শেহতীয়াভাৱে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। এক নিৰ্দিষ্ট স্থানত দুটা দলৰ মাজত দুৰ্বাদল কাজিয়া, হতাহতি,তৰ্কা-তৰ্কি দেখা গৈছে। দাবী কৰা হৈছে যে এয়া কৰ্ণাটকৰ দৃশ্য। কৰ্ণাটকত একাংশ মুছলমান লোকে কেইগৰাকীমান হিন্দু লোকক মন্দিৰ প্ৰাংগনতে প্ৰহাৰ কৰা বুলি দাবী কৰি ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।

ভিডিঅ’টো আপলোড কৰি কেপছন লিখিছে এইদৰে- হিন্দুৱে এতিয়া মন্দিৰৰ সমুখতো সুৰক্ষিত নহয় নেকি। এয়া কৰ্ণাটকৰ দৃশ্য। মুছলমানৰ অত্যাচাৰ চাওক। ধিক্কাৰ দিলোঁ।

Facebook Link Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে ভিডিঅ’টোক কী-ফ্ৰেমত ভাগ কৰি ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি নিউজ ১৮ লোকমতত এই ভিডিঅ’টো সংলগ্ন হৈ থকা মাৰাঠী ভাষাত লিখা এক প্ৰতিবেদন লাভ কৰিলোঁ। প্ৰতিবেদনত ভাইৰেল ক্লিপটোৰ বিভিন্ন কোণৰ পৰা শ্বট লোৱা ফুটেজ আছিল। ২০২৩ চনৰ ১৩ নৱেম্বৰত প্ৰকাশিত প্ৰতিবেদন অনুসৰি আহমেদনগৰৰ গুহা গাঁৱৰ কানিফনাথ মন্দিৰৰ ভিডিঅ’ সেইটো।

আমি তেওঁলোকৰ ফেচবুক পেজতো সেই ভিডিঅ’টোৰে সৈতে প্ৰকাশ কৰা এক বাতৰি লাভ কৰিলোঁ।

ভাইৰেল ভিডিঅ’টোৰ এটা স্ক্ৰীণশ্বট দৈনিক ভাস্কৰৰ দিব্য মাৰাঠীত প্ৰকাশিত এক প্ৰতিবেদনতো প্ৰকাশ পাইছিল। এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি কানিফনাথ মন্দিৰ আৰু এটা দৰগাহ ওচৰতে অৱস্থিত প্ৰতিদ্বন্দ্বিতামূলক বিবদমান এটুকুৰা ভূমি আছিল সেই সংঘাতৰ কেন্দ্ৰবিন্দু। এই মাটিৰ ওপৰত হিন্দু আৰু মুছলমান উভয়েই মালিকীস্বত্ব দাবী কৰিছে আৰু বৰ্তমান এই বিষয়টো স্থানীয় আদালতত সমাধানৰ বাবে বিচাৰাধীন হৈ আছে।

১৩ নৱেম্বৰত সোমৱতী অমৱস্যা উপলক্ষে হিন্দু লোকৰ দল এটাই কানিফনাথ দেৱস্থানত প্ৰৱেশ কৰি ধৰ্মীয় অনুষ্ঠান চলাইছিল বুলি জানিব পৰা গৈছে। এই অনুষ্ঠানৰ সময়ত তেওঁলোকে লাউড স্পীকাৰ ব্যৱহাৰ কৰাৰ বাবে স্থানীয় অঞ্চলটোৰ মুছলমানসকলে আপত্তি কৰিছিল, যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হৈছিল।

খবৰ অনুসৰি, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে শ্ৰীৰামপুৰৰ মহকুমা আৰক্ষী বিষয়া বাসৱৰাজ শিৱপুজে আৰু ৰাহুৰি আৰক্ষী পৰিদৰ্শক ধনঞ্জয় যাদৱে আৰক্ষীৰ বৃহৎ দল এটাৰ সৈতে ঘটনাস্থলীত প্ৰৱেশ কৰে।

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি আহমেদনগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ওলাইও এই সাম্প্ৰদায়িক সংঘৰ্ষ বিবাদিত ভূমিক লৈয়ে হোৱা বুলি নিশ্চিত কৰিছে। বাসৱৰাজ শিৱপুজেৰ উদ্ধৃতি দি প্ৰতিবেদনত এই বিষয়ত ১২৪জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলিও উল্লেখ কৰা হৈছে। এই ঘটনাত ৭জন লোক গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে দাবী কৰাৰ দৰে সেই ভিডিঅ’টো কৰ্ণাটকৰ নহয় । সেয়া মহাৰাষ্ট্ৰৰ আন এক সাম্প্ৰদায়িক সংঘৰ্ষৰহে। দাবীটো বিভ্ৰান্তিকৰ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। সেই ভিডিঅ’টো কৰ্ণাটকৰ নহয় । সেয়া মহাৰাষ্ট্ৰৰ আন এক সাম্প্ৰদায়িক সংঘৰ্ষৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কৰ্ণাটকত মন্দিৰ প্ৰাংগনতে মুছলমানে আক্ৰমণ কৰিছে নেকি হিন্দু লোকক? সত্যটো জানক।

Written By: Pranjal Sharma

Result: Misleading