শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। টাটা মটৰ্ছে নিৰ্দিষ্ট গ্ৰাহকক চাবচিডী প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰথমে হোৱাটছএপত ভাইৰেল হোৱা সেই মেছেজটো ভালকৈ পৰীক্ষা কৰি চালোঁ। তাৰ পাছত আমি লিংকটোত ক্লিক কৰিলোঁ। তেতিয়া আমি তলত দিয়া ধৰণৰ এক ইণ্টাৰফেচ লাভ কৰিলোঁ।

আমি দেখিলোঁ যে লিংকটোৰ ইউআৰএলত টাটা মটৰ্ছৰ কোনো উল্লেখ নাই। ইয়াৰ পাছত পৰ্যায়ক্ৰমে ক্লিক কৰি গৈ গৈ আমি সেই লিংকটো হোৱাটছএপযোগে শ্বেয়াৰ কৰাৰ নিৰ্দেশ লাভ কৰিলোঁ।

কোনোধৰণ ফলপ্ৰসু ব্যৱস্থাৰ ইংগিত আমি লাভ নকৰাত আমি প্ৰথমে টাটা মটৰ্ছৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাত আমি তেনেকুৱা কোনো সুবিধাৰ কথা উল্লেখ কৰা নেদেখিলোঁ।

এইবাৰ আমি পৰীক্ষা কৰিলোঁ টাটা মটৰ্ছৰ ফেচবুক পেজটো। তাত আমি এই ধৰণৰ কোনো সুবিধাৰ কথা উল্লেখ কৰি দিয়া পোষ্ট নাপালোঁ।

আনকি টাটা মটৰ্ছৰ এক্স হেণ্ডেলতো কোনো ধৰণৰ তেনেকুৱা অফাৰ বা সুবিধাৰ কথা উল্লেখ কৰি দিয়া টুইট নেদেখিলোঁ।

টাটা মটৰ্ছৰ ইনষ্টাগ্ৰামতো সেই একেদৰেই কোনো অফাৰ বা উপহাৰৰ পোষ্ট নেদেখিলোঁ।

উল্লেখযোগ্য যে ২০২১ চনৰ জুন মাহতো এনেকুৱা এটা লিংক হোৱাটছএপত শ্বেয়াৰ হৈছিল । তেতিয়া টাটা মটৰ্ছে তেওঁলোকৰ টুইটাৰত ২০২১ৰ ৬ জুনত এটা পোষ্ট কৰি কৈছিল যে সেই লিংকটো ভুৱা। ৰাইজক সেই লিংকত ক্লিক নকৰিবলৈ আহ্বান জনাই কোৱা হৈছিল যে দুষ্ট চক্ৰই এইধৰণৰ ভুৱা লিংকৰ সহায়ত ডাটা হৰলুকি কৰে। আমি সেই টুইটটো বিচাৰি পালোঁ।

তদুপৰি আমি ইউটিউৱত এটা ভিডিঅ’ পালোঁ। ২০২১ চনৰ ৮জুনত আপলোড কৰা ভিডিঅ’টোত কিদৰে এই লিংকে ব্যৱহাৰকাৰীৰ সৈতে প্ৰৱঞ্চনা কৰিব পাৰে , সেই কথা দেখুওৱা হৈছে। সেই ভিডিঅ’টোত দেখুওৱা প্ৰক্ৰিয়াটো আৰু এতিয়া শ্বেয়াৰ হোৱা লিংকটোৰ প্ৰক্ৰিয়াটো একেই।

টাটা মটৰ্ছৰ ৱেবছাইট তথা ফেচবুক,এক্স,ইনষ্টাগ্ৰাম আদিত কোনো অফাৰ বা উপহাৰৰ পোষ্ট নাপালোঁ আৰু ইউটিউৱত আমি লাভ কৰা লিংকৰ পৰা এই সিদ্ধান্তত উপনিত হৈছোঁ যে শেহতীয়াভাৱে শ্বেয়াৰ হৈ থকা লিংকটো ভুৱা। টাটা মটৰ্ছে কোনো ধৰণৰ চাবচিডী বা তেনেকুৱা আন সেৱা এই সময়খিনিত প্ৰদান কৰা নাই। এই দাবী মিছা।

এইখিনিটো উল্লেখ কৰিব বিচাৰিছোঁ যে সময়ে সময়ে এইধৰণ ভুৱা লিংক প্ৰচাৰ হৈ থাকে। আমি ফেক্ট ক্ৰেছেণ্ডোৱে এইধৰণৰ ভুৱা লিংকৰ সত্যতা নিৰূপণ কৰি আহিছোঁ। অতি শেহতীয়াকৈ যোৱা ২ মাৰ্চ ২০২৪ত ভাৰতীয়া ডাক সেৱাৰ চাবচিডী দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা লিংক এটাৰ সত্যতা নিৰূপণ কৰি আপোনালোকক জনাইছিলোঁ সেই লিংকটো ভুৱা।

সেই লেখাটো আপোনালোকে ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

পাঠক সকললৈ আহ্বান

সময়ে সময়ে এইধৰণৰ ভুৱা লিংক হোৱাটছএপত ভাইৰেল হৈ থাকে। দেখা মাত্ৰকে সেই লিংকত ক্লিক কৰি বিপদত নপৰিব। এইধৰণৰ লিংকৰ জাল পাতি দুষ্ট চক্ৰই ডাটা হৰলুকি কৰাৰ পৰা আৰম্ভ কৰি হেকিঙলৈকে বিভিন্ন অপৰাধ সংঘটিত কৰে। তেনেকুৱা কোনো লিংক পালেই আমাৰ সৈতে হোৱাটছএপ যোগে যোগাযোগ কৰক আৰু সেই লিংকৰ সত্যতা জানক। আমাৰ 24/7 ফেক্ট লাইন নম্বৰ 9049053770।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। টাটা মটৰ্ছে কোনো ধৰণৰ চাবচিডী বা তেনেকুৱা আন সেৱা এই সময়খিনিত প্ৰদান কৰা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:টাটা মটৰ্ছে কোনো ধৰণৰ চাবচিডী বা গাড়ীৰ অফাৰ দিয়া নাই। লিংকটো ভুৱা।

Fact Check By: Pranjal Sharma

Result: False