কানাডাত সঁচাকৈয়ে আৰএছএছক নিষিদ্ধ কৰা হৈছে নেকি? সত্যটো কি জানক।  

False Social

শেহতীয়াভাৱে কানাডাত এগৰাকী শিখ নেতাক হত্যা কৰাক লৈ ভাৰত আৰু কানাডাৰ মাজৰ কুটনৈতিক সম্পৰ্কত প্ৰভাৱ পৰা দেখা গৈছে। পৃথক খালিস্তানৰ দাবীয়ে বিশ্বৰ আন প্ৰান্তৰ কিছুমান দেশত ভাৰত বিৰোধী এক বাতাবৰণৰ সৃষ্টি কৰা দেখা গৈছে। তেনে পৰিপ্ৰেক্ষিটত ফেচবুক, এক্স(পূৰ্বৰ টুইটাৰ) আদি সামাজিক মাধ্যমত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হোৱা দেখা গৈছে, য’ত এগৰাকী ব্যক্তিয়ে কানাডাত আৰএছএছ নিষিদ্ধ কৰাৰ কথা কোৱা শুনা গৈছে। সেই ভিডিঅ’টো অসমৰ ফেচবুকতো কানাডাত আৰএছএছ নিষিদ্ধ কৰা হৈছে বুলি এক দাবীৰে প্ৰচাৰ কৰা হৈছে। তেনেকুৱা এটা ফেচবুক লিংক আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770 লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰি সেই দাবীটো সত্য হয়নে নহয় জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। 

Archived Link

আমি ব্যৱহাৰকাৰী গৰাকীয়ে আমালৈ সত্যতা নিৰূপণৰ বাবে প্ৰেৰণ কৰা লিংকটো খুলি চালোঁ। Rashmirekha Borah নামৰ ফেচবুক একাউণ্টটোৰ পৰা আপলোড কৰা ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী ব্যক্তিয়ে ওপৰত উল্লেখ কৰা ধৰণে কানাডাত আৰএছএছ নিষিদ্ধ বুলি উল্লেখ কৰিছে। পোষ্টটোত লিখা হৈছে “আৰ এছ এছ কানাডাত নিষিদ্ধ। এক্সট্ৰা 2abয়ে কাম নিদিলে

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে? কানাডাত সঁচাকৈয়ে আৰএছএছক নিষিদ্ধ কৰা হৈছেনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ তাৰ পৰা এটা ষ্টিল লৈ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চালোঁ আৰু NCCMtv (এনচিচিএমটিভি) নামৰ এটা ইউটিউব চেনেলত যোৱা ২০ ছেপ্টেম্বৰত আপলোড কৰা ভিডিঅ’ এটাৰ দীঘলীয়া সংস্কৰণ এটা পালোঁ। য’ত লিখা আছিল “এনচিচিএমৰ চিইঅ’ ষ্টিফেন ব্ৰাউনে এগৰাকী শিখ মানুহৰ হত্যাৰ প্ৰতিক্ৰিয়াত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে কানাডাত” (NCCM CEO Stephen Brown Calls for Action in Response to Alleged Assassination of Sikh Man in Canada)। তেওঁ তেওঁৰ ভাষণত কেইটামান দাবী উত্থাপন কৰিছে। তাৰে ভিতৰত এটা হৈছে দেশখনত আৰএছএছক নিষিদ্ধ কৰিব লাগে।

তদুপৰি আমি INC – Immigration News Canada  ৰ এটা  এক্স টুইট পালোঁ, য’ত ষ্টিফেন ব্ৰাউনে একেখিনি দাবী উত্থাপন কৰি সংবাদ মাধ্যমকো সম্বোধন কৰা দেখা গৈছে।

ইয়াৰ পাছত গুগলত প্ৰাসংগিক কিছু কী-ৱৰ্ড লৈ সন্ধান কৰিলোঁ আৰু  দেখা গ’ল যে এনচিচিএম মানে হৈছে National Council for Canadian Muslims (কানাডাৰ মুছলমানসকলৰ বাবে ৰাষ্ট্ৰীয় সংস্থা)। আমি নেচনেল কাউন্সিল অৱ কানাডিয়ান মুছলমানৰ অফিচিয়েল ৱেবছাইটটো পৰীক্ষা কৰিলোঁ আৰু গম পালোঁ যে ই “কানাডাৰ মুছলমান সম্প্ৰদায়ৰ মাজৰ পৰায়ে জন্ম হোৱা এটা স্বতন্ত্ৰ, নিৰ্দলীয় আৰু অলাভজনক সংস্থা”। সংস্থাটোৰ ৱেবচাইটত ইয়াৰ কানাডা চৰকাৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰা হোৱা নাই। গতিকে এনচিচিএম কানাডা চৰকাৰৰ সৈতে জড়িত বুলি কৰা অন্তৰ্নিহিত দাবীটো সঁচা নহয়। ষ্টিফেন ব্ৰাউণ কোনো চৰকাৰী বিষয়া নহয়। তেওঁৰ মন্তব্য কানাডা চৰকাৰৰ মন্তব্য বা নিৰ্দেশ হ’ব নোৱাৰে। 

ইয়াৰ পাছত আমি গুগলত কানাডাত আৰএছএছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নে সঁচাকৈয়ে তাক জানিবলৈ প্ৰাসংগিক কিছু শব্দৰে কী-ৱৰ্ড চাৰ্চ কৰিলোঁ। কানাডাৰ কোনো সংবাদ মাধ্যমৰ পৰা কোনো বাতৰি বা তেনে কোনো ঘোষণা আমি কোনো চৰকাৰী ৱেবছাইটত বিচাৰি নাপালোঁ। আমি কানাডাৰ কূটনৈতিক সম্পৰ্ক পৰিচালনা কৰা কানাডা চৰকাৰৰ বিভাগ Global Affairs, Canada( গ্ল’বেল এফেয়াৰ্ছ, কানাডা)ৰ ৱেবছাইটটোও পৰীক্ষা কৰিলোঁ। তাত কানাডাত আৰএছএছৰ ওপৰত নিষেধাজ্ঞাৰ কোনো উল্লেখ পোৱা নগ’ল। কানাডাত আৰএছএছক নিষিদ্ধ কৰা হৈছে বুলি কোনো ধৰণৰ তথ্য লাভ কৰা নগ’ল। তেনেকুৱা আন কোনো বাতৰিও আমি লাভ নকৰিলোঁ।

আমি অৱশ্যে ষ্টিফেন ব্ৰাউন আৰু মুখবীৰ সিঙৰ যৌথ সংবাদমেলৰ সন্দৰ্ভত Al Jazeera আল জাজিৰাৰ প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত কোৱা হৈছে যে “কানাডাৰ শিখ আৰু মুছলমান নেতাসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ বিৰুদ্ধে সম্ভাৱ্য ভাবুকি ৰোধ কৰিবলৈ অধিক কাম কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।”

ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোত কানাডাৰ মুছলমানসকলৰ সংস্থা নেশ্যনেল কাউন্সিলৰ চিইঅ’ই কেইটামান দাবী উত্থাপন কৰা দেখা গৈছে। কিন্তু কানাডা চৰকাৰৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ সম্পৰ্ক নাই। কানাডা চৰকাৰে আৰ এছ এছক নিষিদ্ধ কৰিছে বুলি কৰা দাবীটো আচলতে বিভ্ৰান্তিকৰ। কানাডা চৰকাৰে আৰএছএছক নিষিদ্ধ কৰা নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত National Council for Canadian Muslims (কানাডাৰ মুছলমানসকলৰ বাবে ৰাষ্ট্ৰীয় সংস্থা)ৰ চিইঅ’ ষ্টিফেন ব্ৰাউনে উত্থাপন কৰা কেইটামান দাবীৰ ভিতৰত এটা দাবী হৈছে দেশখনত আৰএছএছক নিষিদ্ধ কৰিব লাগে। কিন্তু যিহেতু সংস্থাটোৰ চৰকাৰৰ লগত কোনো সম্পৰ্ক নাই তথা জাষ্টিন ট্ৰুডো চৰকাৰে এনেকুৱা কোনো ঘোষণা কৰা নাই, গতিকে দাবীটো সত্য নহয়, বিভ্ৰান্তিকৰ হে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কানাডাত সঁচাকৈয়ে আৰএছএছক নিষিদ্ধ কৰা হৈছে নেকি? সত্যটো কি জানক।

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *