শেহতীয়াভাবে অসমত এটা বিশেষ বাৰ্তা ভাইৰেল হৈ পৰিছে। বাৰ্তাটোত লিখা হৈছে যে কেৰালাৰ মল্লপুৰমৰ কালেক্টৰ ৰাণী সোইময়ীয়ে এসময়ত নিজৰ গাঁৱত অভ্ৰৰ খনিত কাম কৰিছিল। তেওঁৰ ঘৰ ঝাৰখণ্ডত আৰু তেওঁ অতি কষ্টকৰ এটা শৈশৱ পাৰ কৰি আহিছিল । অভ্ৰ অৰ্থাত মাইকাৰ খনিত শৈশৱতে কাম কৰিবলগীয়া হৈছিল তেওঁ। এখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীয়ে কালেক্টৰ ৰাণী সোইময়ীক তেওঁ কিহৰ কাৰণে কোনোধৰণৰ প্ৰসাধন নকৰে, সেই কথা সোধোতে তেওঁ নিজৰ একালৰ দুখ দুৰ্দশাৰ কথা বৰ্ণনা কৰে। বাৰ্তাটোৰ শেষত উল্লেখ কৰা হৈছে যে সেই ৰাণী সোইময়ীয়েই হৈছে বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। বিভিন্ন হোৱাটছএপ গ্ৰুত তথা ব্যক্তিগত হোৱাটছএপতো “কালেক্টৰ মেডাম আপুনি বাৰু মেক আপ নকৰে কিয়?” শীৰ্ষক সেই মেছেজটো বহুলভাৱে শ্বেয়াৰ কৰা হৈছে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXclQgKg2YSP6zqGZBFLL3jZEgVEq4QZbReRlbkXX6kQus1-VY4pPrxGL6oBA2jao153zvSdyAyocfml6EATO0VBki2irS5SfERN98cfIBL1BFbtQTie47aBCaCvKyBgo6pNoXtprefFM1ON3dkAIw5YuA_S?key=exjQjCRacSQSPbadVHCsUg

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ মেছেজ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই তথ্য সত্য নে অসত্য জানিবলৈ বিচাৰিছিল।

https://lh7-us.googleusercontent.com/docsz/AD_4nXcKk-KzV1Dfu4yzutcPeuXDeUF8BCKA82XnIfUI65sLtCxFnE3fBZ_fNED5ofcriXda0I46v-wfb9kdfOUEw34QSeAeHnFzfHAn7C5hKC_DSsLT1zNaSTVoZNlQgluBFLAsgi8adXJdGhpX3gt_ppDm_9J2?key=exjQjCRacSQSPbadVHCsUg

Archived Link

কিছুমান ব্যৱহাৰকাৰীয়ে এই বাৰ্তাটো ফেচবুক পোষ্ট হিচাপে শ্বেয়াৰ কৰাও আমাৰ দৃষ্টিগোচৰ হৈছে। তেনেকুৱা পোষ্ট ইয়াত আৰু ইয়াত চাব পৰা যাব।

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰাসংগিক কী-ৱৰ্ড লৈ গুগলত সন্ধান আৰম্ভ কৰিলোঁ। প্ৰথমে আমি জানিব বিচাৰিলোঁ কেৰালাৰ মল্লপুৰমৰ বৰ্তমানৰ কালেক্টৰনো কোন। তেতিয়া আমি তথ্য লাভ কৰিলোঁ যে বৰ্তমান মল্লপুৰমৰ কালেক্টৰ হৈছে আইএএছ বিষয়া ভি.আৰ.বিনোদ।

https://lh7-us.googleusercontent.com/docsz/AD_4nXfaV-lrc3BetugnCZvATQaXzS296eLSw9JocaTPvoolECeIecWKTSajl9v04TwZ7zj6jyu8wwco7UlPe23hdZDSTwDKj4z-s-hwQjPp5UaTdj0Xt_vxzHPv3-Fm1ZS4VKQR97ROAdJ54-vs2BH-FNVrUP-a?key=exjQjCRacSQSPbadVHCsUg

অৰ্থাত এই তথ্যৰ পৰা মল্লপুৰমৰ কালেক্টৰ যে ৰাণী সোইময়ী নহয়, সেই কথা নিশ্চিত হ’ল।

ইযাৰ পাছত আমি কেৰালা কেডাৰত ৰাণী সোইময়ী নামৰ কোনোবা আইএএছ বিষয়া সঁচাকৈয়ে আছে নে নাই, তাৰ সন্ধান কৰিলোঁ। কিন্তু সেই নামৰ কোনো বিষয়াৰ সন্ধান আমি নাপালোঁ।

https://lh7-us.googleusercontent.com/docsz/AD_4nXfE1x54lecz7jhcmnnsdYGDjgXF0JtGFqDm530oynEfEb7L9W-dVOs29NaFPHV579qqrlIUFGmRwhEFUAcB6aScH2euYw3ityu2m1baCcEPwkHm9nuZnvZvabOwD_c9iP0n_u0ncE8liPA77ScgRbj4rfI?key=exjQjCRacSQSPbadVHCsUg

আমাৰ অনুসন্ধান আগুৱাই নিয়াত আমি এটা ফেচবুক পোষ্ট পালোঁ। সেই পোষ্টটো আছিল মালায়ালাম ভাষাৰ গল্প লিখক হাকিম মৰায়ুৰৰ। সেই পোষ্টটো অনুবাদ কৰাৰ অন্তত আমি জানিব পাৰিলোঁ যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কাহিনীটো আচলতে তেওঁ ৰচনা কৰা থ্ৰি ওৱেন নামৰ গল্পপুথিখনৰ ছাইনিং ফেচেচ নামৰ গল্পটোহে। সেই গল্পটোকে কেৰালাৰ মল্লপুৰমৰ কালেক্টৰ ৰাণী সোইময়ীৰ জীৱনৰ কাহিনী বুলি প্ৰচাৰ কৰি থকা হৈছে। গল্পটোৰ মূল চৰিত্ৰটোৰ নামেৰেই সেই কাহিনীটো ভাইৰেল কৰা হৈছে। হাকিম মৰায়ুৰে মালায়ালাম ভাষাত দিয়া পোষ্টটোৰ ভাবানুবাদ এনেকুৱা ধৰণৰ– “ বহুতে মোৰ থ্ৰি ওমেন নামৰ গল্প সংকলনৰ পৰা চাইনিং ফেচেচ নামৰ কাহিনীটো লৈ নিজৰ নিজৰ ধৰণেৰে কিছুমান মহিলাৰ ফটোৰে সৈতে ব্যাপকভাৱে প্ৰচাৰ কৰিছে। তলত কিছুমান স্ক্ৰীণ শ্বট দিছোঁ। এইটো মই লিখা এটা কাহিনী মাত্ৰ। বহুতে মোৰ নায়িকা ৰাণী সোইময়ীক প্ৰকৃত চৰিত্ৰ বুলি ভাবিছে। মন কৰিব যে এই বিষয়ত উদ্ভৱ হোৱা কোনো সমস্যাৰ বাবে মই দায়ী নহয়। আমি পঢ়া প্ৰতিটো গল্প লিখিবলৈ লেখকসকলে বহু মূল্যৱান সময় খৰচ কৰে। এই কাহিনীটোও কিতাপলৈ ৰূপান্তৰিত হৈছিল কেৱল বহুত সপোনৰ বাবে। মই লিখা আৰু মোৰ নামত প্ৰকাশ কৰা কিতাপ এখনৰ এটা গল্প এনেদৰে অপব্যৱহাৰ হোৱা দেখি সঁচাকৈয়ে দুখ লাগিছে। নিজৰ সন্তানৰ পিতৃত্ব প্ৰমাণ কৰিবলগীয়া হোৱাৰ দৰেই দুখৰ কথা এয়া। কাহিনীটো ভুলকৈ উপস্থাপন কৰিবলৈ আন নাৰীৰ ফটো ব্যৱহাৰ কৰাটো বেয়া হৈছে। কাৰো লগত তৰ্ক কৰিবলৈ মোৰ সময় নাই। তাৰ কোনো প্ৰয়োজনো নাই। সকলোৱেই জীয়াই থাকক। কাৰো পেটত লাঠ মাৰিব নালাগে। 🙏”

https://lh7-us.googleusercontent.com/docsz/AD_4nXcR_-Gic602SAybE3ys95mvOvWgu3SM0zosoM0OK8x3lscS23wQ7tjP5xt892ORNcOXOjKHi0PfXzMHstO_7d3MwroTKb8ZQbbpiTQJb7Wdb_j3ok5REB7xe1pkmZ6B-8JbDw-pH6comCNVhBfjpYo8QHt6?key=exjQjCRacSQSPbadVHCsUg

মালায়ালাম গল্পকাৰ হাকিম মুৰায়ুৰে তেওঁৰ এই ফেচবুক পোষ্টটোৰ সৈতে কিছুমান স্ক্ৰীণশ্বট আৰু তেওঁ কিতাপখনৰ ফটোও সংলগ্ন কৰিছে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXfFi55zN1SzlKP6d0XNlZED5vv4TLwhnT2u6DC-qd5JIP9KQ-adh5RMDyZnNcN7U5bkOwP9quV6159Q-9pIaohRqK7w4Vsowb3DUjPTIuQQmjG183Q3tMy_ZgP13LfVsON3K2uyJ51i7LiShXEnrSNL66k?key=exjQjCRacSQSPbadVHCsUg

এই সকলোখিনি তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো কাহিনী কেৰালাৰ মল্লপুৰমৰ কালেক্টৰ ৰাণী সোইময়ীৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো প্ৰকৃততে হাকিম মুৰায়ুৰে লিখা এটা মালায়ালাম গল্পহে। বাস্তৱৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। গতিকে এয়া ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ কাহিনীয়ো নহয়

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। যিটো কাহিনী কেৰালাৰ মল্লপুৰমৰ কালেক্টৰ ৰাণী সোইময়ীৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো প্ৰকৃততে হাকিম মুৰায়ুৰে লিখা এটা মালায়ালাম গল্পহে। বাস্তৱৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। গতিকে এয়া ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ কাহিনীয়ো নহয়

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কেৰালাৰ মল্লপুৰমৰ কালেক্টৰ ৰাণী সোইময়ীয়েই ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ বুলি কৰা দাবীৰে প্ৰচাৰিত কাহিনীটোৰ কোনো বাস্তৱ ভিত্তি নাই। এয়া এটা মালায়ালম গল্পহে।

Fact Check By: Pranjal Sharma

Result: False