
শেহতীয়াভাবে চাকৰিৰ সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ পাছত সোমবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰি পলায়ন কৰে। দেওবাৰে সমগ্ৰ দেশতে সংঘটিত হোৱা সংঘৰ্ষত প্ৰায় ১০০ জন লোকৰ মৃত্যু হোৱাৰ পাছত সোমবাৰে ছাত্ৰ কৰ্মীসকলে ৰাজধানী ঢাকালৈ পদযাত্ৰাৰ আহ্বান জনাইছিল। আনকি বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতিৰ বাসগৃহতো লুটপাত কৰে। ছ’চিয়েল মিডিয়াত ঢাকাৰ বৰ্তমানৰ অনিশ্চিত পৰিস্থিতি দেখুওৱা বুলি কিছুমান ফটো আৰু ভিডিঅ’ বিয়পিছে। তেনে এখন ফটো ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ইয়াত শ্বেখ হাছিনাৰ শোৱা কোঠাত প্ৰতিবাদকাৰীক শুই থকা দেখা গৈছে।
আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈ সেই ফটোখন প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেয়া বাংলাদেশৰ বিদায়ী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শোৱনী কোঠাত প্ৰতিবাদকাৰীয়ে বিচনাত শুই থকা বুলি দাবী কৰিছে।
তদুপৰি একাধিক ফেচবুকত পোষ্টো আমি লাভ কৰিলোঁ য’ত সেই ফটোখন সন্নিবিষ্ট কৰি সেয়া শ্বেখ হাছিনাৰ বিচনা বুলি দাবী কৰা হৈছে।
আন এটা পোষ্টটো সেয়া বাংলাদেশৰ ফটো বুলি দাবী কৰি ফটোখন সন্নিবিষ্ট কৰা হৈছে।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০২২ চনৰ এক বাতৰি লাভ কৰিলোঁ। ৰয়টাৰৰ সেই বাতৰি মতে, এই ফটোখন ২০২২ চনৰ ১০ জুলাইত কলম্বোত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ঘৰত তোলা হৈছিল। বাতৰি অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ এৰি পলায়ন কৰিবলগীয়া হোৱা বিদ্ৰোহৰ পাছত শ্ৰীলংকাৰ লোকসকলে গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন আৰু বাসগৃহসমূহ দখল কৰে।
এই ফটোখনৰ সৈতে কেপচনত লিখা হৈছে, “দেশৰ অৰ্থনৈতিক সংকটৰ মাজতে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছেই পলায়ন কৰাৰ পাছত বিক্ষোভকাৰীয়ে অট্টালিকাটোত প্ৰৱেশ কৰে আৰু তাৰ পাছদিনা কলম্বোত ৰাষ্ট্ৰপতিৰ ঘৰত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছেৰ বিচনাত প্ৰতিবাদকাৰীয়ে শুই থাকে।”
ফটোখন ২০২২ চনৰ ১০ জুলাইত ফটো সাংবাদিক ডিনুকা লিয়ানৱাট্টে তুলিছিল।
এনপিআৰে সেই সময়ত প্ৰকাশ কৰিছিল যে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ফটো আৰু ভিডিঅ’ত দেখা গৈছে যে শ্ৰীলংকাৰ লোকসকলে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বাগিচাত বিলাসিতা উপভোগ কৰি থকা, আচবাবত শুই থকা, ছুইমিং পুলত সাঁতুৰি থকা, আনকি ঘৰুৱা জিমত ৱৰ্কআউট কৰা থকা আদিও নথিভুক্ত কৰা হৈছে।
আমি এই সম্পৰ্কে এক ভিডিঅ’ও লাভ কৰিলোঁ ইউটিউৱত।
এইসমূহ তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে আমাৰ ফেক্টলাইন নম্বৰলৈ প্ৰেৰণ কৰা তথা উল্লিখিত ফেচবুক পোষ্ট দুটাত ব্যৱহাৰ কৰা ফটোখন শেহতীয়াভাৱে বাংলাদেশত হোৱা পৰিস্থিতিৰ অন্তত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শোৱনী কোঠাত প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰি বিচনাত শুই থকা ফটো নহয়। সেইখন ২০২২ চনৰে শ্ৰীলংকাৰ ফটো। শ্ৰীলংকাৰ তদানীন্তন ৰাষ্ট্ৰপতিৰ বিচনাত বিক্ষোভকাৰীয়ে শুই থকা ফটোখনকে বাংলাদেশৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ফটোখন ২০২২ চনত শ্ৰীলংকাত তদানীন্তন ৰাষ্ট্ৰপতি ৰাজাপাকছেই পলায়ন কৰাৰ পাছত বিক্ষোভকাৰীয়ে তেওঁ বিচনাত শুই থকা সময়ৰ। শেহতীয়াকৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰা সময়ৰ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২২ চনৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বিচনাৰ ফটোকে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ শোৱাপাটি বুলি ভাইৰেল কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
