
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ষ্ট্ৰেইট অৱ হৰমুজ পাৰ হ’বলৈ চেষ্টা কৰি ইৰাণৰ হাতত আটক হোৱা আমেৰিকাৰ এখন জাহাজৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– আমেৰিকাই দাদাগিৰি চলালে ষ্ট্ৰেইট অৱ হৰমুজতো। ইৰাণৰ ওচৰত হাৰ মানি আটক হল জাহাজ-নাৱিক। ইৰাণে বলবৎ কৰা ট্ৰেনজিত কৰ নিদি বলপুৰ্বকভাৱে দাদাগিৰি দেখুৱাই পলাই যাবলৈ চেষ্টা কৰোতে ইৰাণৰ সেনাৰ হাতত আটক হল আমেৰিকাৰ জাহাজ-নাৱিক।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি আজিৰ পৰা ৬ বছৰ পূৰ্বে ২০১৯চনৰ ২৪ জুলাইত এটা ইউিটিউৱ চেনেলত এই ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। ভিডিঅ’টোত লিখা বাৰ্মিজ ভাষাৰ কেপছনৰ অৰ্থ হৈছে -ইৰাণে বৰিছ জনছনক সকীয়াই দিছে যে ইৰাণে পাৰ্চী উপসাগৰীয় জলসীমাক সুৰক্ষা দিব। ইয়াৰ পৰাই আমি জানিব পাৰিলোঁ যে ভিডিঅ’টো শেহতীয়া নহয়, অতি কমেও ৬ বছৰ পুৰণি।

আনহাতে ২০১৯ৰ ২১ জুলাইত টুৰ্কিছ ভাষাত কেপছন লিখি একেটা ভিডিঅ’ ইউটিউৱত আপলোড কৰা আমি দেখিলোঁ। কেপছনৰ অৰ্থ হৈছে- ইৰানে ব্ৰিটিছৰ মালিকানাধীন টেংকাৰখন জব্দ কৰা মুহূৰ্তৰ ফুটেজ প্ৰকাশ কৰে।

এইবাৰ আমি Al Jazeera English ৰ ইউটিউৱ চেনেলত Iran seizes British oil tanker in Strait of Hormuz শীৰ্ষক এটা বাতৰি পালোঁ। বাতৰিৰ বিৱৰণ মতে- উপসাগৰীয় অঞ্চলত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে কয় যে তেওঁলোকৰ বাহিনীয়ে হৰমুজ প্ৰণালীত এখন ব্ৰিটিছ তেল টেংকাৰ বন্দী কৰিছে। আই আৰ জি চিৰ অফিচিয়েল ৱেবছাইট চেপাহনিউজে ঘোষণা কৰিছে যে ষ্টেনা ইম্পেৰো টেংকাৰখন “হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত হৰমুজগান বন্দৰ আৰু সামুদ্ৰিক সংস্থাৰ অনুৰোধত ৰিভল্যুচনেৰী গাৰ্ডে জব্দ কৰিছিল, আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক নিয়ম নমনাৰ বাবে”। ইয়াত কোৱা হৈছে টেংকাৰখনক “পাৰলৈ লৈ যোৱা হৈছিল আৰু আইনী পদ্ধতিৰ মাজেৰে যাবলৈ সংস্থাটোক গতাই দিয়া হৈছিল আৰু তদন্তৰ প্ৰয়োজন হৈছিল”। জাহাজখনৰ মালিক ষ্টেনা বাল্ক আৰু নৰ্দাৰ্ণ মেৰিন মেনেজমেণ্টে জনোৱা মতে, স্থানীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাত জাহাজখন জব্দ কৰে আৰু লগতে কয় যে তেওঁলোকে “বৰ্তমান জাহাজখনৰ সৈতে যোগাযোগ কৰিব পৰা নাই”। টেংকাৰ ট্ৰেকিং সেৱা মেৰিন ট্ৰেফিকে দেখুৱাইছে যে ব্ৰিটেইনৰ পতাকাযুক্ত, ছুইডেনৰ মালিকানাধীন ষ্টেনা ইম্পেৰ’ই শেষবাৰৰ বাবে স্থানীয় সময় অনুসৰি নিশা ৯ বজাত (১৬:৩০ জিএমটি) অতি স্পৰ্শকাতৰ জলপথত লাৰাক দ্বীপৰ ওচৰত নিজৰ স্থানৰ সংকেত দিছিল। কোম্পানীটোৰ বিবৃতিত লগতে কোৱা হৈছে যে জাহাজখনত ২৩ জন ক্ৰু মেম্বাৰ আছে। ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে উপসাগৰীয় অঞ্চলত কোনো ঘটনাৰ খবৰ পোৱাৰ পীছত আমি জৰুৰীভাৱে অধিক তথ্য বিচাৰিছোঁ আৰু পৰিস্থিতিৰ মূল্যায়ন কৰিছোঁ।

ইয়াৰ পৰাই আমি জানিব পাৰিলোঁ যে আজিৰ পৰা ৬ বছৰ পূৰ্বে হৰমুজ প্ৰণালীত এখন ব্ৰিটিজ জাহাজক ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে বন্দী কৰা দৃশ্য সেয়া।
এই ঘটনাটো সম্পৰ্কত আমি ৰয়টাৰত বাতৰি লাভ কৰিলোঁ। তাত জাহাজখনৰ খণ্ডচিত্ৰ সংলগ্ন কৰা আমি দেখিলোঁ।

স্কাইনিউজতো আমি এই সম্পৰ্কত বাতৰি লাভ কৰিলোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো ভিডিঅ’ অতি শেহতীয়াকৈ হৰমুজ প্ৰণালীত আমেৰিকাৰ জাহাজ জব্দ কৰা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ৬ বছৰ পূৰ্বে হৰমুজত এখন ব্ৰিটিছ জাহাজক সামুদ্ৰিক নিয়ম নমনাৰ ফলত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে কৰ্পছে জব্দ কৰা দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


