শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক জনসমুহৰ মাজত এটি ৰক্ত ৰঞ্জিত শুকুলা ঘোঁৰাক আগুৱাই লৈ যোৱা দেখা গৈছে। ঘোঁৰাটোক নিৰ্যাতন কৰি ৰক্তাক্ত কৰা বুলি দাবী কৰি ভিডিঅ’টো ফেচবুকত প্ৰচাৰ কৰা হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো প্ৰচাৰ কৰি সেয়া মুম্বাইৰ ৰাজপথত ছিয়া মুছলমানে আছুৰা নামৰ উৎসৱ পালনৰ সময়ত ঘোঁৰাটোক সেইদৰে আহত কৰা বুলি দাবী কৰি লিখিছে– ছিয়া মুছলমানে মুম্বাইৰ ৰাজপথত এটি ঘোৰাক নিৰ্যাতন কৰি ৰক্তাক্ত অৱস্থাত সমদল কৰি ইছলামিক #আছুৰা উৎসৱ পালন কৰি

আনন্দ কৰি আছে ।

PETA / পেটা নাম পশু ৰক্ষাৰ সংগঠনটো আৰু মেনকা গান্ধীৰ পিপল ফৰ এনিমেল লুকাই আছে । মা দুৰ্গাৰ পূজাৰ সময়ত মুছলমানৰ টকা লৈ বলিৰ বিৰোধ কৰিব।

PETA ই এবাৰ ঈদত কোৰবানিৰ বিৰোধ কৰিব গৈ মুছলমানৰ পিটন খাই কোৰবানিৰ কথা নোকোৱা হ'ল

https://lh7-us.googleusercontent.com/docsz/AD_4nXc4BPjiG5ZKfLPMqydBz1QW9d9kEOV1GROvc9OJKF8tTPXQI5jQAy9tdixq7pKWOc8h0F5L1SoYjbCEzkvZrE0ez8Hjj08o6p1nce_s2E50VSdVxDMtKY6Y4ogX3NcTRgyELUrR_JJX9cZ5wzXEwFtdBFs?key=U7UBnx7NmLQq_-Qzy3jE6A

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই সম্পৰ্কত তথ্য আহৰণৰ বাবে প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি যোৱা ১৮ জুলাই ২০২৪ত লোকমত টাইমছ নামৰ সংবাদ গোষ্ঠীটোৱে প্ৰকাশ কৰা এক বাতৰি পালোঁ।

https://lh7-us.googleusercontent.com/docsz/AD_4nXfQbOXLL62qgihsy9ulV_pQT7XNeRd6WwrOzhsmo8cI8ji_3cj5XkylhOs-GAysseoljsltdjRPZPXmu8eAicTfygg8TBJaX2upziubpGw3K1_k_znbosOzC0oW3r-YekjRL3CqSwlBIyG068wEzb3Zu1Dt?key=U7UBnx7NmLQq_-Qzy3jE6A

Archived Link

সেই বাতৰিটোৰ সৈতে এটা টুইট সংলগ্ন কৰা হৈছিল। নিষ্ঠুৰতা গোচৰ বিভাগৰ আইনী উপদেষ্টা তথা পেটা ইণ্ডিয়াৰ মেনেজাৰৰ ফালৰ পৰা কৰা হৈছিল টুইটটো। টুইটটোত লিখা আছিল, ‘শোভাযাত্ৰাৰ সময়ত যিকোনো প্ৰাণীৰে ব্যৱহাৰ কৰাত আমি আপত্তি কৰোঁ। এই ক্ষেত্ৰত ডোংগ্ৰি আৰক্ষীয়ে আমাক কয় যে ঘোঁৰাটোৰ গাত ৰং কৰা হৈছিল। সেইটোও অতি আপত্তিজনক যদিও ঘোঁৰাটোক আহত কৰা হোৱা নাই। পেটা ইণ্ডিয়াই এই বছৰ মহৰমৰ শোভাযাত্ৰাৰ বাবে যন্ত্ৰচালিত হাতী ব্যৱহাৰৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও আমাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাছিল, কিন্তু আমি অটল হৈ থাকিম”।

Archived Link

তাত এগৰাকী ব্যৱহাৰকাৰীয়ে মন্তব্য দিছিল যে ঘোঁৰাটোৰ গাত ৰং কৰা যেন লগা নাই,ঘাঁ যেনহে লাগিছে।

ব্যৱহাৰকাৰীজনক উত্তৰ দি আশ্বাৰ মীতে দুটা ইউটিউব লিংক সংলগ্ন কৰি লিখিছে, “আমি ডোংগ্ৰি আৰক্ষী থানাৰ এজন আৰক্ষী পৰিদৰ্শকৰ সৈতে কথা পাতিলোঁ, তেওঁ ঘোঁৰাটোত ৰং কৰা বুলি নিশ্চিত কৰিলে। শোভাযাত্ৰাৰ সময়ত উপস্থিত হৈ তেওঁ নিজেই ঘোঁৰাটো দেখি থতমত খাইছিল। ঘোঁৰাটোৰ ওচৰলৈ গৈ তেওঁ ঘোঁৰাটোক চম্ভালি থকা মানুহজনক আঘাতৰ চিনবোৰৰ কথা সুধিছিল। তেওঁক চিনবোৰ নিজেই চুই চাই নিশ্চিত কৰিবলৈ কোৱা হৈছিল, যিটো তেওঁ কৰিছিল। পশু সম্পৰ্কীয় বিষয়বোৰৰ প্ৰতি তেওঁক সক্ৰিয় আৰু সহানুভূতিশীল যেন লাগিছিল। আমি তেওঁক এই উদ্বেগৰ বিষয়টো শোভাযাত্ৰাৰ আয়োজকসকলৰ আগত উত্থাপন কৰিবলৈ অনুৰোধ কৰিছোঁ, কাৰণ এই ভিডিঅ’টো ওলোৱাৰ পাছত ঘোঁৰাটোক লৈ বহুলোক চিন্তিত হৈ আছিল আৰু ই মানুহক ভুল ধাৰণা দিব পাৰে। তেওঁ আমাৰ কথাত সন্মতি দিলে আৰু আগন্তুক শোভাযাত্ৰাৰ বাবে অতি সোনকালে শোভাযাত্ৰা আয়োজকসকলক সাক্ষাৎ কৰিব আৰু তেওঁলোকৰ সৈতে এই কথা আলোচনা কৰিব প্ৰতিশ্ৰুতি দিলে”।

Archived Link

ইয়াৰ পাছত আমি আশ্বাৰ মীটে দিয়া এটা ইউটিউব লিংক পৰীক্ষা কৰিলোঁ। ভিডিঅ’টোৰ ১৬ চেকেণ্ডৰ পৰা দেখা যায় যে এজন ব্যক্তিয়ে এটা স্প্ৰে’ বটলেৰে ঘোঁৰাটোৰ গাত ৰং কৰি আছিল।

Archived Link

দ্য ফ্ৰী প্ৰেছ জাৰ্নেলৰ এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব

আন এটা ইউটিউৱ লিংক তলত চাব পাৰিব।

ফেক্ট ক্ৰেচেণ্ডোৱে ডোংগ্ৰি থানাৰ সৈতে যোগাযোগ কৰাত আৰক্ষী উপ-পৰিদৰ্শক পাণ্ডুৰাং ৱাঘমাৰেই এই দাবীটো খণ্ডন কৰি কয় যে হজৰত ইমাম হুছেইন চ’কত এনেধৰণ কোনো ঘটনা সংঘটিত হোৱা নাই আৰু সেই ভিডিঅ’টো ভুৱা দাবীৰে ভাইৰেল কৰা হৈ আছে।

উল্লেখযোগ্য যে কাৰবালাৰ যুদ্ধত গুৰুতৰভাৱে আহত হোৱা ইমাম হুছেইনৰ ঘোঁৰাটোৰ স্মৃতিত ছিয়া মুছলমান সম্প্ৰদায় লোকসকলে মহৰমৰ দশম দিনটোত এইদৰে আছুৰা পালন কৰে।

এই তথ্যৰ পৰা নিশ্চিত হয় যে আছুৰাৰ সময়ত ব্যৱহাৰ কৰা ঘোঁৰাটোক আঘাত কৰি ৰক্তাক্ত কৰা হোৱা নাছিল। ঘোঁৰাটোৰ গাত ৰং হে সনা হৈছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। মুম্বাইত আছুৰাৰ সময়ত ব্যৱহাৰ কৰা ঘোঁৰাটোক আঘাত কৰি ৰক্তাক্ত কৰা হোৱা নাছিল। ঘোঁৰাটোৰ গাত ৰং হে সনা হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মুম্বাইত ছিয়া মুছলমানসকলে আছুৰাৰ সময়ত ব্যৱহাৰ কৰা ঘোঁৰাটোক নিৰ্যাতন কৰি ৰক্তাক্ত কৰা নাছিল। ঘোঁৰাটোৰ গাত ৰং সানি সেইদৰে লৈ যোৱা হৈছিল।

Fact Check By: Pranjal Sharma

Result: Misleading