১০ অক্টোবৰ ২০২৩,মঙলবাৰে হঠাতে এটা বাতৰি ওলাল যে আমাৰ দেশৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ ন’বেল বিজয়ী ভাৰতৰত্ন অমৰ্ত্য সেনৰ দেহাৱসান ঘটিছে।

অসমৰ বিভিন্ন ফেচবুক ব্য়ৱহাৰকাৰী তথা কিছুমান সংবাদ প্ৰতিস্থানেও সেই কথাটো প্ৰকাশ কৰি পোষ্ট কৰা দেখা গ’ল( কিছুমান পোষ্ট পাছত ডিলিট কৰা হৈছে) । তেনেকুৱা এটা ফেচবুক পোষ্ট প্ৰহ্লাদ নাথ নামৰ একাউণ্ট এটাৰ পৰা কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে অমৰ্ত্য সেনৰ মৃত্যু ঘটিছে। পোষ্টটোত লিখা হৈছিল- #শোকবাৰ্তা# #ভাৰত মাতা সুযোগ্য সন্তান প্ৰসিদ্ধ অৰ্থনীতিবিদ ন'বেল বঁটা বিজয়ী শ্ৰদ্ধাৰ*অমৰ্ত্য সেন* দেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ আত্মা সদগতিৰ কামনা কৰিলো লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো।"

#ঔম্ শান্তি।

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

এই বিষয়ে অনুসন্ধান কৰি আমি কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ। তেতিয়াই আমি এটা টুইট পালোঁ, বিশিষ্ট অৰ্থনীতিবিদ গৰাকীৰ কন্যা নন্দনা সেনে ১০ অক্টোবৰৰ দিনটোত বিয়লি ৫ বাজি ৪১ মিনিটত কৰা টুইটটোত সেই কথা অস্বীকাৰ কৰি উল্লেখ কৰা হৈছে যে ন’বেল বিজয়ী অৰ্থনীতিবিদ গৰাকীৰ দেহাৱসান ঘটা নাই। তাত লিখিছে - Friends, thanks for your concern but it’s fake news: Baba is totally fine. We just spent a wonderful week together w/ family in Cambridge—his hug as strong as always last night when we said bye! He is teaching 2 courses a week at Harvard, working on his gender book—busy as ever! (বন্ধুসকল, আপোনালোকৰ চিন্তাযতনৰ বাবে ধন্যবাদ । কিন্তু এয়া ভুৱা বাতৰি: বাবা সম্পূৰ্ণ ভালেই আছে। আমি শেহতীয়াভাৱে কেম্ব্ৰিজত পৰিয়ালৰ সৈতে একেলগে এটা সুন্দৰ সপ্তাহ কটালোঁ—যোৱা নিশা আমি বিদায় জনোৱাৰ সময়ত তেওঁৰ আলিংগন আগৰ দৰেই শক্তিশালী আছিল! হাৰ্ভাৰ্ডত সপ্তাহত ২টাকৈ পাঠ্যক্ৰম পঢ়াই আছে, তেওঁৰ লিংগ বিষয়ক কিতাপখনৰ কাম কৰি আছে—আগৰ দৰেই ব্যস্ত!)

ইয়াৰ লগে লগে আমি কেইবাটাও বাতৰিও লাভ কৰিলোঁ। দেশৰ আগশাৰীৰ বিভিন্ন সংবাদ প্ৰতিস্থাতে নন্দনা সেনৰ সেই টুইটটোৰ আধাৰতে বাতৰি পৰি প্ৰকাশ কৰিছে যে অমৰ্ত্য সেনৰ মৃত্যৰ বাতৰিটো মিছা।

The Hinduয়ে উল্লেখ কৰিছে যে কন্যা নন্দনা সেনে অমৰ্ত্য সেনৰ দেহাৱসানৰ বাতৰিটো অস্বীকাৰ কৰিছে। বাতৰিটো ইয়াত পঢ়িব পাৰিব।

ইয়াৰ উপৰিও আন এটা বাতৰি আমি লাভ কৰিলোঁ Mintত। তাতো একেটা কথাকে উল্লেখ কৰি নন্দনা সেনৰ বক্তব্যৰ উদ্ধৃতিৰে কৈছে যে খবৰটো মিছা। বাতৰিটো ইয়াত পঢ়িবলৈ পাব।

কেৱল ইমানেই নহয় Times Nowৰ দৰে প্ৰতিস্থিতি সংবাদ প্ৰতিস্থানেও সেই খবৰ মিছা বুলি বাতৰি প্ৰকাশ কৰিছে। সেই বাতৰিটোও ইয়াতে পঢ়াৰ সুবিধা আছে।

ABPয়েও অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ মিছা বুলি প্ৰকাশ কৰিছে। বাতৰিটো ইয়াত পঢ়িব পাৰিব।

দেশৰ আন আন কিছুমান প্ৰসিদ্ধ তথা প্ৰতিস্থিত সংবাদ প্ৰতিস্থানেও এই খবৰটো মিছা বুলি নন্দনা সেনৰ টুইটৰ আধাৰত বাতৰি প্ৰকাশ কৰিছে। তেনেকুৱা কিছুমান বাতৰি ইয়াত আৰু ইয়াত চাব পাৰিব।

এতিয়া জনাব বিচাৰিছোঁ যে ক’ৰ পৰানো এই উৰা বাতৰি বিয়পিল। এই সম্পৰ্কে অনুসন্ধান কৰি আমি জানিব পাৰিলোঁ যে ইটালীৰ এগৰাকী শিক্ষক যিয়ে নিজকে সাংবাদিক বুলি দাবী কৰে, যাৰ নাম ঠমাছো ডেবেনোড্ডটি (Tommaso Debenedetti), তেওঁ ভূৱা একাউণ্টৰ পৰা এই উৰা বাতৰিটো এক্স (পূৰ্বৰ টুইটাৰ)ত বিয়পাই দিছিল। সেই সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িবলৈ পাব।

CNBC ৰ প্ৰতিবেদন অনুসৰি এইগৰাকী ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত এইদৰে ভূৱা খবৰ বিয়পাই দিয়াৰ বাবে বিখ্যাত। তেওঁ সংবাদ মাধ্যমৰ দুৰ্বলতা উদঙাই দিয়াৰ লক্ষ্যৰে এইদৰে ভূৱা একাউণ্ট সৃষ্টি কৰি একোটা মিছা বাতৰি বিয়পাই দিয়ে। এইকথা তেওঁ নিজেই উল্লেখ কৰিছে। সেই সম্পৰ্কে সবিস্তাৰে ইয়াত পঢ়িবলৈ পাব।

মূলতঃ অমৰ্ত্য সেনৰ কন্যা নন্দনা সেনৰ টুইটটো আৰু তাৰ আধাৰত প্ৰকাশ কৰা বাতৰি সমুহৰ লগতে যিজন লোকে সংবাদ মাধ্যমৰ দুৰ্বলতা উদঙাই দিয়াৰ উদ্দেশ্য়েৰে এইদৰে মিছা বাতৰি বিয়পাই দিয়া বুলি প্ৰমান হোৱা বাতৰিসমুহৰ ভিত্তিত ক’ব পাৰি যে এই খবৰটো মিছা। অমৰ্ত্য সেনৰ দেহাৱসান ঘটা নাই। এয়া এক উদ্দেশ্য প্ৰনোদিত উৰা বাতৰিহে আছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। অমৰ্ত্য সেনৰ দেহাৱসান ঘটা নাই। এয়া ইটালীৰ এগৰাকী শিক্ষকে উদ্দেশ্য প্ৰনোদিতভাৱে সৃষ্টি কৰা এক উৰা বাতৰিহে আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ন’বেল বিজয়ী অৰ্থনীতিবিদ, ভাৰতৰত্ন অমৰ্ত্য সেনৰ দেহাৱসানৰ উৰা বাতৰি বিয়পিল সামাজিক মাধ্যমত।

Written By: Pranjal Sharma

Result: False