শেহতীয়াভাৱে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। ভাৰতীয় মহিলা হকী দলটোৱে কোনো এখন খেলত জয়লাভৰ অন্তত ট্ৰফীটো হাতত লৈ আনন্দ উল্লাস কৰা ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে ভাৰতীয় মহিলা হকী দলটোৱে মহিলা হকীৰ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ভাৰতীয়া ক্ৰিকেট দলটোক পৰাস্ত কৰাৰ পোতক তুলিলে।

এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো আপলোড কৰি কেপছনত লিখিছে এইদৰে-অৱশেষত আমাৰ মহিলা হকী দলে অষ্ট্ৰেলিয়াক হৰুৱাই ১৪০কোটি মানুহৰ প্ৰতিশোধ পূৰণ কৰিলে।

Facebook LinkArchived Link

আন এটা ফেচবুক পেজেও একেই দাবী কৰি লিখিছে-আমি ক্ৰিকেট বিশ্বকাপত পৰাজিত হৈছে, সেয়া দুখজনক। কিন্তু ইয়াৰ মাজতে, ভাল খবৰটো হ'ল যে ভাৰতীয় হকী দলে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি "মহিলা হকী বিশ্ব চেম্পিয়নশ্বিপ"ত বিজয়ী হৈছে। আমাৰ দেশৰ ছোৱালীবোৰে প্ৰতিশোধ লৈছে।

Facebook Link Archived Link

অনুৰূপভাৱে আন এটা ফেচবুক পেজে নিজৰ ৰীলত এই ভিডিঅ’টো আপলোড কৰি একেই দাবী উত্থাপন কৰিছে।

Facebook Link Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে ভিডিঅ’টোক কী-ফ্ৰেমত ভাগ কৰি ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো একাধিক স্থানত আপলোড হৈ থকা ৰূপত পালোঁ। The Economic Timesঅৰ ইউটিউৱ শ্বৰ্টছত এই ভিডিঅ’টো আপলোড কৰি কোৱা হৈছে যে ভাৰতীয় মহিলা হকী দলটোৱে জাপানৰ বিৰুদ্ধে ৪-০ গ’লৰ ব্যৱধানত জয়লাভ কৰি এছিয়ান ছেম্পিয়নছ ট্ৰফী দখল কৰিছে। ইউটিউৱ শ্বৰ্টটো আপোনালোকে ইয়াত চাব পাৰিব।

একেই তথ্যৰে Business Todayই নিজৰ ফেচবুক ৰীলত সেই ভিডিঅ’টো আপলোড কৰা আমি দেখা পালোঁ। সেই ৰীলটো আপোনালোকে ইয়াত চাব পাৰিব।

এই তথ্যৰ আঁত ধৰি আমি কেইটামান প্ৰাসংগিক শব্দ লৈ গুগলত ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একাধিক বাতৰি পালোঁ। সেই প্ৰতিবেদনসমুহত ঝাৰখণ্ডৰ ৰাছিত অনুস্থিত হোৱা এছিয়ান ছেম্পিয়নছ ট্ৰফীত ভাৰতীয় মহিলা হকী দলে জাপানৰ দলটোক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চুড়ান্ত বিজয়ী হোৱাৰ সবিশেষ তথ্য উল্লেখ কৰা হৈছে। হিন্দুস্থান টাইমছৰ প্ৰতিবেদন ইয়াত পঢ়িবলৈ পাব।

SPORTSTAR ৱেবটাইটতো সেই বাতৰিটো আমি লাভ কৰিলোঁ। ইয়াত সেই প্ৰতিবেদন পঢ়িবলৈ পাব।

ইয়াৰ পাছত আমি ইউটিউৱত সেই খেলখন সন্দৰ্ভত তথ্য বিচাৰি চালোঁ। তেতিয়া Soni LIV আৰু Sportsworkzত সেই খেলখনৰ হাইলাইটৰ ভিডিঅ’ পালোঁ।

কিন্তু দাবী কৰা ধৰণে ২৪ নৱেম্বৰ বা তাৰ আগত ভাৰতীয় হকী দলে অষ্ট্ৰেলিয়াৰ হকী দলক মহিলা হকী বিশ্বকাপত পৰাস্ত কৰা কোনো বাতৰি লাভ নকৰিলোঁ। ১৯৭৪ চনৰ পৰা ২০২২লৈ অনুস্থিত হৈ থকা মহিলা হকী বিশ্বকাপত এতিয়ালৈ কেতিয়াও ভাৰতীয় দলে চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

অৰ্থাত ২০২৩ চনত মহিলা হকী বিশ্বকাপ আয়োজন কৰায়ে হোৱা নাই। তদুপৰি ১৯৭১ চনৰ পৰা ২০২৩ চনলৈ আয়োজন হৈ অহা পুৰুষৰ হকী বিশ্বকাপতো ভাৰতে কেৱল ১৯৭৫ চনত মালয়েছিয়াত আয়োজিত বিশ্বকাপৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছিল। তাৰ পাছত আৰু জয়লাভ কৰা নাই।

উল্লেখযোগ্য যে ২০২৩ চনত মহিলা হকীৰ জুনিয়ৰ বিশ্বকাপ হে আয়োজন হ’বলৈ গৈ আছে। ২২ নৱেম্বৰত ভাৰতীয় মহিলা হকীৰ জুনিয়ৰ দলে ইতিমধ্যেই সেই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ চিলিলৈ ৰাওনা হৈছে। অহা ২৯ নৱেম্বৰত বেলজিয়ামৰ বিৰুদ্ধে ভাৰতে জুনিয়ৰ হকী বিশ্বকাপ অভিযান আৰম্ভ কৰিব।

এই সকলো তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে ২০২৩ চনত মহিলা হকী বিশ্বকাপ আয়োজনেই হোৱা নাই আৰু ভাৰতীয় মহিলা হকী দলে বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াক ফাইনেলত পৰাস্ত কৰা নাই। ভাইৰেল হোৱা ভিডিঅ’টো ঝাৰখণ্ডৰ ৰাচীত অনুস্থিত হোৱা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ হে। সেই খেলখনত ভাৰতীয়া মহিলা হকী দলে জাপানক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো আংশিকভাৱে মিছা। ভাইৰেল ভিডিঅ’টো ঝাৰখণ্ডৰ ৰাচীত অনুস্থিত হোৱা এছিয়ান ছেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতে জাপানক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চুড়ান্ত বিজয়ী হোৱাৰ পাছত কৰা আনন্দৰ। ২০২৩ চনত মহিলা হকী বিশ্বকাপ আয়োজনেই হোৱা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মহিলা হকী বিশ্বকাপৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰা দাবীটো সঁচা নহয়।

Written By: Pranjal Sharma

Result: Partly False