
কিংবদন্তি পৰ্তুগীজ ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো অহৰহ বাতৰিৰ শিৰোনামত থাকে। শেহতীয়াকৈ ক্ৰিষ্টিয়ানোৰ বিষয়ে বহু বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পাইছে। ইৰাণৰ আদালতে ক্রিষ্টিয়ানো ৰোনাল্ডোক ব্যভিচাৰৰ বাবে ৯৯টা কোবৰ শাস্তি প্ৰদান কৰিছিল বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে।
ৰোনাল্ডোৱে হুইল চেয়াৰত বহি থকা এগৰাকী মহিলাক সাৱটি ধৰি, তেওঁৰ সৈতে পোজ দিয়া আৰু নিজৰ দুখন প্ৰতিকৃতি হাতত লৈ আল নাছাৰ ফুটবল ক্লাবৰ জাৰ্চি উপহাৰ দিয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টো হোৱাটছএপত ভাইৰেল কৰি লিখা আছে, “ক্রিষ্টিয়ানো ৰোনাল্ডোক এখন ছবি দিয়া এগৰাকী অবিবাহিত মহিলা ফাটিমা হামামীক স্পৰ্শ কৰাৰ বাবে ইৰানে ৯৯ টা কোবৰ শাস্তি প্ৰদান কৰে।”

একেটা দাবী উত্থাপন কৰা এক্স টুইটো আমি লাভ কৰিলোঁ
কিন্তু এই দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আৰম্ভনীতে আমি ছবি অঁকা সেই শিল্পীগৰাকীৰ সৈতে ক্রিষ্টিয়ানো ৰোনাল্ডোৰ সাক্ষাৎ সন্দৰ্ভত কী-ৱৰ্ড চাৰ্চ কৰিলোঁ আৰু সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ একাধিক প্ৰতিবেদন পালোঁ। ২১ ছেপ্টেম্বৰত প্ৰকাশ হোৱা ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, “১৯ ছেপ্টেম্বৰত তেহৰাণত থকা আল নাছাৰ দলৰ মিছন মুখ্য কাৰ্যালয়ত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ফাটিমা হামামীক লগ পায়। চিত্ৰশিল্পী ফাটিমা হামামী ক্রিষ্টিয়ানো ৰোনাল্ডোৰ এগৰাকী অনুৰাগী৷ ৮৫ শতাংশ পক্ষাঘাতগ্ৰস্ত ইৰাণী শিল্পীগৰাকীয়ে ভৰি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা সেই ব্যতিক্ৰমী প্ৰতিকৃতিৰ বাবে বহু প্ৰশংসা লাভ কৰে। আল নাছাৰ আৰু ইৰাণৰ পাৰ্চেপলিছ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা খেলৰ পূৰ্বে হৈছিল এই সাক্ষাৎ। হামামীয়ে ৰোনাল্ডোক তেওঁ প্ৰস্তুত কৰা দুখন প’ৰ্ট্ৰেইট দিছিল। বিনিময়ত ফুটবলাৰগৰাকীয়ে তেওঁক এটা ৭নম্বৰ আল-নাছাৰৰ জাৰ্ছি দিছিল, যিটোত তেওঁ চহী কৰিছিল”।

ইয়াৰ পিছত আমি আৰু অধিক অনুসন্ধান কৰিলোঁ আৰু স্পেইনত থকা ইৰাণৰ দূতাবাসৰ অফিচিয়েল একাউণ্টত ইৰাণত এগৰাকী মহিলাক স্পৰ্শ কৰাৰ বাবে ৰোনাল্ডোৱে ৯৯টা কোবৰ সন্মুখীন হোৱাৰ বাতৰি অস্বীকাৰ কৰা তথ্য পালোঁ। স্পেনিছ ভাষাত কৰা এই টুইটটো এনেদৰে অনুবাদ কৰিব পাৰোঁ যে, “ইৰাণৰ যিকোনো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ বিৰুদ্ধে কোনো আদালতৰ ৰায় জাৰি কৰাটো আমি তীব্ৰভাৱে অস্বীকাৰ কৰিছোঁ। এনে ভিত্তিহীন বাতৰি প্ৰকাশ কৰাটো মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু নিপীড়িত পেলেষ্টাইনী জাতিটোৰ বিৰুদ্ধে যুদ্ধাপৰাধক ছাঁ দিব খোজাটো এক চিন্তাৰ বিষয়। মন কৰিবলগীয়া যে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ১৮ আৰু ১৯ ছেপ্টেম্বৰত এখন চৰকাৰী ফুটবল খেল খেলিবলৈ ইৰাণলৈ গৈছিল আৰু জনসাধাৰণ আৰু কর্তৃপক্ষই তেওঁক অতিকৈ সমাদৰ কৰিছিল৷ ফাটিমা হামামিৰ সৈতে তেওঁৰ আন্তৰিক আৰু মানৱীয় সাক্ষাৎকাৰকো জনসাধাৰণ আৰু দেশৰ ক্ৰীড়া কৰ্তৃপক্ষ উভয়ে প্ৰশংসা কৰে”।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ক্রিষ্টিয়ানো ৰোনাল্ডোক ইৰাণে কোনো শাস্তি দিয়া নাই৷ স্পেইনত থকা ইৰাণৰ দূতাবাসে তেওঁলোকৰ দেশৰ কোনো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ বিৰুদ্ধে এনে কোনো আদালতৰ ৰায়ৰ কথা অস্বীকাৰ কৰিছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এগৰাকী মহিলা শিল্পীক সাৱটি ধৰাৰ বাবে ক্ৰিষ্টিয়ানো ৰোনাল্ডোক ইৰাণে ৯৯টা কোবৰ শাস্তি প্ৰদান কৰাটো সত্যনে? জানক
Written By: Pranjal SharmaResult: False
