শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা অশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। বাংলাদেশত হিন্দু মহিলাক অত্যাচাৰ কৰা বুলি দাবী কৰি কিছুমান ভিডিঅ’ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰা দেখা গৈছে। এটা ফেচবুক ভিডিঅ’ পোষ্টত তেনেকুৱা দুটা ভিডিঅ’ সংলগ্ন কৰি আপলোড কৰা হৈছে আৰু দাবী কৰা হৈছে যে সেয়া বাংলাদেশত হিন্দু মহিলাৰ ওপৰত কৰা অত্যাচাৰৰ দৃশ্য। পোষ্টটোত লিখিছে-*বাংলাদেশত ছাত্ৰ আন্দোলনৰ নামত সংখ্যালঘু হিন্দু মহিলাৰ ওপৰত নিৰ্যাতন*।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcL1yZmjPiqmkwr8D2yAQ8GDWWMv3i4nrJltYsr2Ar-B6QVFj7etPcT_v8aHxhpXInPZljCQnn8CwYq_hRWlN_S39LpkqslleIAI6ho9bFzAdHeoN8sK6G1ghUIK-irqlvpKGxpXUcSm_pflVP83Zlh6TU?key=s0FEEx-wFnmK9w-JaVn4pg

Facebook LinkArchived Link

আন এটা ফেচবুক পেজতো অনুৰূপ ধৰণে সেই ভিডিঅ’ ক্লিপ দুটা ব্যৱহাৰ কৰি বাংলাদেশত হিন্দু মহিলাক অত্যাচাৰ কৰা বুলি দাবী কৰা হৈছে। লিখিছে- বাংলাদেশত আকৌ লংঙ্কা কাণ্ড।বাংলাদেশত ছাত্ৰ আন্দোলনৰ নামত সংখ্যালঘু হিন্দু মহিলাৰ ওপৰত নিৰ্যাতন ।অনুষ্ঠান মন্দিৰৰ ওপৰত আক্ৰমণ কৰাৰ পিছত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিল বাংলাদেশৰ সংখ্যালঘু হিন্দু সকলোৱে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfL9fd8E_qnZf2kWY9i3JeIhBn4JL1KpQkSgcuk7pd9k2lYkraUzv2mAcD_ygz3-YP2RKvC7JJJcR8w6Uw3wigfHM75MnyACuTFXhmvSWyKxoFNDLvdJxDHaNkeQrcjwRYLznf2RM-AQF5d9tJKKQoCFR2i?key=s0FEEx-wFnmK9w-JaVn4pg

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

এই অনুসন্ধানত আমি দুটা ভিডিঅ’ৰ সত্যতা বিচাৰ কৰিবলগীয়া হৈছে। প্ৰথমটো ভিডিঅ’ত দেখা গৈছে এগৰাকী গেৰুৱা বস্ত্ৰ পৰিহিতা মহিলা। তেওঁক একাংশ লোকে ঘেৰি ধৰিছে আৰু কাণত ধৰি উঠা-বহা কৰোৱাইছে। আনহাতে দ্বিতীয়টো ভিডিঅ’ত এগৰাকী ক’লা বস্ত্ৰ পৰিহিতা মহিলাক একে ধৰণেৰে একাংশ লোকে আগুৰি ধৰি কাণত ধৰোৱাই উঠা-বহা কৰোৱাইছে।

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা প্ৰথম ভিডিঅ’টো বিশেষ কাৰিকৰী উপায়েৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি বাংলাদেশৰ সাংবাদিক Mahdy Hasan Talhaৰ এটা ফেচবুক ভিডিঅ’ পোষ্ট পালোঁ। তাত সেই গেৰুৱা বস্ত্ৰ পৰিহিতা মহিলাগৰাকীক কাণত ধৰি উঠা-বহা কৰোৱা দেখা গৈছে। তাত লিখা হৈছে-পালাতে চেয়েছিলেন ইডেন মহিলা কলেজ ছাত্রলীগের নেত্রী সাগরিকা আক্তার, কিন্তু সাধারণ শিক্ষার্থীরা তাকে আটকে কান ধরে উঠবস করিয়েছেন। (পলাব বিচাৰিছিল ইডেন মহিলা কলেজৰ ছাত্ৰলীগৰ নেত্ৰী সাগৰিকা আক্তাৰ, কিন্তু সাধাৰণ শিক্ষাৰ্থীয়ে তেওঁক আটক কৰি কাণত ধৰি উঠা-বহা কৰোৱাইছে। সেই পোষ্টটো দিয়া হৈছিল ১৭ জুলাই ২০২৪ত। অৰ্থাত বাংলাদেশৰ অশান্তিজৰ্জৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ কিছুদিন আগতেই সেই ঘটনা ঘটিছিল। তদুপৰি মহিলাগৰাকীৰ নামৰ পৰা তেওঁ হিন্দু নহয় বুলিও অনুমান কৰা হৈছে।

অনুসন্ধানত আমি সাগৰিকা আক্তাৰৰ পৰিচয়পত্ৰখন লাভ কৰিলোঁ। সেইখন পৰীক্ষা কৰি আমি নিশ্চিত হৈছোঁ যে তেওঁ হিন্দু মহিলা নহয়,বৰং ইছলাধৰ্মী হে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfRnlyXxo8NdYrJeQtjMFefPDDmGr8WaV-cd8frH8btzniMrRGIm0MDQdQ6coS4zHe9GPy0Otrup9jQxxX38z0CZC5RoAo3-2uMti1qGyH9sMrRvtGvKUAtx8dsaAzq2rEzDRNsyzmjfeH_6OALX85PcqRJ?key=s0FEEx-wFnmK9w-JaVn4pg

তদুপৰি বাংলাদেশৰ আন এগৰাকী সাংবাদিক তথা ফেক্ট ছেকাৰ Shohanur Rahman এটা টুইটৰ ৰিপ্লাই কৰি দিয়া টুইট এটা পালোঁ য’ত তেওঁ উল্লেখ কৰিছে যে সেই মহিলাগৰাকী হিন্দু মহিলা নহয়, বৰং ছাত্ৰলীগৰ নেত্ৰী সাগৰিকা আক্তাৰ আৰু তেওঁ মুছলমান।

এইখিনি তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে সেই মহিলাগৰাকী এগৰাকী মুছলমান মহিলা আৰু তেওঁ ছাত্ৰলীগৰ নেত্ৰী।

এইবাৰ আমি দ্বিতীয় ভিডিঅ’টোৰ সত্যতা নিৰূপণৰ বাবে অনুসন্ধান আৰম্ভ কৰিলোঁ। এই ভিডিঅ’টোৰো কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোঁচো আমি একাধিক লিংক লাভ কৰিলোঁ। তাৰে এটা লিংক পৰীক্ষা কৰি আমি জানিব পাৰিলোঁ যে ক’লা বস্ত্ৰ পৰিধান কৰা সেই মহিলাগৰাকী ছাত্ৰলীগৰে এগৰাকী নেত্ৰী।

আন এটা ভিডিঅ’ আমি লাভ কৰিলোঁ য’ৰ পৰা আমি তেওঁৰ পৰিচয়টো জানিব পাৰিলোঁ। সেই ভিডিঅ’ৰ মতে তেওঁ নাম হৈছে আফচানা ইবাদ। অৰ্থাত তেওঁ এগৰাকী মুছলমান মহিলা। তেওঁ ছাত্ৰলীগৰ নেত্ৰী।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXew4wS2hk_QbeQZU8-McSdiUhhz1ELvNvGxMBMfcfA4ItqJJub5TMmVl1gCBu43__GhD_Irgp4wu4D_Og2FwONJtb-pgV_ivjc0MJr1lj6b2pQsbA-k0-2ZtvI-KEbw6OFdK_FkmuheXlAyVCSs005n2jW_?key=s0FEEx-wFnmK9w-JaVn4pg

সেই ভিডিঅ’টো আপোনালোকে তলত চাব পাৰিব।

এইখিনি তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ অসমত শ্বেয়াৰ কৰি তাত শাস্তি প্ৰদান কৰা মহিলা দুগৰাকী হিন্দু মহিলা বুলি দাবী কৰা হৈছিল, সেই দাবীটো অসত্য। মহিলা দুগৰাকী হিন্দু মহিলা নহয়। দুয়ো মুছলমান আৰু দুয়ো বাংলাদেশ ছাত্ৰলীগৰ নেত্ৰী।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। মহিলা দুগৰাকী হিন্দু মহিলা নহয়। দুয়ো মুছলমান আৰু দুয়ো বাংলাদেশ ছাত্ৰলীগৰ নেত্ৰী।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলাদেশ ছাত্ৰলীগৰ দুই মুছলমান ধৰ্মৰ নেত্ৰীৰ ভিডিঅ’ হিন্দু মহিলাৰ ওপৰত অত্যাচাৰ বুলি ভাইৰেল কৰা হৈছে।

Fact Check By: Pranjal Sharma

Result: False