শেহতীয়াভাবে অসমত ৰাছেলছ্ ভাইপাৰ প্ৰজাতিৰ সাপক লৈ অনেক জল্পনা-কল্পনা বিয়পি কৰিছে। তাৰ মাজতে ভুল আৰু বিভ্ৰান্তিকৰ তথ্য কিছুমানো প্ৰচাৰ হৈ আছে। তেনে পৰিপ্ৰেক্ষিততে ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইতিমধ্যেই সবিস্তাৰ তথ্য আৰু সত্য সামৰি এক বিশেষ বিশ্লেষণাত্মক লেখাও শেহতীয়াভাৱে প্ৰকাশ কৰিছিল যদিও এতিয়াও সামাজিক মাধ্যমত কিছুমান বাৰ্তা বিয়পি আছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে। এটা ফেচবুক পেজে ৰাছেলছ্ ভাইপাৰক সকলোতকৈ বিষাক্ত সাপ বুলি উল্লেখ কৰি ইয়াৰ দংশনৰ ২০-৩০মিনিটৰ ভিতৰতেই দংশিত লোকৰ মৃত্যু হয় বুলি উল্লেখ কৰি পোষ্ট এটা দিছে। ৰাছেলছ্ ভাইপাৰৰ এখন ফটো আপলোড কৰি লিখিছে-তেজপুৰৰ বিহগুৰীত এটাৰ পিছত আনটো ৰাছেল ভাইপাৰ সাপ। আটাইতকৈ বিষাক্ত বুলি গণ্য কৰা সাপটোৱে অসমৰ বিভিন্ন ঠাইত বংশ বিস্তাৰ কৰি ৰাইজৰ মাজত সৃষ্টি কৰিছে আতংকৰ। দংশন কৰাৰ মাত্ৰ ২০/৩০ মিনিটৰ ভিতৰতে মৃত্যুমুখত পেলোৱাৰ সক্ষমতা আছে এই সাপবিধৰ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdwrrasZ64Cyi6LyTUkSOxtmCbwiY9lPMskLW6Bttm7drSxmLykS8bSzG6YdcU-uU4J2MYezdxNt6pdmyCTVbNpi1IdFO_b7RflyvqLCdMyeIxDmmdSy01YrcLBuzWhOQ_vxZU_3K0-5S8F2gbgZfDvqFNu?key=Rkrv6ecKnBlVwHxZlLYY8A

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ৰাছেলছ্ ভাইপাৰনো আচলতে কিমান বিষাক্ত সেই সম্পৰ্কে তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলোঁ। ই সকলোতকৈ বিষাক্ত সাপ হয় নে নহয়, সেই তথ্য সংগ্ৰহ কৰিব চেষ্টা কৰোতে আমি জানিব পাৰিলোঁ যে অসমত সাধাৰণতে যি কেইবিধ আটাইতকৈ বিষাক্ত সাপ পোৱা যায়, তাৰ ভিতৰত ৰাছেলছ্ ভাইপাৰ নাই। সেই সাপকেইবিধ হৈছে ক্ৰমে কিংগ কোব্ৰা, মনোক্লেড কোব্ৰা, ব্লেক ক্ৰেইট, বেণ্ডেড ক্ৰেইট, পিট ভাইপাৰ,ৰেড নেক নীলবেক, আৰু স্পেক্টেক্লেড কোব্ৰা। সেই তথ্য আপোনালোকে ইয়াত চাব পাৰিব।

তদুপৰি আমি এই তথ্যও পালোঁ যে আমাৰ দেশত যিবোৰ সাপক অতিকৈ বিষাক্ত বুলি চিহ্নিত কৰা হৈছে সেই তালিকাতো ৰাছেলছ্ ভাইপাৰ শীৰ্ষত নাই। সেই তালিকাতো আটাইতকৈ বিষাক্ত সাপ হিচাপে কিং কোব্ৰা অৰ্থাত ৰজা ফেঁটিৰ নাম হে আছে। সেই তথ্য আপোনালোকে ইয়াত পঢ়িবলৈ পাৰিব।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdeIak3rFVbL9YO37ZoeH4dTImRkf7vXv1eAI9MHDqcrpkA_0LbrSEFqUG6PKGZ6x5oVlxh8HQtbZbeshlZVCR6CIjY2Ji7esoEaNLooMXAsFlccWbKwksPWJHdnThCl8aLrbRQAlcgKbmvKew6SBD7Ja9Z?key=Rkrv6ecKnBlVwHxZlLYY8A

আমি অধ্যয়ন কৰি জানিব পাৰিলোঁ যে সাপৰ বিহ সাধাৰণতে এনজাইম আৰু বিহমিশ্ৰিত একপ্ৰকাৰৰ লেলাউটি৷ সৰ্পদংশনৰ জটিলতাটো আচলতে নিৰ্ভৰ কৰে সৰ্পৰ প্ৰজাতি, দংশনৰ স্থান,সাপে ঢলা বিহৰ পৰিমাণ,আক্ৰান্তজনৰ বয়স,ওজন আৰু মানসিক অৱস্থা আদিৰ ওপৰত৷ সাপৰ প্ৰকাৰ অনুযায়ী Elapidae পৰিয়ালৰ ক্ৰেইট আৰু ফেঁটীৰ বিহে স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে বাবে এই বিহক Neurotoxin বুলি কোৱা হয়৷ আনহাতে Viperidae পৰিয়ালৰ ৰাছেলছ্ ভাইপাৰ,Saw-scaled viper,Pit Viperআদিৰ বিহে জীৱৰ শৰীৰত তেজ গোট মৰা প্ৰক্ৰিয়াক ধ্বংস কৰে বাবে এই বিহ(venom)ক Hemotoxin বুলি কোৱা হয়৷ ৰাছেলছ্ ভাইপাৰৰ বিহত Hemotoxin ৰ সৈতে কিছু পৰিমাণৰ Neurotoxinও মিহলি হৈ থাকে৷ জীৱৰ ৰক্তনলী আৰু তেজ গোটমৰা প্ৰক্ৰিয়াৰ ক্ষতি ভাইপাৰ জাতীয় সাপে খোঁটাৰ বাবে হয়৷ খোঁটা ঠাইত আৰু বেজী দিয়া ঠাইত ৰক্তক্ষৰণ হোৱা,নাকৰ পৰা ৰক্তক্ষৰণ,ছালৰ তলত তেজ গোট মৰা,চকু ৰঙা পৰা,তেজ বমি,শৌচদ্বাৰেদি ৰক্তক্ষৰণ,পেটত হেঁচিলে দুখ পোৱা, মগজুৰ ৰক্তক্ষৰণৰ বাবে চকুৰ দুই মণি সমান নোহোৱা অৱস্থা আদি৷ আক্ৰান্ত ব্যক্তিৰ সিৰাৰ পৰা লোৱা তেজ শুকান টেষ্টটিউবত ২০ মিনিট মান ৰখাৰ পিছত যদি তেজখিনি গোট নামাৰি তৰলহৈ গৈ থাকিলে জানিব আক্ৰান্ত ব্যক্তিজনৰ শৰীৰত হিমটক্সিন বিহে ক্ৰিয়া কৰিছে৷ অৰ্থাত ৰাছেলছ্ ভাইপাৰে দংশন কৰিলেই ২০ৰ পৰা ৩০ মিনিটৰ ভিতৰত মানুহৰ মৃত্যু হোৱা কথাটো সম্পূৰ্ণ সত্য নহয়।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdhqaMk8XCdu4WwsUtGnb2RhGe4E7s94flm31T5N13BbfNcLflONc6WsR222TGHmesjXvsG-9MDfLSOxv4rb7c35VeWV6AN0ZhPmQ8gMG22s5Ohac36R9kXKAEAMuWgEZ0UgXlZHrqpylp8zjGptaGBZY8?key=Rkrv6ecKnBlVwHxZlLYY8A

তদুপৰি ৰাছেলছ্ ভাইপাৰৰ বিহত আক্ৰান্তজনক ৫-১০ vials Anti-snake Venom দি ৬ ঘণ্টাৰ পাছত ওপৰত উল্লেখ কৰা পৰীক্ষাটো পুনৰ কৰি তেজ গোট মৰা-নমৰা চাব,গোট নামাৰিলে পুনৰ anti-venom দিয়া হয়৷ এইবোৰৰ লগতে আক্ৰান্তজনৰ বৃক্কৰ অৱস্থা আদিও লক্ষ্য ৰাখিব লাগে৷ কেতিয়াবা আকৌ anti-venom প্ৰয়োগৰ পাছত কিছুমান পাৰ্শ্বক্ৰিয়াই দেখা দিলে অৱস্থা অনুযায়ী ব্যৱস্থা লোৱা দৰকাৰ হৈ পৰে৷ এটা ভাল খবৰ যে চহৰৰ প্ৰায়বোৰ হস্পিতালত এই anti-venom আজিকালি থাকে৷

অসমত শিৱসাগৰ জিলাৰ ডিমৌ চিকিৎসালয়ত ডাঃ সুৰজিত গিৰিৰ নেতৃত্বত চিকিৎসকৰ দল আৰু কৰ্মীয়ে বিষাক্ত সাপ ফেঁটী ,ৰাছেলছ্ ভাইপাৰ,ক্ৰেইট সাপৰ দংশনৰ চিকিৎসা বৰ ফলপ্ৰসূভাৱে সমাধান কৰিছে৷ আমি ডাঃ সুৰজিত গিৰিৰ সৈতে এই সম্পৰ্কে সবিস্তাৰে কথা পাতিছিলোঁ। তেখেতে উল্লেখ কৰিছে- “বঙাইগাঁও আৰু তেজপুৰৰ বিহগুৰি অঞ্চলৰ বাদে অসমৰ ক’তো আমি ৰাছেলছ্ ভাইপাৰ সাপৰ অৱস্থিতি গম পোৱা নাই। ২০১৬ চনত এজন আৰু ২০২৩ চনত দুজন ব্যক্তিক বঙাইগাঁৱত ৰাছেলছ্ ভাইপাৰ সাপে দংশন কৰিছিল।এণ্টীভেনম বেজী লৈ তেওঁলোক বৰ্তমান সুস্থ। ২০২৩ চনতে তেজপুৰৰ বিহগুৰি অঞ্চলত তন্ময় নামৰ শিশু এটিৰ ৰাছেলছ্ ভাইপাৰ সাপৰ দংশনত মৃত্যু হৈছিল। সৰ্প উদ্ধাৰকাৰী সৌৰভ বৰকটকীয়ে সেই স্থানতে ৰাছেলছ্ ভাইপাৰ উদ্ধাৰ কৰিছিল।এই দুখন জিলাৰ বাদে অসমৰ বাকী জিলাৰপৰা এই সাপৰ অৱস্থিতি এতিয়ালৈকে বৈজ্ঞানিকভাবে প্ৰমাণিত হোৱা নাই। অৰ্থাৎ এই সাপডালে অসমত এতিয়ালৈকে ৪জন ব্যক্তিকহে দংশন কৰিছে। সেইবাবে অসমবাসী‌য়ে এই সাপডালক লৈ বৰ হৈ-চৈ কৰিব নালাগে।এই সাপডালৰ বিহৰ সম্পূৰ্ণ চিকিৎসা আছে।মাত্ৰ ৰাইজ দংশনৰ পাছত তৎক্ষণাৎ হস্পিতালত উপস্থিত হ’লেই হ’ল।২০২৪ চনত আজি পৰ্য্যন্ত ৯ গৰাকী অসমবাসীৰ সৰ্প দংশনত মৃত্যু হৈছে। এই ৯ জনৰ ভিতৰত ৮ জনক বিষাক্ত ফেটী সাপ আৰু এজনক শংখচূড় সাপে দংশন কৰিছিল। ৰাছেলছ্ ভাইপাৰ এই তালিকাত নাই। সৰ্প দংশনৰ চিকিৎসাৰ বাবে কোনো বিয়াগোম হস্পিতাল, বিয়াগোম ডাক্তৰ বা বিশেষজ্ঞ চিকিৎসক নালাগে।কোনো ICUৰ প্ৰয়োজন নাই,যদিহে ৰাইজ আৰু সমাজ প্ৰথম বা দ্বিতীয় পৰ্য্যায়ত হস্পিতালত উপস্থিত হয়।ইয়াৰ জ্বলন্ত উদাহৰণ হ’ল ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টা ।এইখন হস্পিতালত কোনো ICU ৰ সুবিধা নোহোৱাকৈ ২১৪৮ জন সৰ্প দংশন ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। ২০২০ চনত মাত্ৰ এজনৰ মৃত্যু হৈছিল আৰু মাত্ৰ এজন ৰোগীক ICU ৰ প্ৰয়োজন হৈছিল,যি তৃতীয় পৰ্য্যায়ত হস্পিতালত উপস্থিত হৈছিল।

তদুপৰি সৰ্পবান্ধৱ উপাধি লাভ কৰা দীৰ্ঘদিনে প্ৰকৃতি ৰক্ষা আৰু সাপ উদ্ধাৰ,সুৰক্ষা আৰু সজাগতাৰ ক্ষেত্ৰত কাম কৰি অহা আৰণ্যকৰ সৈতে জৰিত প্ৰানজিত ৰাজবংশীয়ে আমাক কয় যে ৰাছেলছ্ ভাইপাৰ অসমৰ সাপ নহয় বা বেলেগ দেশৰ পৰা আহিছে, সেই কথাবোৰ আচলতে সত্য নহয়। ইয়াৰ অৱস্থিতি অতীজৰে পৰা অসমৰ কোনো কোনো প্ৰান্তত আছেই। বঙাইগাঁও জিলাত বিশেষকৈ ইয়াৰ দংশনৰ তথ্য আছে। ৰাছেলছ্ ভাইপাৰে খেদি যোৱা বুলি কোৱা কথাটোও সত্য নহয়। তদুপৰি যিহেতু সকলো মানুহে সাপ চিনি নাপায়, গতিকে ৰাছেলছ্ ভাইপাৰ দেখিবলৈ অজগৰ সাপৰ পোৱালিৰ দৰে বুলি সাধাৰণভাৱে কোৱা হয়। কিন্তু অজগৰ আৰু ইয়াৰ মাজত বহুত তফাত আছে। দেখাৰ উপৰিও প্ৰকৃতিৰ ক্ষেত্ৰতো ই ভিন্ন। অসমত ৰাছেলছ্ ভাইপাৰৰ লগতে ৰজা ফেঁটি, শংখচূড়ৰ দৰে অতি বিষধৰ সাপো আছে। অসমত পোৱা বিভিন্ন সাপৰ ভিতৰত ৭ প্ৰকাৰৰ সাপ হে বিষধৰ। কিন্তু বহু লোকে সৰ্পদংশনৰ পাছত আচলতে ভয় খাই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ হে মৃত্যুমুখত পৰে। আমাৰ দেশত ৪৮ৰ পৰা ৫০ শতাংশ সৰ্পদংশিত লোকে আচলতে সাপৰ বিহৰ সলনি হাৰ্ট এটেক হৈ হে মৃত্যুমুখত পৰে। ৰাছেলছ্ ভাইপাৰে সাধাৰণতে বিৰক্ত হ’লেহে আক্ৰমণ কৰে। আৰু ৰাছেলছ্ ভাইপাৰে দংশন কৰাৰ ২০-৩০ মিনিটৰ ভিতৰত মানুহৰ মৃত্যু হয় বোলা কথাটো সত্য নহয়। যিকোনো সৰ্পদংশনৰ ক্ষেত্ৰতেই লোক এজনৰ মৃত্যু হ’বলৈ ন্যূনতম ৪০ৰপৰা ৪৫ মিনিট সময় লাগে। গতিকে ২০-৩০ মিনিটতে কাৰোবাৰ মৃত্যু হোৱাটো অসত্য কথা। সাপে খুটিলে আতংকিত নহৈ ততালিকে ওচৰৰ হস্পিতাললৈ যোৱা উচিত আৰু ডাক্তৰৰ সৈতে যোগাযোগ কৰা উচিত। সাপে খোটা অংশটো অৰ্থাত হাত বা ভৰি লৰচৰ কৰিব নালাগে। হাত বা ভৰি ভাঙিলে যিদৰে লৰচৰ নকৰে, ঠিক তেনেকৈয়ে ব্যক্তিগৰাকীক ডাক্তৰৰ ওচৰলৈ তুৰন্তে লৈ গৈ এণ্টি ভেনম বেজি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি ৰাছেলছ্ ভাইপাৰ বুলিয়েই নহয়, যিকোনো সাপ দেখিলে তাক কোবাই, মাৰি আতংকিত কৰি তোলাৰ পৰিৱৰ্তে এক সুৰক্ষিত স্থানত অৱস্থান কৰি উদ্ধাৰকাৰী লোকক খবৰ দিয়া উচিত। যিহেতু সাধাৰণ লোকৰ সাপ সম্পৰ্কত বহুত বেছি জ্ঞান নাথাকে, গতিকে ওচৰলৈ নগৈ সৰ্প উদ্ধাৰত পটুতা থকা লোকৰ সহায় লোৱাটো উচিত।

এই সকলোখিনি তথ্য তথা বিশেষজ্ঞ ডাক্তৰ আৰু সৰ্প বিশেজ্ঞৰ মতামতৰ ভিত্তিত আমি এক সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে ৰাছেলছ্ ভাইপাৰ সকলোকতকৈ বিষধৰ সৰ্প নহয়। অসমত যি ৭ প্ৰকাৰৰ বিষধৰ সৰ্প উপলদ্ধ, তাৰে এক প্ৰকাৰ হৈছে ৰাছেলছ্ ভাইপাৰ। ই এক লেহেমীয়া গতিৰ সৰ্প যদিও অতি ক্ষীপ্ৰতাৰে চিকাৰ কৰিব পাৰে। ই বিৰক্ত হ’লে মানুহক আক্ৰমণ কৰিব পাৰে যদিও দংশনৰ ২০-৩০ মিনিটৰ ভিতৰত মানুহজনৰ মৃত্যু হোৱা কথাটো অসত্য। দংশনৰ পাছত ক্ষীপ্ৰতাৰে হস্পিতাললৈ গৈ ডাক্তৰৰ কাষ চাপিলে ৰাছেলছ্ ভাইপাৰে দংশন কৰা লোকৰো প্ৰানৰক্ষা হয়। ৰাছেলছ্ ভাইপাৰক লৈ ওলোৱা উৰাবাতৰিসমুহ বিভ্ৰান্তিকৰ।

এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে যোৱা ৩০ জুলাই ২০২৪ত আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ৰাছেলছ্ ভাইপাৰ সম্পৰ্কে ৰাছেলছ্ ভাইপাৰঃ ধাৰণা, ভ্ৰান্ত ধাৰণা, আতংক আৰু অসমত ইয়াৰ অৱস্থিতি আৰু সত্যতা। শীৰ্ষক এক তথ্য সমৃদ্ধ, বিশ্লেষণাত্মক সবিস্তাৰ লেখা প্ৰকাশ কৰিছোঁ। সেই লেখা পঢ়িলেও ৰাছেলছ্ ভাইপাৰ সম্পৰ্কে থকা বহু ভ্ৰান্ত ধাৰণা আঁতৰ হ’ব।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd54JrSyPm9GQbpy3NOXcoFoa9B98QIsoWg_alANV8oJ3GUencL2M6GVpn1y_dvCcLjPXu3_M8OuC_kqGnsz7YCXA44uiOyfhsX-7rJAPesre1HqFGMPtlu6cYBEHrTFoTW7t6dFL65UGv3vXGSZjUsQFh1?key=Rkrv6ecKnBlVwHxZlLYY8A

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ৰাছেলছ্ ভাইপাৰ বিষাক্ত সাপ হয় যদিও ই সকলোতকৈ বিষাক্ত সাপ নহয় আৰু ইয়াৰ দংশনৰ ২০-৩০ মিনিটৰ ভিতৰতে মানুহৰ মৃত্যু নহয়। সময়ত কৰা উচিত চিকিৎসাই দংশিত লোকৰ প্ৰাণ ৰক্ষা কৰিব পাৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাছেলছ্ ভাইপাৰ সম্পৰ্কত পুনৰ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হৈছে ফেচবুকত।

Fact Check By: Pranjal Sharma

Result: Misleading