৰু আবুধাবিলৈ অহা-যোৱা কৰা পথকে ধৰি সমগ্ৰ অঞ্চলটোৰ বিমান সেৱা বন্ধ কৰি দিয়ে।

একেটা দিনত একে বৰ্ণনাৰে এই ভিডিঅ’টো ইনষ্টাগ্ৰামতো আপলোড কৰা আমি দেখিলোঁ। 

১ মাৰ্চ ২০২৬ত NDTVৰ ৱেবছাইটত Thick Cloud Of Smoke Emerges Above Jebel Ali Port After Missile Debris Sparks Fire In Dubai শীৰ্ষক বাতৰিটোতো উক্ত ঘটনাৰ বৰ্ণনাৰে সৈতে এই ভিডিঅ’টো সংলগ্ন কৰা হৈছে। 

ANIতো এই ভিডিঅ’টো ১ মাৰ্চত আপলোড কৰি Thick cloud of smoke emerges above Jebel Ali port after missile debris sparks fire in Dubai  শীৰ্ষক এক বাতৰি পৰিবেশন কৰা হৈছে। 

ওপৰোক্ত একাধিক বাতৰিতেই আমি সেই ভিডিঅ’টোৰ সৌজন্য ৰয়টাৰক দিয়া দেখা গৈছিল। আমি ৰয়টাৰৰ অফিচিয়েল এক্স হেণ্ডেলত ১ মাৰ্চ ২০২৬ত সেই ভিডিঅ’টো ওপৰোক্ত বাতৰিৰ সবিশেষৰ সৈতে আপলোড কৰা দেখিলোঁ। বাতৰিৰ সবিশেষ মতে ইৰাণে আবু ধাবি, ডুবাই আৰু ডোহাত মিছাইল নিক্ষেপ কৰাৰ পাছত তাৰ অৱশেষ চিটিকি আহি ডুবাইৰ জেবেল আলী বন্দৰত পৰাৰ ফলত এইদৰে ধোৱা আৰু জুই দেখা গৈছিল। 

ইয়াৰ পৰাই প্ৰমাণ হয় যে ইৰাণে আমেৰিকাৰ ডেটা চেণ্টাৰত কৰা মিছাইল আক্ৰমণৰ দৃশ্য নহয়। এয়া আচলতে ডুবাইৰ জেবেল আলী বন্দৰত ইৰাণৰ মিছাইলৰ অৱশেষ পৰি ওলোৱা ধোৱা আৰু জুইৰ দৃশ্যহে।  

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এয়া আচলতে ডুবাইৰ জেবেল আলী বন্দৰত মিছাইলৰ অৱশেষ পৰি ওলোৱা ধোৱা আৰু জুইৰ দৃশ্যহে।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *