শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। ফটোখনত দেখা গৈছে যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা প্ৰমূখ্যে প্ৰাক্তন ৰাষ্ট্ৰপতিকে ধৰি আন কেইগৰাকীমান বিশিষ্ট ব্যক্তি এক বিশেষ অনুষ্ঠানত উপস্থিত আছে। তাত দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু লোকসভাৰ অধ্যক্ষই হাতজোৰ কৰি নমস্কাৰ ভংগীত আছে আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক আওকান কৰাৰ দৰে থিয় হৈ আছে। হোৱাটছএপত এই ফটোখন শ্বেয়াৰ কৰি একংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু লোকসভাৰ অধ্যক্ষই জনোৱা অভিবাদন গ্ৰহন নকৰিলে।

সেই ফটোখন আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰি সেই দাবীটো সত্য নে অসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আৰম্ভনীতে আমি ভাইৰেল হোৱা ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ইয়াৰ মূল আৰু সম্পূৰ্ণ ভিডিঅ’টো পালোঁ। যিটো ২০২৩ চনৰ ০৬ ডিচেম্বৰত লাইভ ষ্ট্ৰীম কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অফিচিয়েল ইউটিউব চেনেলত। ফুটেজত প্ৰধানমন্ত্ৰী মোডী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি অন্যান্য নেতাই ড° বি.আৰ. আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকীত নতুন দিল্লীৰ নতুন সংসদ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছে। অনুষ্ঠানৰ পৰা ওলাই অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডী আৰু আন নেতাসকলে সংবাদ মাধ্যমৰ সন্মুখত ফটোৰ বাবে পোজ দিছিল। প্ৰথমেই ‘নমস্কাৰ’ ভংগীৰে শ্ৰদ্ধা নিবেদন কৰিছিল (তলৰ ফটোত) আগবঢ়াইছিল প্ৰধানমন্ত্ৰী মোদীয়ে, তাৰ পাছতে আন আন নেতাসকলে। ভিডিঅ’ৰ ৯ মিনিট ৩৯ চেকেণ্ডত সেয়া দেখা যায়।

ভাইৰেলহোৱা ফটোখনত প্ৰধানমন্ত্ৰী মোদীয়ে ঠিক সেৱা জনাই যাবলৈ আৰম্ভ কৰা মুহূৰ্তটো বন্দী কৰা হৈছে, যিটো এটা বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। মিছাকৈয়ে দাবী কৰা হৈছে যে মোদীয়ে তিনিওজন নেতাক তেওঁৰ ফালে হাতজোৰ কৰি থিয় হৈ থকাৰ সময়ত তেওঁলোকৰ অভিবাদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে সম্পূৰ্ণ ভিডিঅ’টোত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো তাৰ লগে লগেই সেই স্থানৰ পৰা গমন কৰিছিল।

তদুপৰি অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন নেতাসকলৰ বাবে অপেক্ষা কৰি তেওঁলোকক সম্ভাষণ জনোৱা দেখা যায় ভিডিঅ’টোত।

সেই অনুষ্ঠানৰ সম্পূৰ্ণ ভিডিঅ’টো তলত দিয়া হৈছে।

ইয়াৰ পৰায়ে জানিব পৰা যায় যে দাবীটো মিছা। প্ৰকৃততে প্ৰধানমন্ত্ৰীকে ধৰি আটাইকেইগৰাকী দেশৰ শীৰ্ষ নেতাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নমস্কাৰ ভংগিৰে আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা জনাইছিল আৰু সংবাদ মাধ্যমৰ আগত ফটোৰ বাবে ৰৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ নমস্কাৰ শেষ কৰি যাব ওলোৱা এটা বা দুটা চেকেণ্ডৰ মুহূৰ্তটো কেমেৰাট বন্দী কৰি এইদৰে মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সেৱা জনাই যাব ওলোৱা এক ক্ষুদ্ৰ মুহূৰ্তক কেমেৰাত বন্দী কৰি মিছা দাবীৰে ফটোখন শ্বেয়াৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষৰ অভিবাদন গ্ৰহণ নকৰি অপমান কৰিছিল নেকি সঁচাকৈ?

Written By: Pranjal Sharma

Result: False