শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা এক্স(পূৰ্বৰ টুইটাৰ) পোষ্টৰ স্ক্ৰিণশ্বট ভাইৰেল হৈ পৰিছে। টুইটটোত এখন ফটো সংলগ্ন কৰি ইংৰাজীতে লিখা কথাখিনিৰ ভাবানুবাদ এনেধৰণৰ-কল্পনা কৰকচোন, গাজাৰ এই মানুহবোৰ কিমান অসভ্য, বৰ্বৰ আৰু জন্তুৰ দৰে! এটা গাধৰ গাত ইজৰাইলৰ পতাকা আঁকি ইজৰাইল বনাই তাৰ পিছত গাধটোৰ ওপৰত পেট্ৰল ছটিয়াই জীৱিত অৱস্থাত জ্বলাই দিলে। এই জন্তুবোৰ জীৱনত কেতিয়াও মানুহ নহয়।

আমাৰ 24*7 ফেক্টলাইন নম্বৰলৈ সেই স্ক্ৰিণশ্বটটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে তাৰ সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

Archived Link

এক্সত আমি সেই বিশেষ টুইটটো বিচাৰি উলিয়াবলৈ সক্ষম হ’লোঁ।

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি অনুসন্ধান আৰম্ভ কৰিলোঁ আৰু আমি দেখিলোঁ যে একেখন ইমেজ ষ্টক ইমেজ ৱেবছাইট গেট্টি ইমেজত আপলোড কৰা হৈছে। ইয়াৰ কেপচনত উল্লেখ কৰা হৈছে যে ২০১১ চনৰ ২৩ ছেপ্টেম্বৰত ৱেষ্ট বেংকত ৰাষ্ট্ৰসংঘত পেলেষ্টাইনীসকলৰ দাবীক সমৰ্থন কৰিবলৈ হোৱা বিক্ষোভৰ সময়ত পেলেষ্টাইনীসকলে এই গাধটোক ইজৰাইলৰ পতাকা অংকন কৰি ইজৰাইল হিচাপে প্ৰদৰ্শন কৰিছিল।

আমি একেটা ঘটনাৰ পৰা আন এখন ফটো লাভ কৰিলোঁ ষ্টক ইমেজ ৱেবছাইট Alamy ত। ইয়াত পেলেষ্টাইনৰ পতাকা মানুহে কঢ়িয়াই লৈ ফুৰা দেখা গৈছিল, আনহাতে ইজৰাইলৰ পতাকা হিচাপে ৰং কৰা গাধটোৰ ওপৰত এজন ব্যক্তি বহি থকা দেখা গৈছিল।

দ্বিতীয়খন ফটোও পেলেষ্টাইনৰ। ফটোখনত দেখা গাধটো ২০১৪ চনত গাজাত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছিল। এই আক্ৰমণত নিহত হোৱা গাধটোত পেলেষ্টাইনীসকলে জুই লগাই দিয়ে। ২০১৫ চনৰ পৰা এই ছবিখন ষ্টক ইমেজ ৱেবছাইট Getty images ত উপলব্ধ। গেট্টি ইমেজৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি দুয়োখন ফটোৰ মাজত কোনো সম্পৰ্ক নাই।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে দুয়োখন ফটোৰ মাজত কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। দুয়োখন ফটো পুৰণি আৰু পৰস্পৰ সম্পৰ্কহীন। গাজাৰ শেহতীয়া পৰিস্থিতৰ ফটো হিচাপে মিছাকৈ শ্বেয়াৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:গাজাত পেলেষ্টাইনৰ সমৰ্থকে গাধৰ দেহত ইজৰাইলৰ পতাকা আঁকি জীৱন্তে জ্বলাই দিছে নেকি? সত্যটো জানক।

Written By: Pranjal Sharma

Result: False