শেহতীয়াকৈ এটা ফেচবুক পেজৰ পৰা আপলোড কৰা কেইখনমান ফটোৰে সৈতে এটা পোষ্ট অসমৰ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হোৱা দেখা গৈছে। পোষ্টটোত লিখা হৈছে- ইছৰ'ৰ আদিত্য এল ১ দ্বাৰা তোলা সূৰ্য্যৰ সকলোতকৈ কাষৰ ছবি। সূৰ্য্যৰ এই ৰূপটো বিশ্বই প্ৰথমবাৰৰ বাবে দেখিছে, সেইটোও সম্ভৱ একমাত্ৰ ভাৰত আৰু ইছৰ'ৰ বাবে।

#proudmoment

এই প্ৰতিবেদন লিখাৰ পৰলৈকে ১৫৪টা শ্বেয়াৰ হোৱা এই পোষ্টটোত এইদৰে দাবী কৰা হৈছে যে পোষ্টটোত দিয়া ফটোকেইখন আদিত্য এল ১ৰ দ্বাৰা শেহতীয়াভাৱে তোলা হৈছে।

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। এখন এখনকৈ ফটোকেইখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰোঁতে আমি উমৈহতীয়া লিংক কিছুমান লাভ কৰিলোঁ। নিম্নোক্ত ফটোখন বিচাৰি চাওতে আমি সেই ফটোখনৰ সৃষ্টি সম্পৰ্কত তথ্য লাভ কৰিলোঁ।

আমিThe Indian Expressৰ ২০২০ চনৰ ১৮ জানুৱাৰীৰ এক প্ৰতিবেদন পালোঁ, য’ত এই ফটোখন সংলগ্ন কৰা হৈছিল আৰু লিখা হৈছিল যে নাছা আৰু ইউৰোপিয়ান স্পেছ এজেঞ্চীৰ যুটীয়া মহাকাশ গৱেষণাৰ ফলত অচিৰেই নাছাই সূৰ্যৰ ফটো তুলিবলৈ সক্ষম হ’ব।

ফটোখনৰ তলত লিখা হৈছিল -The Solar Orbiter will study the Sun and what drives the dynamic outflow of solar wind that creates space weather at Earth. (Image: ESA/ATG medialab) বুলি। অৰ্থাত ফটোখনৰ উত্স সম্পৰ্কে ২০২০ চনতে ESA/ATG medialabক অভিহিত কৰি থোৱা হৈছে।

দ্বিতীয়তে ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত The Printe ইউৰোপিয়ান স্পেছ এজেঞ্চী আৰু নাছাৰ এই যুটীয়া অভিযানৰ বিষয়ত কৰা প্ৰতিবেদনতো সেই একেখন ফটোকে সংলগ্ন কৰি সেয়া এক শৈল্পিক ছবি(An artist's impression of ESA's Solar Orbiter. | Photo: ESA/ATG medialab) বুলি উল্লেখ কৰিছে।

তাতো ফটোখনৰ উত্স বুলি ESA/ATG medialab কে উল্লেখ কৰা হৈছে।

ইয়াৰ পাছত আমি ওপৰোক্ত দ্বিতীয়খন ফটোৰ সন্ধান কৰিলোঁ। তেতিয়া আমি বিশ্ব বিখ্যাত Astronomy ৱেবছাইটত থকা কিছুমান লিংক আৰু ফটো পালোঁ। তাত দেখিলোঁ যে ওপৰোক্ত ফটোখনৰ দৰে ফটো তাত আমি দেখিলোঁ আৰু জানিব পাৰিলোঁ যে সেই ফটো ৮১ বছৰীয়া কানাডিয়ান অপেছাদাৰী মহাকাশ গৱেষক তথা এষ্ট্ৰোফটোগ্ৰাফাৰ জেক নিউটনে তোলা। জেক নিউটন সম্পৰ্কত অধিক তথ্য ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

এষ্ট্ৰোন’মী নামৰ ৱেবছাইটোত নিম্নোক্ত ধৰণে জেক নিউটনৰ এষ্ট্ৰোফটোগ্ৰাফীৰ গেলাৰী সংৰক্ষণ কৰি থৈছে। তাতেই আমি জানিব পাৰিলোঁ যে সেই ফটো ক'ৰ'নাডো ৯০ মিমি ছ'লাৰমেক্স এইচ-আলফা ফিল্টাৰ আৰু মিড ৫ ইঞ্চি এপ'ক্ৰ'মেটিক ৰিফ্ৰেক্টৰৰ সহায়ত লোৱা হৈছিল।

তদুপৰি অনুৰূপ ফটো আমি এক্স (পূৰ্বৰ টুইটাৰ)তো পালোঁ। ইয়াত চাব পাৰিব সেই ফটো।

দাবীকৃত অসমীয়া ফেচবুক পোষ্টটোত সংলগ্ন ওপৰোক্ত ফটোখনৰ সন্ধান কৰোঁতে আমি ইণ্টাৰনেটত অনুৰূপ বহুত ফটো লাভ কৰিলোঁ। তাৰে ভিতৰত মহাকাশ গৱেষণাৰ সৈতে জৰিত ব্যক্তি Andrew McCarthy ৰ এক্সতো আমি অনুৰূপ ফটো পালোঁ। অৰ্থাত সূৰ্যৰ ইতিপূৰ্বে সংগ্ৰহ কৰা বিভিন্ন আলোকচিত্ৰ একে ধৰণৰ। অৱশ্যে সেয়া স্বাভাৱিক।

সদৌ শেষত আমি ফেচবুক পেজটোৱে দাবী কৰা ধৰণে আদিত্য এল১ এ লোৱা সূৰ্যৰ শেহতীয়া ফটো চাবলৈ ইছৰোৰ ৱেবছাইটো খুলি চালোঁ। তাত আমি ২০২৩ৰ ৮ ডিচেম্বৰত ইছৰোই আদিত্য এল ১ এ সংগ্ৰহ কৰা সূৰ্যৰ ফটো সন্দৰ্ভত সদৰি পৰা কিছু তথ্য লাভ কৰিলোঁ।

তাত উল্লেখ কৰা হৈছে যে Solar Ultraviolet Imaging Telescope চমূকৈ (SUIT)এ ২০২৩ৰ ৬ ডিচেম্বৰত ১১টা ভিন্ন ফিল্টাৰ ব্যৱহাৰ কৰি সূৰ্যৰ পূৰ্ণাৱয়ব আলোকচিত্ৰ সংগ্ৰ কৰিছে।

তলত সেই ফটোসমুহ দিয়া হৈছে।

সদৌ শেষত আমি ইছৰোৰ এক্স হেণ্ডেলটো পৰীক্ষা কৰি তাত আদিত্য এল ১ এ অতি শেহতীয়াকৈ সূৰ্যৰ কোনো ফটো লোৱা কোনো ধৰণৰ ঘোষণা নাপালোঁ।

এই সকলো তথ্যৰ পৰা আমি এটা সিদ্ধান্তত উপনিত হৈছোঁ যে ফেচবুক পোষ্টটোত দাবী কৰা ধৰণে সেয়া ইছৰোৰ দ্বাৰাৰ প্ৰেৰণ কৰা আদিত্য এল ১ৰ পৰা সংগ্ৰহ কৰা সূৰ্যৰ ফটো নহয়। তাৰে প্ৰথম ফটোখন কৃত্ৰিমভাৱে শিল্পীৰ দ্বাৰা প্ৰস্তুত কৰা ফটো, সেয়াও ২০২০চনৰে। তদুপৰি আন ফটোকেইখনো সূৰ্যৰে ফটো যদিও সেয়া ইছৰোই আদিত্যৰ দ্বাৰা সংগ্ৰহ কৰা নাই। ইতিপূৰ্বেই বিশ্বৰ ভিন্ন প্ৰান্তৰ মহাকাশ গৱেষক তথা এষ্ট্ৰোফটোগ্ৰাফাৰে তেনেকুৱা ফটো সংগ্ৰহ কৰি থৈছে। গতিকে ফেচবুক পেজটোৱে কৰা দাবীটো বিভ্ৰান্তিকৰ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। সেই ফটোসমুহৰ প্ৰথমখন শিল্পীয়ে সৃষ্টি কৰা ফটো আৰু বাকীকেইখন ইতপূৰ্বেই একাধিক এষ্ট্ৰোফটোগ্ৰাফাৰে আগতেই সংগ্ৰহ কৰা ফটো। সেই ফটো ইছৰোৰ দ্বাৰা প্ৰেৰিত আদিত্য এল ১এ লোৱা শেহতীয়া ফটো নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোসমুহ ইছৰোই প্ৰেৰণ কৰা আদিত্য এল ১এ লোৱা সূৰ্যৰ ফটো নহয়। এয়া বিভ্ৰান্তিকৰ দাবী।

Written By: Pranjal Sharma

Result: Misleading