শেহতীয়াভাবে ইংলণ্ডত সংঘটিত হোৱা এটা হত্যাৰ ঘটনাক লৈ সমগ্ৰ বিশ্বতেই বিভিন্ন সঁচা-মিছা বাতৰি বিয়পি পৰিছে। আনকি সেই ঘটনাটোৰ সৈতে সাম্প্ৰদায়িক দিশ এটা জৰিত কৰিও বিভিন্ন বাৰ্তা প্ৰচাৰ হৈছে। আনকি অসমতো এটা বাৰ্তা বিয়পি পৰিছে যে ইংলণ্ডৰ চাউথপোৰ্টত শৰনাৰ্থী মুছলমানে দুটি শিশুক চোকা অস্ত্ৰেৰে কাটি হত্যা কৰিছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি সেই বাৰ্তাটো প্ৰচাৰ কৰিছে। লিখিছে-#মানৱতামানুহৰ বাবে, #ইছলামিক_পিশাচ_দানৱৰবাবে নহয়..যোৱাকালি ইংলেণ্ডৰ ছাউথপোৰ্টত শৰণাৰ্থী জিহাদী মুছলমানে দুটি ইংৰাজ খৃষ্টীয়ান শিশুক চোকা অস্ত্ৰৰে কাটি হত্যা কৰিলে ..মুছলমানৰ প্ৰতি মানৱতা আৰু সহানুভূতিশীল হৈ আশ্ৰয় দিয়াৰ ফল পালে ইংলেণ্ডে

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc5qYjhkSawVQH9iSKgjIIFFLldjNkh9FcwY-IFNW16ZHo_hpYEmhb-y_heOSabavf6-aQtbnNU7HZFsw55mfyQMVkTSsLFAdtQLbZFcGsNLTG7r_w2wrY52BgsbXXcyN6sHb5HmJPzfyo3uc4GResTys4s?key=SNVRHgsI3JDmIAEwaKWrWQ

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট বুলি সন্দেহ ওপজাত ফটোখন কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ফটো নিৰ্ণায়ক সজুলি ব্যৱহাৰ কৰি পৰীক্ষা কৰিলোঁ। তেতিয়া আমি জানিব পাৰিলোঁ যে সেইখন এআই জেনেৰেটেড অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো। হাগিংফেচৰ মতে সেইখন ৯৯ শতাংশ কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট। তদুপৰি হাইভ মোডাৰেছনৰ মতেও সেইখন ৯৯.৩ শতাংশ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো। ইলুমিনাৰ্টীৰ মতেও সেইখন ৯৮.১ শতাংশ কৃত্ৰিম। আন এক কৃত্ৰিম বুদ্ধিমত্তা নিৰ্ণায়ক সজুলিএআই অৰ নটেও ফটোখন কৃত্ৰিম বুলি নিৰ্ণয় কৰিলে।

123.jpeg

আমি নিশ্চিত হ’লোঁ যে ফটোখনৰ সৈতে বৰ্ণিত ঘটনাৰ কোনো সম্পৰ্ক নাই।

তাৰ পাছত আমি পোষ্টটোত বৰ্ণনা কৰা ঘটনাটোৰ সন্ধান আৰম্ভ কৰিলোঁ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো সংবাদ প্ৰতিস্থানতেই অনুৰূপ খবৰ আমি লাভ নাকৰিলোঁ। কিন্তু প্ৰাসংগিক কী-ৱৰ্ড লৈ সন্ধান কৰোতে আমি ইংলণ্ডৰ চাউথপোৰ্টত সংঘটিত হোৱা এটা ঘটনাৰ বাতৰি একাধিক সংবাদ মাধ্যমত লাভ কৰিলোঁ। খবৰ অনুসৰি চাউথপোৰ্টৰ হাৰ্ট ষ্ট্ৰিতত টেইলৰ চুইফ্ট বিষয়ক এক নৃত্যানুষ্ঠানত এজন ১৭ বছৰীয়া কিশোৰে চোকা চুৰি এখনেৰে আক্ৰমণ কৰি ৩গৰাকী কন্যা শিশুক হত্যা কৰাৰ লগতে আৰক্ষীৰ লোকৰ লগতে আন ৯ লোকক গুৰুতৰভাৱে আহত কৰে। ঘটনাস্থালীতে ২গৰাকী কন্যাৰ মৃত্যু ঘটে আৰু আন এগৰাকীৰ মৃত্যু কিছুসময় পাছত ঘটে। সেই আক্ৰমণকাৰী তথা হত্যাকাৰী কিশোৰজনক পাছত আৰক্ষীয়ে কৰায়ত্ব কৰে।আন্তঃৰাষ্ট্ৰীয় প্ৰতিস্থিত সংবাদ প্ৰতিস্থান বিবিচিত এই খবৰ সবিস্তাৰে প্ৰকাশ কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcPnxMnZSLcz9FqGNrCP7zQTqBndcOecrJP17HIMJp2JddAc7D3vp928jsJHwLUrU60LAwltK1As308U2wq_KkFhQraJpBotshKXLzbdPQjA-3uLyUt5iDYdduXVy9WoyiymzzDUenfO8o1oXksfV-WV-I?key=SNVRHgsI3JDmIAEwaKWrWQ

আন এক প্ৰতিস্থিত আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিস্থানৰয়টাৰেও সেই বাতৰিটো সবিস্তাৰে প্ৰকাশকৰিছে। তাতো কিন্তু হত্যাকাৰী হিচাপে অভিযুক্ত ১৭বছৰীয়া কিশোৰজন মুছলমান শৰণাৰ্থী বুলি উল্লেখ নাই। সেই বাতৰিটোত তদন্তকাৰী আৰক্ষীৰ ভাষ্যও সন্নিবিষ্ট কৰা হৈছে। আৰক্ষীয়ে সেই ঘটনাটো সন্ত্ৰাসবাদী আক্ৰমণ বা কোনো সাম্প্ৰদায়িক আক্ৰমণৰ ঘটনা বুলি অভিহিত কৰা নাই। আক্ৰমণৰ উদ্দেশ্য অজ্ঞাত বুলিহে কোৱা হৈছে তাত।

তৃতীয়গৰাকী কন্যাশিশুৰ মৃত্যুৰখবৰটো আমি চিএনএনতো লাভ কৰিলোঁ

ইয়াৰ পাছতআমি তথ্য লাভ কৰিলোঁযে সেই ঘটনাটোক কেন্দ্ৰ কৰি বিশেষকৈ লণ্ডনত কিছুমান মিছা তথ্য বিয়পি কৰিছে। মুছলমান বিৰোধী গোটে এই ঘটনাৰ সৈতে মুছলমান জৰিত আছে বুলি ধৰি লৈ এক যুঁযুধান ৰূপ ধাৰণ কৰিছে। মুছলমানৰ দ্বাৰা এই ঘটনা সংঘটিত হৈছে বুলি সামাজিক মাধ্যমত মিছা তথ্য বিয়পি কৰাৰ ফলত প্ৰায় ৩০০ মুছলমান বিৰোধী ইংলিছ ডিফেন্স লীগৰ সদস্যই লিভাৰপুলত এটা মছজিদ আক্ৰমণ প্ৰৰ্যন্ত কৰে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXckVAhJpZllt7fs3UhrGrTWnK-9D8S9z2-WQ0fxwlrxIJ68uNW6xUUVjzTx968Vd1IKOcR1tzABv0mg_DA58zPu4JJekA09mgesOJO9W4DY4KctbRsYMflQtaNS4eMfjDIHZGKds09ZmbLz3cYIRoLzjztT?key=SNVRHgsI3JDmIAEwaKWrWQ

আন এক সংবাদ মাধ্যমতো আমিঅনুৰূপ বাতৰিলাভ কৰিলোঁ যে সামাজিক মাধ্যমত বিয়পি কৰা মুছলমান বিৰোধী বাৰ্তাৰ ফলত এক যুদ্ধসদৃশ পৰিবেশৰ সৃষ্টি হৈছে।

এই ঘটনাটো সন্দৰ্ভত তদন্তকাৰী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্য আমি লাভ কৰিলোঁ। তাতো কিন্তু এই ঘটনাত মুছলমান জৰিত আছে বুলি উল্লেখ কৰা হোৱা নাই।তদন্তকাৰী বিষয়াই এই ঘটনাটোৰ সৈতে ধাৰণাত্মকভাৱে কোনো সিদ্ধান্ত নোলোৱাৰ আহ্বান কৰে। অৰ্থাত আওপকীয়াকৈ এই ঘটনাটোক কোনো ধৰণৰ সাম্প্ৰদায়িক ৰূপ নিদিবলৈ আহ্বান জনায়। সেই ধৰণে বাতৰি প্ৰচাৰ নকৰিবলৈ কয়।

ইয়াৰ পাছত আমি তথ্য লাভ কৰিলোঁ যে ঘটনাৰ কেইঘণ্টামান পাছতেই সামাজিক মাধ্যমত বিয়পি পৰে যে সেই কাণ্ড সংঘটিত কৰা কিশোৰটি এজন শৰণাৰ্থী। কিন্তু প্ৰকৃত তথ্য হৈছে সেই কিশোৰটি ইংলণ্ডতেই ৰুৱাণ্ডামূলীয় এটা পৰিয়ালত জন্ম লাভ কৰা এটি কিশোৰ। তেওঁ শৰণাৰ্থী প্ৰত্যাশী নহয় বুলি বাতৰিত প্ৰকাশ কৰা হৈছে। এই বাতৰি আমি লাভ কৰিলোঁএচ’ছিয়েট প্ৰেছৰ এক প্ৰতিবেদনত

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcuwvKANCXOIAtPNRnOhQfR_AOuDoyTqw2QmHa8N9BbBJ6k9Zr61UZsvNYV9U5SgfikdGBcn-XXdfYgH_cR1hLzGKIT0v7K5gQon_-KSRkpenzzxRlWCoqIJnVve3kdR8ix-3n1Ns1wI-jKSmIeQRwSjXqe?key=SNVRHgsI3JDmIAEwaKWrWQ

এবিচি নিউজৰ প্ৰতিবেদনতোপ্ৰকাশ কৰা হৈছে ইংলণ্ডতেই জন্ম লাভ কৰা কিশোৰটিৰ পৰিচয় এক ভুৱা নামেৰে সৈতে মুছলমান শৰণাৰ্থী বুলি খবৰ প্ৰচাৰ কৰা হৈছিল।

ঘটনাৰ কেইঘণ্টামানৰ ভিতৰতেই সামাজিক মাধ্যমত হোৱা ভুৱা প্ৰচাৰ সম্পৰ্কত একেধৰণৰ একাধিক বাতৰি আপোনালোকেইয়াতআৰুইয়াতপঢ়িব পাৰিব।

এইদৰে ভুৱা প্ৰচাৰৰ ফলতেই এক গোষ্ঠীগত সংঘাটৰ সৃষ্টি হোৱাৰ পাছত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে সকলো ধৰণ সামাজিক মাধ্যমকে এইধৰণ ভুৱা প্ৰচাৰ নকৰিবলৈ সকিয়াই দিয়ে। তেওঁ লগতে ইয়াকো কয় যে এইধৰণৰ ভুৱা প্ৰচাৰ কৰাৰ ফলত ভৱিষ্যতত হ'ব পৰা যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে জগৰীয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।ৰয়টাৰত সেই বাতৰি প্ৰকাশকৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcxHLUBDgSt_EfY3wX_FSyct_Lh3cgurR4g5anEjsgHGRkFuyMX0_mwgdtOJiOAKzTzZlw-KNu3eEZUOhfP3HqsPDLD0waHHNbvA6SnASOqAv5ZrFCQTaOjXsMqKQ5Iq8kT8r90kr7GMG7YbBQqXtwcMy9j?key=SNVRHgsI3JDmIAEwaKWrWQ

এই সকলো তথ্যৰ পৰা আমি এটা সিদ্ধান্তত উপনিত হৈছোঁ যে ইংলণ্ডৰ চাউথপোষ্টত কোনো মুছলমান শৰণাৰ্থীয়ে দুটিকৈ শিশুক চোকা অস্ত্ৰেৰে কাটি হত্যা কৰা নাই। প্ৰকৃততে টেইলৰ চুইফ্ট বিষয়ক এক নৃত্যানুষ্ঠানত এটি ১৭ বছৰীয়া ইংলণ্ডৰ স্থায়ী বাসিন্দা কিশোৰে তিনিগৰাকীকৈ কন্যা শিশুক চুৰিৰে আক্ৰমণ কৰি হত্যা কৰিছিল আৰু সেই ঘটনাত আন ৯জন লোক আহত হৈছিল। অভিযুক্ত সেই কিশোৰটি মুছলমান বা শৰণাৰ্থী নহয়। সেই ঘটনাৰ পাছতেই সামাজিক মাধ্যমত আক্ৰমণকাৰী কিশোৰটি মুছলমান শৰণাৰ্থী বুলি ভুৱা প্ৰচাৰ কৰাৰ ফলত শৰণাৰ্থী বিৰোধী ইংলিছ ডিফেন্স লীগৰ সদস্যকে ধৰি ৩০০জনমান লোকে লিভাৰপুলত এটা মছজিদত আক্ৰমণ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰিছিল। তদুপৰি অসমীয়া পোষ্টটোৰ সৈতে সংলগ্ন ফটোখনো প্ৰকৃত ফটো নহয়, সেইখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এখন ফটো হে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ইংলণ্ডৰ চাউথপোৰ্টত কোনো মুছলমান শৰণাৰ্থীয়ে চোকা অস্ত্ৰেৰে দুটি শিশুক কাটি হত্যা কৰা নাই। ইংলণ্ডৰ এজন স্থায়ী বাসিন্দা ১৭ বছৰীয়া কিশোৰৰ আক্ৰমণত তিনিজনী কন্যা শিশুৰ হে মৃত্যু ঘটিছিল। সেই ঘটনাৰ ভুৱা খবৰ প্ৰচাৰ হৈছিল। ঘটনাটোত কোনো ধৰণৰ সাম্প্ৰদায়িক দিশ নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে(+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক |টুইটাৰ |ইনষ্টাগ্ৰাম |গুগল নিউজ চেনেল |হোৱাটছএপ

Avatar

Title:মিছা খবৰ এয়া। ইংলেণ্ডৰ ছাউথপোৰ্টত শৰণাৰ্থী জিহাদী মুছলমানে দুটি ইংৰাজ খৃষ্টীয়ান শিশুক চোকা অস্ত্ৰৰে কাটি হত্যা কৰা নাই।

Written By: Pranjal Sharma

Result: False