
শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে একাংশ ছাত্ৰ-ছাত্ৰীয়ে কেবল কাৰৰ সহায়ত অতি বিপজ্জনকভাৱে নদী পাৰ হৈ বিদ্যালয়লৈ গৈছে। দাবী কৰা হৈছে যে সেয়া অসমৰ নগাঁও জিলাৰ কলং নদীৰ দৃশ্য। ছাত্ৰ-ছাত্ৰীয়ে এইদৰে কলং পাৰ হৈ বিদ্যালয়লৈ যায় বুলি প্ৰচাৰ কৰা হৈছে।
আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈও ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই একেই দাবী কৰিছিল।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি তাৰে কিছুমান ফটোৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ ফলত আমি Free Documentary নামৰ ফেচবুক পেজত ভাইৰেল ভিডিঅ’টো পালোঁ। তাত ভিডিঅ’টো আপলোড কৰা হৈছিল ১ মে’, ২০২৪ত। এই ভিডিঅ’টো নেপালৰ বুলি পোষ্টটোৰ কেপচনত দিয়া হৈছে।
https://www.facebook.com/reel/936909368184718
আমি Free Documentaryৰ ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণটোও পালোঁ। ইয়াত ভিডিঅ’টো ২০১৫ চনৰ ৬ ছেপ্টেম্বৰত আপলোড কৰা হৈছিল। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভিডিঅ’টো যথেষ্ট পুৰণি। ইউটিউৱ চেনেলটোত থকা পূৰ্ণাংগ ভিডিঅ’ৰ ২৩ মিনিটৰ পৰা সেই ভাইৰেল ভিডিঅ’টো চাব পাৰিব। ইয়াত তথ্যও দিয়া হৈছে যে এই ভিডিঅ’টো নেপালৰ।
ভাইৰেল ভিডিঅ’টোৰ সম্পূর্ণ তথ্য ইউটিউৱ চেনেলটোত প্রকাশ কৰা ভিডিঅ’টোত দিয়া হৈছে৷ সেই মতে এই ভিডিঅ’টো নেপালৰ বাগমতী প্ৰদেশত অৱস্থিত নেপালৰ কুমপুৰ গাঁৱৰ। ভিডিঅ’টোত সেই গাঁৱৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সাক্ষাৎকাৰ লোৱা হৈছে আৰু তেওঁলোকৰ দৈনন্দিন কাম-কাজ দেখুওৱা হৈছে।
এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে ‘জোয়াচিম ফৰ্ষ্টাৰ’ নামৰ এজন ব্যক্তিয়ে। দেখা যায় যে ল’ৰা-ছোৱালীকেইটাই নিজৰ গাঁৱৰ পৰা ‘শ্ৰী আদৰ্শ স্কুল’লৈ গৈ আছিল, য’ত হাবিৰ মাজেৰে ৰুক্ষ পাহাৰীয়া বাটেৰে খোজ কাঢ়ি, কেবল ট্ৰলী আদিৰ সহায়ত ত্ৰিশুলী নদী পাৰ হ’ব লাগে।
এই কথাৰ স্পষ্টীকৰণৰ বাবে আমাৰ ফালৰ পৰা Free Documentary Channel ৰ সৈতে যোগাযোগ কৰা হৈছিল। তেওঁলোকে আমাক স্পষ্ট কৰি দিলে যে এই ভিডিঅ’টো নেপালৰ। এই ভিডিঅ’টোৰ ভাৰতৰ লগত কোনো সম্পৰ্ক নাই।
এই তথ্যৰ পৰা স্পষ্ট হৈ পৰিল যে ভিডিঅ’টো নেপালৰ। ইয়াৰ অসমৰ লগত তো কোনো সম্পৰ্ক নায়েই, ভাৰতৰ লগতেই কোনো সম্পৰ্ক নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এই ভিডিঅ’টো নেপালৰ। ই এক পুৰণি ভিডিঅ’। ইয়াৰ অসম বা ভাৰতবৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০১৫ চনৰ নেপালৰ ত্ৰিশুলী নদীৰে ছাত্ৰ-ছাত্ৰী বিপজ্জনকভাৱে পাৰ হোৱা দৃশ্য অসমৰ নগাঁৱৰ কলং নদীৰ বুলি ভাইৰেল কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
