শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত বাংলাদেশত মুছলমান মহিলাই হিন্দু মহিলাক অত্যাচাৰ কৰা দেখা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdFpNWHGo7KWkoYvY3z4E3oRlbbft-YAq8F88w2FWWo1K3SRYf01NinRU_KT0MfcpM4kIcFuBKJJDsF7CUWXRS9ARrWacqKU7jok-QNORq1wETTeffLt3knExBBNrmAh8Po4Nd5b4uT2FfjCNiu4ERXypVQ?key=xrYQU5Z4BaFLZML3-EQAzA

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা ভিডিঅ’টো বিশেষ কাৰিকৰী উপায়েৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি এটা ইউটিউৱ লিংক লাভ কৰিলোঁ। Dhaka Age নামৰ চেনেলটোত চলিত বৰ্ষ ২০২৪ চনৰ ১৭জুলাই অৰ্থাত প্ৰায় তিনি মাহ পূৰ্বে আপলোড কৰা এটা ভিডিঅ’ পালোঁ। সেই ভিডিঅ’টো হৈছে ভাইৰেল ভিডিঅ’টোৰ পূৰ্ণাংগ ৰূপ। সেই ভিডিঅ’টোৰ পৰা জানিব পাৰিলোঁ যে বাংলাদেশৰ বদৰুন্নেছা মহাবিদ্যালৰ ছাত্ৰলীগৰ নেত্ৰী কেইগৰাকীমানক অন্য শিক্ষাৰ্থীয়ে এইদৰে বান্ধি ৰাখিছিল।

Archived Link

তদুপৰি ১৮জুলাই,২০২৪ত NewsPlus Bengali নামৰ ইউটিউৱ চেনেলটোত একেটা ভিডিঅ’ আপলোড কৰি থোৱা ৰূপতো আমি পালোঁ। তাতো উল্লেখ কৰা হৈছে যে সেয়া ছাত্ৰলীগৰ নেত্ৰীক বান্ধি থোৱা ভিডিঅ’।

Archived Link

আমি আমাৰ অনুসন্ধান আগুৱাই নিয়াত আন একাধিক বাতৰি লাভ কৰিলোঁ। তাৰে দৈনিক কালবেলা নামৰ এক সংবাদ মাধ্যমৰ এক বাতৰিৰ পৰা জানিব পৰা গ’ল যে বদৰুন্নেছা মহিলা মহাবিদ্যালয়ৰ ছাত্ৰলীগৰ দুই নেত্ৰীৰ বিৰুদ্ধে মহাবিদ্যালয়খনত আক্ৰমণৰ এক ঘটনাক উচটনি দিয়াৰ অভিযোগ প্ৰমাণিত হোৱাত অন্য ক্ষুদ্ধ ছাত্ৰীসকলে তেওঁলোকক এইদৰে খুটাত বান্ধি শাস্তি প্ৰদান কৰিছিল। সেই ঘটনাৰ সৈতে কোনো ধৰ্মীয় সংযোগৰ উল্লেখ বাতৰিটো নাই। সেয়া মহাবিদ্যালয়খনৰ আভ্যন্তৰিণ এক বিষয়।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfoOpfWgLBH3voxjYMKbIuKAxoQ9qV6Z3_lAyjD1svn8LuzAbdY5vGukVxhY1W1jAYHIc1ZWbQksKbW4vddVzSJofedxBpKGlEL26ymKrCdEWNjP7geTvjD8mtuWj9QoIozEGQfDW-yDaxKKr3jdfoIxPMy?key=xrYQU5Z4BaFLZML3-EQAzA

আনহাতে ঢাকা পোষ্ট নামৰ সংবাদ মাধ্যমৰ বাতৰিতো সেই একেই কথা উল্লেখ কৰা হৈছে। এই বাতৰিটোতো আমি কোনোধৰণৰ সাম্প্ৰদায়িক দিশৰ উল্লেখ নাপালোঁ। তাতো মহাবিদ্যালয়খনত সংঘটিত আক্ৰমণৰ ঘটনাত ইন্ধন যগোৱাৰ অভিযোগত দুই ছাত্ৰলীগ নেত্ৰীক আন ছাত্ৰীয়ে বান্ধি থোৱা কথা হে উল্লেখ কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdXZIb2F3WfyOf8ABrj6Ze0RGGVntKj-3gw06xzGHzHzgjEb_rWjRuOnPozC8agTtNjOnq-CDN7C11xVIDn90spza9Wi4tczeRu6E2sVGF0rXhlUM3HBmTiBoUfBID4NEKNmP2d2QRaRr1-cWTR7qLGgNI?key=xrYQU5Z4BaFLZML3-EQAzA

এই সমস্ত তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ বাংলাদেশত হিন্দু মহিলাৰ ওপৰত মুছলমান মহিলাৰ অত্যাচাৰ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো এতিয়াৰ নহয়। সেইটো তিনি মাহ পুৰণি আৰু তাৰ কোনো সাম্প্ৰদায়িক দিশ নাই। এখন মহাবিদ্যালয়ৰ এক আভ্যন্তৰীণ বিষয়ত এইদৰে দুই ছাত্ৰনেত্ৰীক অন্য ছাত্ৰীয়ে বান্ধি থৈছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভিডিঅ’ত দেখা ঘটনাটোৰ কোনো সাম্প্ৰদায়িক দিশ নাই। সেয়া ২০২৪ৰ জুলাই মাহত বদৰুন্নেছা মহাবিদ্যালয়ত হোৱা আক্ৰমণৰ এক ঘটনাক উচটনি দিয়াৰ দোষত দুই ছাত্ৰলীগ নেত্ৰীক অইন ছাত্ৰীয়ে খুটাত বান্ধি শাস্তি দিয়া দৃশ্যহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলাদেশত হিন্দু মহিলাক এইদৰে মুছলমান মহিলাই শাস্তি দিয়া বুলি কৰা দাবীটো মিছা।

Fact Check By: Pranjal Sharma

Result: False