শেহতীয়াকৈ অসমৰ ফেচবুকত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যে পাকিস্তানৰ এজন ইমামে এখন সভাত ধৰ্মমূলক ভাষণ দি থাকোতে মঞ্চখন ভাঙি পৰিছিল। ফেচবুকত পোষ্ট কৰি ব্যৱহাৰকাৰীয়ে লিখিছে- পাকিস্তানৰ এজন ইমামে কৈছিল যে তেওঁ সপোনত পাইছিল যে সকলো কাফেৰক নিঃশেষ কৰিব লাগিব। আৰু তেওঁ কয়, "যদি এইটো সঁচা নহয়, তেন্তে মোৰ তলত মাটি খহি যাওক," আৰু চাওক কি হল।

এয়াই ইছলামৰ শক্তি। আমিন!

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আৰম্ভনীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি অনুসন্ধান কৰিলোঁ। তাৰ ফলত আমি ২০১৮ চনৰ ১৮ জুলাইত এক্স(পূৰ্বৰ টুইটাৰ)ত এগৰাকী ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ পালোঁ। যিটো আছিল ভাইৰেল ভিডিঅ’টোৰ মূল সংস্কৰণটো। এক্স পোষ্টটো অনুসৰি পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ মহমণ্ড জিলাত আয়োজিত জামাত-ই-ইছলামীৰ এক ৰাজনৈতিক সভাত মঞ্চখন সেইদৰে ভাঙি পৰিছিল। মঞ্চত থকা লোকসকলৰ ভিতৰত আছিল জামাত-ই-ইছলামীৰ নেতা ছিৰাজ-উল-হক আৰু অন্যান্য নেতাসকল।

ইয়াৰ পৰৱৰ্তী সময়ত প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড চাৰ্ছ কৰাৰ ফলত আমি একে তাৰিখতে “পাব্লিক নিউজ”ৰ ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ’ এটা পালোঁ। ভিডিঅ’টোৰ শিৰোনাম আছিল: “জামাত-ই-ইছলামীৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মঞ্চ ভাঙি পৰিল।” ইয়াৰ পৰা বুজা যায় যে ভাইৰেল ভিডিঅ’টো একেবাৰে শেহতীয়া নহয়।

তদুপৰি আমি এই ঘটনাৰ বিষয়ে অন্য সংবাদ মাধ্যমৰ বাতৰিও পালোঁ। জিঅ’ টিভিৰ মতে, অতিমাত্ৰা ভিৰৰ বাবে মঞ্চখন ভাঙি পৰিছিল। কিন্তু কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোত নেতাগৰাকীয়ে উল্লেখ কৰা কথাখিনিৰ অৰ্থ জনাৰ বাবে আমি ইণ্টাৰনেটৰ সহায় লৈছিলোঁ। সেই মৰ্মে আমি জানিব পাৰিলোঁ যে নেতাগৰাকীয়ে কৈ আছিল যে-“আমি আদৰণি জনাইছোঁ, ছালাৰ-ই-কাফিলা (আমাৰ নেতা), কোৱাইদ-ই-মিল্লা-ই-ইছলমিয়া (মুছলমান জাতিৰ নেতা), নাইব সদৰ মুত্তাহিদা মজলিছ-ই-আমল (উপ-সভাপতি, মুত্তাহিদা মজলিছ-ই-আমল ( ধৰ্মীয় ৰাজনৈতিক দল), আমিৰ জামাত-ই-ইছলামী, পাকিস্তান (জামাত-ই-ইছলামীৰ নেতা)।"

সভাখনত ধৰ্মীয় আৰু ৰাজনৈতিক নেতাসকলক এইদৰে পৰিচয় কৰাই দিয়া হৈছিল।

ইয়াৰ পৰায়ে স্পষ্ট হৈ পৰিছে যে পাকিস্তানৰ ৫ বছৰ পুৰণি এক ৰাজনৈতিক সভাৰ এটা ভিডিঅ’ মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত কোনো ধৰণৰ ধৰ্মমূলক কথা কোৱা হোৱা নাই। সভাখনত উপস্থিত থকা নেতাসকলক স্বাগতম সূচক মন্তব্যহে কৰা হৈছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টো ৫বছৰ পুৰণি। ভিডিঅ’টোত কোনো ধৰণৰ ধৰ্মমূলক কথা কোৱা হোৱা নাই। ৰাজনৈতিক সভাখনত উপস্থিত থকা নেতাসকলক স্বাগতম সূচক মন্তব্যহে কৰা হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পাকিস্তানৰ ইমামে ধৰ্মমূলক ভাষণ দি থাকোতেই ভাঙি পৰিছিল নেকি মঞ্চ? সত্যটো জানক।

Written By: Pranjal Sharma

Result: False