শেহতীয়াভাবে সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে ৰাজনৈতিক বাতাবৰণ গৰম হৈ পৰি দেখা গৈছে। শাসকীয় পক্ষয়ে হওক অথবা বিৰোধী পক্ষয়ে হওক, সকলোৱেই নিজৰ শক্তি প্ৰদৰ্শনৰ কুছকাৱাজ আৰম্ভ কৰিছে। বিহাৰৰ ৰাজনীতিও ক্ৰমাত উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত অসমৰ ফেচবুকত এখন বিশেষ ফটো প্ৰচাৰ কৰা দেখা গৈছে। দুখন ফটো লগ লগাই ফটোখন প্ৰস্তুত কৰা হৈছে। ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে সেয়া শেহতীয়া বিহাৰৰ এক ৰেলীৰ দৃশ্য। পোষ্টটোত লিখা হৈছে- এইবাৰ ফকেন্দ্ৰৰ ৰক্ষা নাই, গেৰাণ্টি মানে যে ব্ৰহ্ম ফাকি সকলোৱে বুজি উঠিছে। নিতীশ কুমাৰৰ বিহাৰৰ দৃশ্য এইয়া..

Facebook Link Archived Link

কিন্তু এই দাবী সত্য হয়নে? সেয়া বিহাৰৰ শেহতীয়া ৰাজনৈতিক ৰেলীৰ ফটো হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ। তেতিয়া আমি সেই ফটোখনৰ প্ৰথমখনৰ উৎস হিচাপে একালৰ বিহাৰৰ মুখ্যমন্ত্ৰী তথা একালৰ দেশৰ ৰেলমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ টুইটাৰ একাউণ্টত ২০১৭ চনৰ ২৭ আগষ্টৰ বিয়লি ২ বাজি ১০ মিনিটত সেই ফটোখন আপলোড কৰা অৱস্থাত পালোঁ।

Archived Link

ইয়াৰ পৰা আমি নিশ্চিত হ’লোঁ যে ফটোখন এতিয়াৰ নহয়, ২০১৭চনৰ হে। ইয়াৰ পাছত আমি আৰু অধিক অনুসন্ধান কৰোতে জানিব পাৰিলোঁ যে সেই সময়ত লালু প্ৰসাদ যাদৱে টুইটাৰত আপলোড কৰা ফটোখন সম্পাদনা কৰা ফটোহে আছিল, প্ৰকৃত ফটো নাছিল। তাৰ বাবে তেখেতে যঠেষ্ট সমালোচনাৰ সমুখিনো হৈছিল।

নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থান এএনআইয়ে সেই ফটোখন যে সঁচা নহয়,বৰং ফটোশ্বপ কৰা হে, সেই কথা উদঙাই সেই দিনটোতে টুইট কৰিছিল।

Archived Link

অৰ্থাত যি ৰাজনৈতিক সভাৰ কথা উল্লেখ কৰি সেই সময়ত লালু প্ৰসাদ যাদৱে ফটোখন প্ৰচাৰ কৰিছিল, সেই সভাৰ প্ৰকৃত উপস্থিতি আছিল বেলেগ আৰু লালু প্ৰসাদ যাদৱে ফটোশ্বপ কৰা এখন ফটোৰে ভিন্ন উপস্থিতি প্ৰচাৰ কৰিছিল।

সেই সম্পৰ্কে সেই সময়ত দেশৰ আগশাৰীৰ কেইবাটাও সংবাদ প্ৰতিস্থানে বাতৰি প্ৰচাৰ কৰিছিল। আমি তেনেকুৱা একাধিক বাতৰি লাভ কৰিলোঁ। ২০১৭ চনৰ ২৮ আগষ্টত টাইমছ অৱ ইণ্ডিয়াই সেই ফটোখন ব্যৱহাৰ কৰি লালু প্ৰসাদ যাদৱে ফটোশ্বপ কৰা ফটো ব্যৱহাৰ কৰি টুইট কৰাত সমুখিন হোৱা সমালোচনাক লৈ বাতৰি লিখিছিল এই শিৰোনামেৰে- Social Humour: Lalu trolled over posting photoshopped image of large crowd in his rally.

ইণ্ডিয়া টিভিৰ ৱেবছাইটত সেই সম্পৰ্কে ২০১৭ চনৰ ২৭ আগষ্টত লিখা বাতৰিৰ শিৰোনাম আছিল- RJD's anti-BJP Patna rally: Did Lalu tweet fake image of crowd? Twitter responds

কেৱল ইমানেই নহয়, আন এক সংবাদ প্ৰতিস্থানেও লিখিছিল- Lalu Yadav Brutally Trolled On Twitter For Tweeting Photoshopped Crowd In His Rally

অনুৰূপভাৱে হিন্দুস্তান টাইমছতো আমি সেই সম্পৰ্কে বাতৰি লাভ কৰিলোঁ।

এই সমগ্ৰ তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে ২০১৭ চনৰ আগষ্টতে লালু প্ৰসাদ যাদৱে নিজৰ টুইটাৰত ফটোশ্বপ কৰা এখন ফটো আপলোড কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল আৰু সেই ফটোখনো যে আচল ফটো নহয়, সেই কথা প্ৰকাশ কৰি সংবাদ প্ৰতিস্থানে আন আন টুইটাৰ ব্যৱহাৰকাৰীয়ে ৰাজনৈতিক নেতাজনক সমালোচনা কৰাৰ বাতৰি প্ৰকাশ কৰিছিল। সেই একেখন ফটোকে বৰ্তমান ফেচবুকত অসমৰ ব্যৱহাৰকাৰীয়ে বিহাৰৰ শেহতীয়া ৰাজনৈতিক সভাৰ ফটো বুলি প্ৰচাৰ কৰিছে। সেই দাবী সত্য নহয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো আংশিকভাৱে মিছা। ফটোখন সম্পাদনা কৰা আৰু ২০১৭ চনৰ আগষ্ট মাহৰে। বিহাৰৰ শেহতীয়া ৰাজনৈতিক সভাৰ ফটো নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০১৭ চনৰে সম্পাদিত এক ফটো, বিহাৰৰ শেহতীয়া ৰাজনৈতিক ৰেলীৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma

Result: Partly False