শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি সেইখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়ৰ ফটো বুলি দাবী কৰিছে। লগতে দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মূৱে তেখেতক সংগ দিয়া বুলি লিখিছে। ফেচবুত পোষ্ট কৰি লিখিছে- দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ নোমিনেচনৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুও লগত আছিল। কি বা হয় এইবাৰ নাজানো আৰু।

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই বিশেষ ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি প্ৰধানমন্ত্ৰী মোদীয়ে ২০২২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়ত দিয়া এটা টুইট পালোঁ। ২৪ জুন,২০২২ত প্ৰধানমন্ত্ৰী সেই ফটোখনৰ লগতে আৰু দুখন ফটো আপলোড কৰি সেই টুইটটো কৰিছিল। টুইটটোত লিখিছিল-Earlier today, accompanied leaders from different parties for the filing of nomination papers of Smt. Droupadi Murmu Ji.

Archived Link

ইয়াৰ লগে লগে আমি নিশ্চিত হ’লোঁ যে সেইখন বৰ্তমানৰ ফটো নহয়। ২০২২ চনৰে ফটো। স্বয়ং প্ৰধানমন্ত্ৰীয়ে সেই ফটোখন ব্যৱহাৰ কৰি কৈছিল যে দ্ৰৌপদী মুৰ্মূৰ মনোনয় পত্ৰ দাখিলৰ সময়ত আন দলৰো একাংশ নেতাৰ সৈতে তেখেতে মূৰ্মূক সংগ দিছিল।

আমি আৰু অধিক অনুসন্ধান কৰিলোঁ। তেতিয়া আমি হিন্দী কাকত জাগৰণৰ ২০২২ চনত প্ৰকাশিত এটা বাতৰি পালোঁ য’ত মুৰ্মূৰ মনোনয়নৰ কথা লিখা হৈছিল আৰু প্ৰধানমন্ত্ৰী মোদীয়ে তাত উপস্থিত থকাৰ কথা উল্লেখ কৰা হৈছিল। তাত এখন ফটো আমি দেখিলোঁ, যিখন ফটোৰ পৰা আমি নিশ্চিত হ’লোঁ যে মোদী মুৰ্মূৰ মনোনয়নৰ সময়ত উপস্থিত আছিল।

তদুপৰি আমি ২০২২ চনত প্ৰকাশিত আন কেতবোৰ বাতৰিৰ লিংক লাভ কৰিলোঁ। সেই বাতৰিসমুহতো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰধানমন্ত্ৰী মোদী সমন্বিতে আন আন নেতাসকল উপস্থিত থকাৰ কথা উল্লেখ আছিল আৰু সেই ফটোখনো সংলগ্ন হৈ আছিল সেই বাতৰিবোৰত।

সেই বাতৰিসমুহৰ কিছুমান আপোনালোকে ইয়াত,ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ মে’ত হে মনোনয়ন দাখিল কৰিব। চলিত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব অহা ১ জুনত। মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰানসী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। সেই সম্পৰ্কে ডেক্কান হেৰাল্ডৰ এক বাতৰি ইয়াত দিয়া হ’ল।

এই সকলোবোৰ তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিখন ফটো ফেচবুকত আপলোড কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মুৰ্মূৰ সৈতে নিজৰ মনোনয় পত্ৰ দাখিল কৰা সময়ৰ ফটো বুলি দাবী কৰা হৈছে, সেইখন আচলতে ২০২২চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত দ্ৰৌপদী মুৰ্মূৰ মনোনয়ন দাখিলৰ সময়ত মোদী সমন্বিতে আন নেতাসকল উপস্থিত থকা সময়ৰ ফটো হে। এই দাবীটো আচলতে মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল হোৱা ফটোখন ২০২২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দ্ৰৌপদী মুৰ্মূৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ৰ হে। ২০২৪ লোকসভা নিৰ্বাচনৰ বাবে মোদীৰ মনোনয় পত্ৰ দাখিলৰ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়ৰ ফটো বৰ্তমানৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মনোনয়ন দাখিল কৰা সময়ৰ বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: False